• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিভিন্ন ক্ষেত্ৰত সফলতাই ছাত্ৰ-ছাত্ৰীক অধিক আকৰ্ষিত কৰিছে অসম কৃষি বিশ্ববিদ্যালয়লৈ

NE NOW NEWS এন ই নাও নিউজ
যোৰহাট , December 31, 2018 9:27 am

2 min read

বিভিন্ন ক্ষেত্ৰত সফলতাই ছাত্ৰ-ছাত্ৰীক অধিক আকৰ্ষিত কৰিছে অসম কৃষি বিশ্ববিদ্যালয়লৈ
831
VIEWS
Share on FacebookShare on Twitter

সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি শিক্ষাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান অসম কৃষি বিশ্ববিদ্যালয়ে বিভিন্ন বিষয়ত লাভ কৰা সফলতাৰ বাবে বিশ্ববিদ্যালয়খনে ভাৰতৰ লগতে অসমলৈও এক আশাৰ বতাৰ কঢ়িয়াই আনিছে।

পাঁচটা দশক সম্পূৰ্ণ কৰা বিশ্ববিদ্যালয়খনে কৃষি শিক্ষা-গৱেষণাত অভিৱন সফলতা, নতুন কৃষি প্ৰযুক্তিৰ উদ্ভাৱন, শ্ৰেণীকোঠাত শেহতীয়া তথ্য প্ৰযুক্তিৰ প্ৰয়োগৰ সুবিধা আগবঢ়োৱা, ছাত্ৰ অৱস্থাতে বিদেশত অধিক উন্নত গৱেষণাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাকে ধৰি বিভিন্ন ক্ষেত্ৰত বিশ্ববিদ্যালয়খনে শেহতীয়াকৈ এক নতুন গতি লাভ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ফলত বিগত এটা দশকৰ ভিতৰত কৃষি বিশ্ববিদ্যালয়খনত কৃষি শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উৎসাহজনকভাৱে বৃদ্ধি পাইছে।

তাৰোপৰি বিশ্ববিদ্যালয়খনত বিশ্বমানৰ গৱেষণাগাৰ, গ্ৰন্থাগাৰ, ছাত্ৰাৱাস আদিৰ সুবিধা আগবঢ়োৱাৰ ফলত বিগত এটা দশকৰ ভিতৰতে ৯ খনকৈ বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে কৃষি শিক্ষা, গৱেষণাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাটোও বিশ্ববিদ্যালয়খনৰ আন এক সফলতা।

উল্লেখযোগ্য যে ২০১৮ বৰ্ষত ১০৭০.২৩ শতাংশতকৈও অধিক মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে কৃষি শিক্ষা গ্ৰহণৰ অৰ্থে আগ্ৰহ প্ৰকাশ কৰা কথাই প্ৰমাণ কৰিছে যে অসম কৃষি বিশ্ববিদ্যালয়ে সম্প্ৰতি কৃষি শিক্ষাৰ উৎকৰ্ষ সাধনত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিছে।

মন কৰিব লগীয়া যে পূৰ্বতে ইঞ্জিনিয়াৰিং, মেডিকেলত নাম ভৰ্তি কৰাৰ সুবিধা লাভ নকৰিলেহে বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে কৃষি শিক্ষাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু বৰ্তমান বিশ্ব বিদ্যালয়খনৰ সফলতাৰ বাবে কৃষি শিক্ষাৰ প্ৰতি ক্ৰমাৎ অভাৱনীয় গতিত বৃদ্ধি পাইছে মেধাৱী ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ।

Recent News

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd