DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অটো

বাচন ধোৱা স্পঞ্জত থকা ভাইৰাছে ধ্বংস কৰিব শক্তিশালী ব্যেক্টেৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2019 12:18 pm
kitchen sponge

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

4.6k
VIEWS
Share on FacebookShare on Twitter

বাচন ধোৱাৰ বাবে ব্যৱহাৰ কৰা স্পঞ্জত সৃষ্টি হোৱা ভাইৰাছৰ দ্বাৰা এণ্টিবায়োটিকছৰ সহায়তো নিঃশেষ কৰিব নোৱাৰা শক্তিশালী ব্যেক্টেৰিয়াক ধ্বংস কৰিব পৰা যায় বুলি আমেৰিকাৰ গৱেষকৰ এটা দলে অলপতে আবিস্কাৰ কৰিছে।

আমেৰিকান মাইক্ৰ’বায়োলোজি সমিতিৰ বাৰ্ষিক অধিবেশনত আমেৰিকাৰ গৱেষকৰ দলটোৱে ৰান্ধনশালত ব্যৱহাৰ কৰা স্পঞ্জত দুই প্ৰকাৰৰ ব্যেক্টেৰিয়া ধ্বংসকাৰী ভাইৰাছৰ উপস্থিতি ধৰা পেলাইছে বুলি প্ৰতিবেদনত উল্লেখ কৰাৰ বাতৰি চীনৰ নিউজ এজেঞ্চি ‘ঝিনুহা’ত প্ৰকাশ পাইছে।

ৰন্ধনশালত ব্যৱহাৰ কৰা স্পঞ্জত সাধাৰণতে বিভিন্ন প্ৰজাতিৰ জীবাণুৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত ব্যেক্টেৰিয়াই এটা বিশাল মাইক্ৰোবাইম তৈয়াৰ কৰে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় খাদ্যৰ উৎস সৰবৰাহ কৰে।

‘আমাৰ গৱেষণাই যিকোনো প্ৰকাৰৰ মাইক্ৰোবাইল পৰিবেশৰ বিষয়ে অধ্যয়ণ কৰি আহিছিল য’ত প্ৰচুৰ পৰিমানে দৰকাৰী ভাইৰাছৰ উপস্থিতি বিদ্যমান হয়’। নিউয়ৰ্ক ইনষ্টিটিউট অব টেকন’লজিৰ এজন ছাত্ৰই এনেদৰে মত প্ৰকাশ কৰে।

এনেদৰে ৰন্ধনশালত ব্যৱহাৰ কৰা বাচন ধোৱা স্পঞ্জত সৃষ্টি হোৱা দুইপ্ৰকাৰৰ ভাইৰাছ অন্য শক্তিশালী ব্যেক্টেৰিয়াৰ ওপৰত প্ৰয়োগ কৰি ই ব্যেক্টেৰিয়া ধ্বংস কৰিব পাৰে নে নোৱাৰে পৰ্য্যবেক্ষণ কৰা হৈছিল আৰু ই সফলভাৱে ব্যেক্টেৰিয়া ধ্বংস কৰিবলৈ সক্ষম হৈছিল।

গৱেষণাত উপলব্ধ দুই প্ৰকাৰৰ ভাইৰাছৰ ডি এন এ পৰীক্ষা কৰি ইয়াৰ আকৃতি চুঙা সদৃশ আৰু ইয়াক প্ৰধানকৈ স্পঞ্জ জাতীয় বস্তুত পোৱা যায় বুলি গম পোৱা গৈছিল।

যদিও দুয়োপ্ৰকাৰৰ ভাইৰাছ দেখাত প্ৰায় একেধৰণৰ কিন্তু বায়োকেমিকেল পৰীক্ষাত দুয়োৰে ৰাসায়নিক বিভিন্নতা পৰিলক্ষিত হয়।

Recent News

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ মটঙা নৈত উদ্ধাৰ মৃতদেহ

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ মটঙা নৈত উদ্ধাৰ মৃতদেহ

IPL 2022: যশপ্ৰীত বুমৰাহে আইপিএলত গঢ়িলে এক অনন্য অভিলেখ

IPL 2022: যশপ্ৰীত বুমৰাহে আইপিএলত গঢ়িলে এক অনন্য অভিলেখ

বটদ্ৰৱাৰ হিংসাত্মক কাণ্ড: শালনাবাৰী গাঁৱৰ অভিযুক্তৰ ঘৰত জিলা প্ৰশাসনে চলালে উচ্ছেদ

বটদ্ৰৱাৰ হিংসাত্মক কাণ্ড: শালনাবাৰী গাঁৱৰ অভিযুক্তৰ ঘৰত জিলা প্ৰশাসনে চলালে উচ্ছেদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd