গোলাপী পোহৰ বিয়পাই পৰি থকা সেইটো কি? দেখিয়েই পিছুৱাই আহিল বহু লোক
এনে দৃশ্য বহু লোকেই কেতিয়াও দেখা নাছিল।
চিনেমা অথবা টেলিভিছনৰ পৰ্দাত হয়তো বহুতে এনে দৃশ্য দেখিছিল যদিও বাস্তৱত এনে দৃশ্য দেখি সাহসী লোক জনৰো অন্তৰাত্মা কঁপি উঠিছিল।
ঘটনাটো দক্ষিণ আফ্ৰিকাৰ কেপ টাউনৰ। কেপ টাউনৰসমুদ্ৰ তীৰলৈ প্ৰাতঃ ভ্ৰমণ কৰিবলৈ অহা লোক সকলে সাগৰৰ পাৰত বৃহৎ কিবা এটা পৰি থকা দেখিবলৈ পায়।
ৰ’দ পৰি সেই বস্তুটোৰ পৰা গোলাপী পোহৰ বিচ্ছুৰিত হৈছিল।
ঔৎসুক লোকসকলে বস্তুটোৰ কাষলৈ গৈ আতংকত পিছুৱাই আহিবলৈ বাধ্য হয়।মেকুৰী এটাৰ আকাৰ যদি ঘোঁৰা এটাৰ সমান হয় তেন্তে সেয়া ভয় খাবলগীয়া কথাই। কেপ টাউনৰ সমুদ্ৰ তীৰতো তেনেই ঘটনা ঘটিছিল।সাগৰৰ পাৰত পৰি ৰৈছিল এটা বৃহৎ আকৃতিৰ স্কুইড।
স্কুইডবোৰ সাধাৰণতে সৰু আকৃতিৰ হয় যদিও সাগৰৰ পাৰত পৰি ৰোৱা স্কুইডটো আছিল সাধাৰণ স্কুইডত কৈ বহু বহু বেছি গুণে ডাঙৰ।
দক্ষিণ আফ্ৰিকাৰ সমুদ্ৰত স্কুইড আৰু মেৰুদণ্ডহীন সাগৰীয় প্ৰাণী প্ৰচুৰ পোৱা যায় যদিও ইমান ডাউৰ স্কুইড কোনেও আগতে দেখা নাছিল। বহুতৰে বাবে স্কুইড এপ সুস্বাদু খাদ্য ।
স্কুইডে ইয়াৰ বাহুৰে চিকাৰ নিজৰ ফালে টানি নিয়ে। স্কুইডৰ দেহৰ গোলাপী ৰঙে আন প্ৰাণীক ইয়াৰ প্ৰতি আকৰ্ষিত কৰে।
কেপ টাউনৰ সাগৰৰ পাৰত পৰি ৰোৱা স্কুইডটো জীয়াই আছিল আৰু ইয়াৰ একোটা বাহুৰ দৈৰ্ঘ প্ৰায় ১৪ ফুট আছিল।
প্ৰাণী বিজ্ঞানী ৱেন ফ্লোৰেন্সে প্ৰকাশ কৰা মতে সাগৰৰ পাৰত পৰি ৰোৱা স্কুইডটো জায়েণ্ট স্কুইড।
এনে প্ৰজাতিৰ স্কুইড খুব কমেইহে দেখা যায় আৰু এনে স্কুইডৰ জীৱনকালো অতি কম।জায়েণ্ট স্কুইডে প্ৰায় ৫ বছৰ জীয়াই থাকে বুলি তেওঁ প্ৰকাশ কৰে।