• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মানসিক স্বাস্থ্য সংকট! বৃদ্ধি পাইছে ছাত্ৰ-ছাত্ৰীৰ আত্মহননৰ প্ৰৱণতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2025 7:30 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি ছাত্ৰ-ছাত্ৰীৰ বৰ্ধিত আত্মহননৰ প্ৰৱনতা উদ্বেগজনক হৈ পৰিছে। ভাৰতৰ শিক্ষানুষ্ঠানসমূহত দিনক দিনে বৃদ্ধি পাই থকা ছাত্ৰ আত্মহত্যাৰ ঘটনাই সমাজ, পৰিয়াল আৰু চৰকাৰৰ সন্মুখত প্ৰশ্ন উত্থাপিত হৈছে যে আমাৰ যুৱ প্ৰজন্ম মানসিকভাৱে কিমান সুৰক্ষিত? নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এনচিআৰবি)ৰ ২০২৩ চনৰ তথ্য অনুসৰি, বিগত দশকত অসমত ছাত্ৰ আত্মহত্যাৰ সংখ্যা ৬৫% বৃদ্ধি পাই ১৩,৮৯২ জন হৈছে। এই সংখ্যা সকলো আত্মহত্যাৰ প্ৰায় ৮% অংশ যি ৰাষ্ট্ৰীয় হাৰৰ তুলনাত বহুগুণে বেছি।

এই তথ্যসমূহে যুৱক-যুৱতীৰ মাজত ক্ৰমাগতভাৱে বৃদ্ধি পাই থকা মানসিক স্বাস্থ্যৰ সংকটে এক ভয়ঙ্কৰ বাস্তৱক উন্মোচন কৰিছে। বিশেষজ্ঞসকলৰ মতে, ইয়াৰ মূল কাৰণ হৈছে তীব্ৰ শৈক্ষিক চাপ, পৰিয়ালৰ আশা-আকাঙ্ক্ষা, সমাজিক ককৰ্থনা, আৰু চিকিৎসা বা ব্যৱস্থাগত সমৰ্থন অভাৱ।

Apply Now

এনচিআৰবিৰ তথ্য অনুসৰি, ২০১৩ চনত ৮,৪২৩ জন ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা নথিভুক্ত হৈছিল। ২০২৩ চনৰ ভিতৰতে এই সংখ্যা বৃদ্ধি পাই ১৩,৮৯২লৈ আহিছে—৬৪.৯% বৃদ্ধি। একে সময়তে দেশৰ সামগ্ৰিক আত্মহত্যাৰ হাৰ মাত্ৰ ২৩% বৃদ্ধি পাইছে।

বছৰছাত্ৰ আত্মহত্যাসকলো আত্মহত্যাৰ %বাৰ্ষিক বৃদ্ধি (%)
২০১৩৮,৪২৩৬.২%–
২০১৯১০,৩৩৫৭.৪%+৪.৫
২০২২১৩,০৪৪৭.৬%+৬.৫
২০২৩১৩,৮৯২৮.১%+৬.৫

বিশেষজ্ঞসকলৰ মতে, এই সংখ্যা সমূহে সম্পূৰ্ণ চিত্ৰ প্ৰতিফলিত নকৰে। বিশেষকৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰামাঞ্চলত বহু ঘটনা নথিভুক্ত নোহোৱাৰ ববে এই পৰিসংখ্যা অসম্পূৰ্ণ।

গুৱাহাটি মেডিকেল কলেজ হস্পিটেল (জিএমচিএইচ)-ৰ মনোৰোগ বিশেষজ্ঞ ড° সুৰেশ চক্ৰৱৰ্তীয়ে কয় যে, “মানসিক অসুস্থতা চিকিৎসাযোগ্য, কিন্তু সমাজৰ ভয়ে চিকিৎসাৰ পথত বাধা দিছে।”

তেওঁ উল্লেখ কৰে, ১৮–২৫ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকল বৰ্তমান সৰ্বাধিক দুৰ্বল গোট। শৈক্ষিক প্ৰতিযোগিতা, নিঃসঙ্গতা আৰু পৰিয়ালৰ হেঁচাই একেলগে মানসিক চাপ বৃদ্ধি কৰিছে। তেওঁ অভিভাৱক আৰু শিক্ষকসকলক মুকলি আলাপ আৰু সহানুভূতিপূৰ্ণ পৰিৱেশ গঢ়ি তোলাৰ আহ্বান জনায়।

গৱেষণা অনুসৰি কয়, প্ৰতিযোগিতামূলক পৰীক্ষা, পৰিয়ালৰ প্রত্যাশা আৰু সামাজিক তুলনাই যুৱ মনলৈ ভয় আৰু হতাশাৰ সৃষষ্টি কৰে। প্ৰকশিত তথ্য অনুসৰি-

  • প্ৰতি ৩৮ জনত এটা ছাত্ৰ প্ৰতিদিন আত্মহত্যা কৰে
  • ৭০% শিক্ষাৰ্থী “ব্যৰ্থতাৰ ভয়”ক প্ৰধান কাৰণ হিচাপে উল্লেখ কৰে।
  • ৪৪% উচ্চ মাধ্যমিক ছাত্ৰ-ছাত্ৰী বিষণ্ণতাৰ লক্ষণ দেখুৱাইছে।

উল্লেখ্য যে ভাৰতত প্ৰতি ১ লাখত মাত্ৰ ০.৭৫ জন মনোৰোগ বিশেষজ্ঞ আছে, যিয়ে ডব্লিউএইচওৰ মানদণ্ড (৩+)ৰ পৰা বহু তলত। ফলস্বৰূপে অধিকাংশ ছাত্ৰ চিকিৎসা নোপোৱাকৈ আত্মহত্যাৰ দিশে ধাল খায়।

২০২৫ চনৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ে “ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাক” ৰাষ্ট্ৰীয় সংকট হিচাপে ঘোষণা কৰি, ইয়াক “সাংবিধানিক ক্ষতি” বুলি অভিহিত কৰে। আদালতে ১০ সদস্যীয় ৰাষ্ট্ৰীয় টাষ্ক ফৰ্চ গঠনৰ নিৰ্দেশ দিছে, যিয়ে সকলো শিক্ষানুষ্ঠানত মানসিক স্বাস্থ্য প্ৰটোকল প্ৰয়োগ কৰিব।

বিচাৰপীঠে স্পষ্টকৈ উল্লেখ কৰিছে যে, মানসিক স্বাস্থ্য হৈছে জীৱনৰ অধিকাৰৰ অংশ, আৰু প্ৰতিষ্ঠানসমূহে ইয়াৰ দায়িত্ব ল’ব লাগিব। কিন্তু বাস্তৱত, ভাৰতৰ কেৱল ২০% কলেজত নিয়মিত কাউন্সেলিংৰ ব্যৱস্থা আছে।

বিশেষজ্ঞসকলৰ মতে, আগতীয়াকৈ চিনাক্তকৰণ আৰু সমালোচনা বা ককৰ্থনা হ্ৰাস হ’লে নিশ্চিতাভাৱে জীৱন ৰক্ষা কৰিব পাৰে।

  • বিদ্যালয় পাঠ্যক্ৰমত মানসিক স্বাস্থ্য শিক্ষা একত্ৰিত কৰা,
  • পিয়াৰ সাপৰ্ট গোট গঠন,
  • ২৪/৭ হেল্পলাইন (যেনে ১৪৪১৬) সক্ৰিয় কৰা,
  • পৰিয়ালৰ সৈতে আলাপ  বৃদ্ধি কৰা—এই পদক্ষেপসমূহে বহুত জীৱন ।

বিশ্ব মানসিক স্বাস্থ্য দিৱস ২০২৫ চনৰ বিষয় বস্তু “সেৱাৰ প্ৰৱেশাধিকাৰ – বিপৰ্যয় আৰু জৰুৰীকালীন অৱস্থাত মানসিক স্বাস্থ্য” বৰ্তমানৰ পৰিস্থিতিৰে সৈতে সঙ্গতিপূৰ্ণ। যিহেতু এইবিলাক চিকিৎসাযোগ্য ৰোগ কিন্তু প্ৰকাশ নকৰাৰ বাবে মৃত্যু ঘটিছে।” প্ৰত্যেকটো আত্মহত্যাৰ পিছত আছে এক যন্ত্ৰণা, এক অসাহায় মন। এই সংকটৰ একমাত্ৰ প্ৰতিকাৰ সহানুভূতি, আলাপ আৰু সময়োপযোগী চিকিৎসা। প্ৰত্যেকৰে জীৱন অমূল্য, আৰু সকোলোৰে সুস্থভাৱে জীয়াই থকাৰ অধিকাৰ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd