• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰসংগ নাগৰিকত্ব বিধেয়ক : ‘ছাত্ৰ বিক্ষোভ’ত উত্তাল হ’ল গুৱাহাটীৰ ৰাজপথ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 22, 2019 5:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একালৰ ছাত্ৰ নেতাসকল আজি ৰাজ্যৰ শাসনৰ গাদীত, ‘জাতি-মাটি-ভেটি’, ‘শৰাইঘাটৰ শেষ ৰণ’, ‘অসম চুক্তি আখৰে আখৰে পালন কৰা’ৰ কথা কোৱা দলটোৱে ৰাজ্য তথা দেশত শাসন চলাইছে। কিন্তু সেইখন চৰকাৰ আৰু সেইসকল একালৰ ছাত্ৰ নেতাৰ বিৰুদ্ধে আজি ৰাজপথ উত্তাল কৰিলে ছাত্ৰ-ছাত্ৰীয়ে।

বিষয় একেটাই, সমগ্ৰ উত্তৰ-পূবৰ খিলঞ্জীয়া ৰাইজ, দল-সংগঠনৰ প্ৰবল বিৰোধিতাক নস্যাৎ কৰি বিজেপি চৰকাৰে জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা। মঙলবাৰে গুৱাহাটীৰ ৰাজপথত বিধেয়কখন বাতিলৰ দাবীত কেইবাখনো বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ৰূপায়ণ কৰিলে ‘ছাত্ৰ বিক্ষোভ’ কাৰ্যসূচী।

Apply Now

আজি দুপৰীয়া কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আহ্বানত মহানগৰীৰ কেইবাখনো ছাত্ৰ-ছাত্ৰীয়ে গুৱাহাটী ক্লাৱৰ ৰ’টাৰীৰ পৰা প্ৰতিবাদী সমদল উলিয়াই কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ বিধেয়কখন বাতিলৰ দাৱীত দেশৰ প্ৰধান মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

ইয়াৰ পূৰ্বে গুৱাহাটী ক্লাবত ৰাজপথৰ ওপৰতেই ছাত্ৰ-ছাত্ৰীসকলে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে। য’ত উপস্থিত থাকে শিল্পী লোকনাথ গোস্বামী, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, শিক্ষাবিদ ড০ দীনেশ বৈশ্য, দিলীপ পাটগিৰি প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

প্ৰতিবাদী সভাত ভাষণ প্ৰদান কৰি হাইদৰ হুছেইনে কয়, “বৰ্তমান সময়ত গণতান্ত্ৰিক প্ৰতিবাদক গৌণ আৰু অ-প্ৰাসংগিক কৰি তোলাৰ এটা ব্যৱস্থা আৰম্ভ হৈছে। ভোট সৰ্বস্ব ৰাজনীতিৰ বাবেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে দিল্লী-দিচপুৰৰ চৰকাৰ আৰু কিছু স্বাৰ্থান্বেষী মহলে অসমীয়া জাতিৰ এক ভয়াৱহ বিপদ মাতি আনিব বিচাৰিছে”।

এই বিধেয়কখনক আশ্ৰয় কৰি চৰকাৰে আৰু কিছুমান ভোটকেন্দ্ৰিক ব্যৱস্থা হাতত লৈছে বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ ভিতৰত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈ চৰকাৰে অসমৰ ৰাইজক পুনৰ আভুৱা-ভাঁৰিব বিচাৰিছে বুলিও তেওঁ মন্তব্য কৰে।

একেদৰে ড০ দ্বীনেশ বৈশ্যই কয়, “আমি ভাৰতখন সদায় ধৰ্মনিৰপেক্ষ হৈ থকাটো বিচাৰো। অসমৰ ছাত্ৰই এই আন্দোলনেৰে ভাৰতৰ গৌৰৱ আৰু সংবিধানৰ ধৰ্মনিৰপেক্ষতাত যে আমি বিশ্বাসী সেই কথা দাঙি ধৰিছে”।

এই আন্দোলন বাঙালী বিৰোধী বা হিন্দু বিৰোধী নহয় বুলি কৈ তেওঁ এই আন্দোলন কেৱল দেশৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক অক্ষুন্ন ৰখাৰ স্বাৰ্থতহে কৰা হৈছে উল্লেখ কৰে।

ইপিনে, শিল্পী লোকনাথ গোস্বামীকে ধৰি কেইবাজনেও গীত গাই প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকল উদ্বুদ্ধ কৰে।

ইয়াৰ উপৰি এই ছাত্ৰ বিক্ষোভত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীসকলে বিধেয়ক বাতিল নকৰা পৰ্যন্ত অন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে। তেওঁলোকে বিধেয়কখন সন্দৰ্ভত অসমৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে লোৱা অসমৰ ‘খিলঞ্জীয়া বিৰোধী’ স্থিতিকো ধিক্কাৰ প্ৰদান কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd