• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰসংগ নাগৰিকত্ব বিধেয়ক : ‘ছাত্ৰ বিক্ষোভ’ত উত্তাল হ’ল গুৱাহাটীৰ ৰাজপথ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 22, 2019 5:54 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

একালৰ ছাত্ৰ নেতাসকল আজি ৰাজ্যৰ শাসনৰ গাদীত, ‘জাতি-মাটি-ভেটি’, ‘শৰাইঘাটৰ শেষ ৰণ’, ‘অসম চুক্তি আখৰে আখৰে পালন কৰা’ৰ কথা কোৱা দলটোৱে ৰাজ্য তথা দেশত শাসন চলাইছে। কিন্তু সেইখন চৰকাৰ আৰু সেইসকল একালৰ ছাত্ৰ নেতাৰ বিৰুদ্ধে আজি ৰাজপথ উত্তাল কৰিলে ছাত্ৰ-ছাত্ৰীয়ে।

বিষয় একেটাই, সমগ্ৰ উত্তৰ-পূবৰ খিলঞ্জীয়া ৰাইজ, দল-সংগঠনৰ প্ৰবল বিৰোধিতাক নস্যাৎ কৰি বিজেপি চৰকাৰে জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা। মঙলবাৰে গুৱাহাটীৰ ৰাজপথত বিধেয়কখন বাতিলৰ দাবীত কেইবাখনো বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ৰূপায়ণ কৰিলে ‘ছাত্ৰ বিক্ষোভ’ কাৰ্যসূচী।

আজি দুপৰীয়া কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আহ্বানত মহানগৰীৰ কেইবাখনো ছাত্ৰ-ছাত্ৰীয়ে গুৱাহাটী ক্লাৱৰ ৰ’টাৰীৰ পৰা প্ৰতিবাদী সমদল উলিয়াই কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ বিধেয়কখন বাতিলৰ দাৱীত দেশৰ প্ৰধান মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

ইয়াৰ পূৰ্বে গুৱাহাটী ক্লাবত ৰাজপথৰ ওপৰতেই ছাত্ৰ-ছাত্ৰীসকলে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে। য’ত উপস্থিত থাকে শিল্পী লোকনাথ গোস্বামী, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, শিক্ষাবিদ ড০ দীনেশ বৈশ্য, দিলীপ পাটগিৰি প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

প্ৰতিবাদী সভাত ভাষণ প্ৰদান কৰি হাইদৰ হুছেইনে কয়, “বৰ্তমান সময়ত গণতান্ত্ৰিক প্ৰতিবাদক গৌণ আৰু অ-প্ৰাসংগিক কৰি তোলাৰ এটা ব্যৱস্থা আৰম্ভ হৈছে। ভোট সৰ্বস্ব ৰাজনীতিৰ বাবেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে দিল্লী-দিচপুৰৰ চৰকাৰ আৰু কিছু স্বাৰ্থান্বেষী মহলে অসমীয়া জাতিৰ এক ভয়াৱহ বিপদ মাতি আনিব বিচাৰিছে”।

এই বিধেয়কখনক আশ্ৰয় কৰি চৰকাৰে আৰু কিছুমান ভোটকেন্দ্ৰিক ব্যৱস্থা হাতত লৈছে বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ ভিতৰত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈ চৰকাৰে অসমৰ ৰাইজক পুনৰ আভুৱা-ভাঁৰিব বিচাৰিছে বুলিও তেওঁ মন্তব্য কৰে।

একেদৰে ড০ দ্বীনেশ বৈশ্যই কয়, “আমি ভাৰতখন সদায় ধৰ্মনিৰপেক্ষ হৈ থকাটো বিচাৰো। অসমৰ ছাত্ৰই এই আন্দোলনেৰে ভাৰতৰ গৌৰৱ আৰু সংবিধানৰ ধৰ্মনিৰপেক্ষতাত যে আমি বিশ্বাসী সেই কথা দাঙি ধৰিছে”।

এই আন্দোলন বাঙালী বিৰোধী বা হিন্দু বিৰোধী নহয় বুলি কৈ তেওঁ এই আন্দোলন কেৱল দেশৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক অক্ষুন্ন ৰখাৰ স্বাৰ্থতহে কৰা হৈছে উল্লেখ কৰে।

ইপিনে, শিল্পী লোকনাথ গোস্বামীকে ধৰি কেইবাজনেও গীত গাই প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকল উদ্বুদ্ধ কৰে।

ইয়াৰ উপৰি এই ছাত্ৰ বিক্ষোভত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীসকলে বিধেয়ক বাতিল নকৰা পৰ্যন্ত অন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে। তেওঁলোকে বিধেয়কখন সন্দৰ্ভত অসমৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে লোৱা অসমৰ ‘খিলঞ্জীয়া বিৰোধী’ স্থিতিকো ধিক্কাৰ প্ৰদান কৰে।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd