সম্প্ৰতি ছাত্ৰ-ছাত্ৰীৰ বৰ্ধিত আত্মহননৰ প্ৰৱনতা উদ্বেগজনক হৈ পৰিছে। ভাৰতৰ শিক্ষানুষ্ঠানসমূহত দিনক দিনে বৃদ্ধি পাই থকা ছাত্ৰ আত্মহত্যাৰ ঘটনাই সমাজ, পৰিয়াল আৰু চৰকাৰৰ সন্মুখত প্ৰশ্ন উত্থাপিত হৈছে যে আমাৰ যুৱ প্ৰজন্ম মানসিকভাৱে কিমান সুৰক্ষিত? নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এনচিআৰবি)ৰ ২০২৩ চনৰ তথ্য অনুসৰি, বিগত দশকত অসমত ছাত্ৰ আত্মহত্যাৰ সংখ্যা ৬৫% বৃদ্ধি পাই ১৩,৮৯২ জন হৈছে। এই সংখ্যা সকলো আত্মহত্যাৰ প্ৰায় ৮% অংশ যি ৰাষ্ট্ৰীয় হাৰৰ তুলনাত বহুগুণে বেছি।
এই তথ্যসমূহে যুৱক-যুৱতীৰ মাজত ক্ৰমাগতভাৱে বৃদ্ধি পাই থকা মানসিক স্বাস্থ্যৰ সংকটে এক ভয়ঙ্কৰ বাস্তৱক উন্মোচন কৰিছে। বিশেষজ্ঞসকলৰ মতে, ইয়াৰ মূল কাৰণ হৈছে তীব্ৰ শৈক্ষিক চাপ, পৰিয়ালৰ আশা-আকাঙ্ক্ষা, সমাজিক ককৰ্থনা, আৰু চিকিৎসা বা ব্যৱস্থাগত সমৰ্থন অভাৱ।
এনচিআৰবিৰ তথ্য অনুসৰি, ২০১৩ চনত ৮,৪২৩ জন ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা নথিভুক্ত হৈছিল। ২০২৩ চনৰ ভিতৰতে এই সংখ্যা বৃদ্ধি পাই ১৩,৮৯২লৈ আহিছে—৬৪.৯% বৃদ্ধি। একে সময়তে দেশৰ সামগ্ৰিক আত্মহত্যাৰ হাৰ মাত্ৰ ২৩% বৃদ্ধি পাইছে।
| বছৰ | ছাত্ৰ আত্মহত্যা | সকলো আত্মহত্যাৰ % | বাৰ্ষিক বৃদ্ধি (%) |
| ২০১৩ | ৮,৪২৩ | ৬.২% | – |
| ২০১৯ | ১০,৩৩৫ | ৭.৪% | +৪.৫ |
| ২০২২ | ১৩,০৪৪ | ৭.৬% | +৬.৫ |
| ২০২৩ | ১৩,৮৯২ | ৮.১% | +৬.৫ |
বিশেষজ্ঞসকলৰ মতে, এই সংখ্যা সমূহে সম্পূৰ্ণ চিত্ৰ প্ৰতিফলিত নকৰে। বিশেষকৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰামাঞ্চলত বহু ঘটনা নথিভুক্ত নোহোৱাৰ ববে এই পৰিসংখ্যা অসম্পূৰ্ণ।
গুৱাহাটি মেডিকেল কলেজ হস্পিটেল (জিএমচিএইচ)-ৰ মনোৰোগ বিশেষজ্ঞ ড° সুৰেশ চক্ৰৱৰ্তীয়ে কয় যে, “মানসিক অসুস্থতা চিকিৎসাযোগ্য, কিন্তু সমাজৰ ভয়ে চিকিৎসাৰ পথত বাধা দিছে।”
তেওঁ উল্লেখ কৰে, ১৮–২৫ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকল বৰ্তমান সৰ্বাধিক দুৰ্বল গোট। শৈক্ষিক প্ৰতিযোগিতা, নিঃসঙ্গতা আৰু পৰিয়ালৰ হেঁচাই একেলগে মানসিক চাপ বৃদ্ধি কৰিছে। তেওঁ অভিভাৱক আৰু শিক্ষকসকলক মুকলি আলাপ আৰু সহানুভূতিপূৰ্ণ পৰিৱেশ গঢ়ি তোলাৰ আহ্বান জনায়।
গৱেষণা অনুসৰি কয়, প্ৰতিযোগিতামূলক পৰীক্ষা, পৰিয়ালৰ প্রত্যাশা আৰু সামাজিক তুলনাই যুৱ মনলৈ ভয় আৰু হতাশাৰ সৃষষ্টি কৰে। প্ৰকশিত তথ্য অনুসৰি-
- প্ৰতি ৩৮ জনত এটা ছাত্ৰ প্ৰতিদিন আত্মহত্যা কৰে
- ৭০% শিক্ষাৰ্থী “ব্যৰ্থতাৰ ভয়”ক প্ৰধান কাৰণ হিচাপে উল্লেখ কৰে।
- ৪৪% উচ্চ মাধ্যমিক ছাত্ৰ-ছাত্ৰী বিষণ্ণতাৰ লক্ষণ দেখুৱাইছে।
উল্লেখ্য যে ভাৰতত প্ৰতি ১ লাখত মাত্ৰ ০.৭৫ জন মনোৰোগ বিশেষজ্ঞ আছে, যিয়ে ডব্লিউএইচওৰ মানদণ্ড (৩+)ৰ পৰা বহু তলত। ফলস্বৰূপে অধিকাংশ ছাত্ৰ চিকিৎসা নোপোৱাকৈ আত্মহত্যাৰ দিশে ধাল খায়।
২০২৫ চনৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ে “ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাক” ৰাষ্ট্ৰীয় সংকট হিচাপে ঘোষণা কৰি, ইয়াক “সাংবিধানিক ক্ষতি” বুলি অভিহিত কৰে। আদালতে ১০ সদস্যীয় ৰাষ্ট্ৰীয় টাষ্ক ফৰ্চ গঠনৰ নিৰ্দেশ দিছে, যিয়ে সকলো শিক্ষানুষ্ঠানত মানসিক স্বাস্থ্য প্ৰটোকল প্ৰয়োগ কৰিব।
বিচাৰপীঠে স্পষ্টকৈ উল্লেখ কৰিছে যে, মানসিক স্বাস্থ্য হৈছে জীৱনৰ অধিকাৰৰ অংশ, আৰু প্ৰতিষ্ঠানসমূহে ইয়াৰ দায়িত্ব ল’ব লাগিব। কিন্তু বাস্তৱত, ভাৰতৰ কেৱল ২০% কলেজত নিয়মিত কাউন্সেলিংৰ ব্যৱস্থা আছে।
বিশেষজ্ঞসকলৰ মতে, আগতীয়াকৈ চিনাক্তকৰণ আৰু সমালোচনা বা ককৰ্থনা হ্ৰাস হ’লে নিশ্চিতাভাৱে জীৱন ৰক্ষা কৰিব পাৰে।
- বিদ্যালয় পাঠ্যক্ৰমত মানসিক স্বাস্থ্য শিক্ষা একত্ৰিত কৰা,
- পিয়াৰ সাপৰ্ট গোট গঠন,
- ২৪/৭ হেল্পলাইন (যেনে ১৪৪১৬) সক্ৰিয় কৰা,
- পৰিয়ালৰ সৈতে আলাপ বৃদ্ধি কৰা—এই পদক্ষেপসমূহে বহুত জীৱন ।
বিশ্ব মানসিক স্বাস্থ্য দিৱস ২০২৫ চনৰ বিষয় বস্তু “সেৱাৰ প্ৰৱেশাধিকাৰ – বিপৰ্যয় আৰু জৰুৰীকালীন অৱস্থাত মানসিক স্বাস্থ্য” বৰ্তমানৰ পৰিস্থিতিৰে সৈতে সঙ্গতিপূৰ্ণ। যিহেতু এইবিলাক চিকিৎসাযোগ্য ৰোগ কিন্তু প্ৰকাশ নকৰাৰ বাবে মৃত্যু ঘটিছে।” প্ৰত্যেকটো আত্মহত্যাৰ পিছত আছে এক যন্ত্ৰণা, এক অসাহায় মন। এই সংকটৰ একমাত্ৰ প্ৰতিকাৰ সহানুভূতি, আলাপ আৰু সময়োপযোগী চিকিৎসা। প্ৰত্যেকৰে জীৱন অমূল্য, আৰু সকোলোৰে সুস্থভাৱে জীয়াই থকাৰ অধিকাৰ আছে।



