সাফল্য! ৩৫০ টকাৰ মজুৰিৰে চিলিণ্ডাৰ কঢ়িওৱা গগনে স্থান লাভ কৰিলে আইআইটি-ত

অশেষ কষ্টৰ অন্তত গগনে আইআইটিত সুযোগ পালে। কিন্তু গগন আৰু আইআইটিত স্থান লাভ কৰা গৰিষ্ঠসংখ্যক ছাত্ৰ-ছাত্ৰীৰ মাজত ডাঙৰ পাৰ্থক্য আছে। কাৰণ আলিগড়ৰ আতৰুলিৰ বাসিন্দা গগনে দৈনিক ৩৫০ টকা মজুৰিৰে চিলিণ্ডাৰ কঢ়িওৱা কাম কৰিছিল। শেহতীয়াকৈ তেওঁৰ এই কাহিনী ইউটিউবত এক সাক্ষাৎকাৰৰ জৰিয়তে ভাইৰেল হৈ পৰিছে।ইণ্টাৰনেটত গগন প্ৰেৰণাৰ আন এক নাম হৈ পৰিছে।

‘ফিজিক্সৱালা’ নামৰ এডটেক কোম্পানী এটাৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া অলখ পাণ্ডেৰ সৈতে গগনে মুখামুখি সাক্ষাৎকাৰৰ ভিডিঅ’ পোহৰলৈ আহিছে। তাত গগনে কয় যে দীৰ্ঘদিন ধৰি তেওঁৰ চূড়ান্ত লক্ষ্য আছিল দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম আই আই টিত অধ্যয়ন কৰা। বছৰ বছৰ ধৰি কঠোৰ পঢ়া-শুনা কৰাৰ পাছত এইবাৰ তেওঁৰ সপোন বাস্তৱায়িত হ’ল।

গগনৰ পিতৃয়ে গেছ এজেন্সীত গুদামৰ ৰক্ষক হিচাপে কাম কৰি ছয়জনীয়া পৰিয়ালটোৰ বাবে খাদ্য যোগান ধৰিছিল। গগন আৰু তেওঁৰ দাদাই দেউতাকৰ লগত হাত মিলাই পৰিয়ালটোৰ পোহপাল দিছিল। দুয়োজনে দৈনিক ৩৫০ টকা মজুৰিৰে গেছ চিলিণ্ডাৰ লিফ্টাৰ হিচাপে কাম কৰিছিল। দিনটোত ২৫০টা চিলিণ্ডাৰ তুলিব লগা হৈছিল।

গগনে কয়, ‘মোৰ সমাজতেই হওক বা পৰিয়ালতেই হওক, কোনেও শিক্ষাৰ বিষয়ে চিন্তা কৰা নাছিল। মোৰ পৰিয়ালত মোতকৈ সৰু ল’ৰা-ছোৱালী আছে, পঢ়া-শুনা নকৰাকৈ কাম কৰি খুৱাব লগা হৈছিল। দাদা আৰু মই সৰুৰে পৰা চিলিণ্ডাৰ দাঙি আহিছো। কিন্তু ইমান কষ্টৰ পিছতো মই কেতিয়াও হাৰ নামানিলোঁ।’

দিনত অক্লান্তভাৱে কাম কৰাৰ পাছত গগনে ৰাতি অনলাইনত অধ্যয়ন কৰিছিল। মোবাইলৰ পোহৰে তাৰ চকু দুটা পুৰিছিল। বিষত পিঠিখন বেঁকা হৈ পৰিছিল। কিন্তু অদম্য প্ৰচেষ্টা আৰু দৃঢ়তাই অৱশেষত ফল দিলে। গগনে আই আই টি বি এইচ ইউত ইলেক্ট্ৰিকেল আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিঙৰ নামভৰ্তি লাভ কৰিছিল।

গগন স্কুলত সদায় ভাল ছাত্ৰ আছিল। আগতে পৰীক্ষাত ভাল নম্বৰ পাইছিল। ব’ৰ্ড পৰীক্ষাত ক্লিয়াৰ কৰি দুবাৰকৈ জইণ্ট এণ্ট্ৰেন্সতো ক্লিয়াৰ কৰে। কিন্তু তেওঁৰ চূড়ান্ত লক্ষ্য আছিল জে ই ই এডভান্সডত উত্তীৰ্ণ হৈ আই আই টিত সুযোগ পোৱা।এবছৰৰ আগতে তেওঁ ৪ লাখ টকাৰ বৃত্তিও পাইছিল।