কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত আৰু বিশ্ব প্ৰকৃতি নিধিৰ সহযোগত কাজিৰঙাৰ কাষৰীয় গাঁৱৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক শুক্ৰবাৰৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰোৱাৰ লগতে সজাগতা সভাৰো আয়োজন কৰা হয় ৷
এই কাৰ্যসূচীত বোকাখাতৰ বিভিন্ন মহাবিদ্যালয়ৰ ১৫ গৰাকী আৰু কাঞ্চনজুৰি এনিমেল কৰিডৰৰ কাষৰীয় গাঁৱৰ লগতে মহাবিদ্যালয়ত অধ্যয়নৰত ১২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷
বিশ্ব প্ৰকৃতি নিধি আৰু উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত এই সকল ছাত্ৰ ছাত্ৰীক কাজিৰঙাৰ বাগৰি বনাঞ্চল দৰ্শন কৰোৱাৰ উপৰিও এক অনুষ্ঠান আয়োজন কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অৱগত কৰোৱা হয় ৷
অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়া, বিশিষ্ট পক্ষীবিদ আবিদুৰ ৰহমান, জেষ্ঠ সাংবাদিক উত্তম শইকীয়া, বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ড৹ প্ৰনৱ কুমাৰ বৰা, সমন্বয়ক ত্ৰিদিপ শৰ্মা আৰু গৱেষক শাৰংগ উপস্থিত থাকে৷
অনুষ্ঠানত কাজিৰঙাৰ ভৌগলিক অৱস্থিত, জৈৱতন্ত্ৰ, জীৱকুল, পৰিচালনা আৰু সংৰক্ষণৰ প্ৰচেষ্টা, বিভিন্ন প্ৰজাতি পখী, উদ্ভিদ আৰু ঘাঁহনি আদিৰ বিষয়ে এক সম্যক ধাৰণা দিয়া হয়৷ কাজিৰঙাৰ কাষৰীয় গাঁৱৰ হৈয়ো প্ৰথমবাৰৰ বাবে কাজিৰঙা দৰ্শন কৰি উৎফুল্লিত হয় অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকল ৷
উল্লেখ্য যে উদ্যান দৰ্শন কৰা এই সকল ছাত্ৰ- ছাত্ৰীয়ে বিগত সময়ত কাজিৰঙাৰ পাণবাৰী, হালধিবাৰী আৰু কাঞ্চনজুৰি পৰিস্কাৰ কৰি বন আৰু বন্যপ্ৰাণী সংৰক্ষণত কৰ্তৃপক্ষক সহায় কৰিছিল৷