• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্লাছেনৰ ‘ক্লাছ’ত মুগ্ধ অনুৰাগী! মৰ্যাদাৰ যুঁজত হায়দৰাবাদৰ বিধ্বংসী ইনিংছৰ সন্মুখত ধৰাশায়ী কলকাতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2025 8:26 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এল ২০২৫ৰ এই খেলখন এক মৰ্যাদাৰ যুঁজ ৰূপ লৈছিল। প্লে অফৰ দৌৰৰ পৰা বাহিৰ হোৱা ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছ দল দুটাই গুৰুত্বহীন অথচ উত্তেজনাপূৰ্ণ মেচত মুখামুখি হয়। অৱশ্যে খেলপথাৰত একপক্ষীয় আধিপত্য প্ৰদৰ্শন কৰি হায়দৰাবাদে ১১০ ৰানত বিশাল জয় লাভ কৰে। একে সময়তে তিনিখন মেচত ধাৰাবাহিক জয়েৰে তেওঁলোকৰ আই পি এল অভিযান সামৰে।

হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয় আৰু তেওঁৰ দলটোৱে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক বেটিং কৰি কলকাতাৰ বলাৰসকলক দিশহাৰা কৰে। প্ৰথম উইকেটৰ যুটীত অ’পেনাৰ অভিষেক শৰ্মা (১৬ বলত ৩২) আৰু ট্ৰেভিছ হেডে (৪০ বলত ৭৬) দুৰ্দান্ত আৰম্ভণি কৰে। মাত্ৰ পাঁচ অভাৰতে দলটোৱে পঞ্চাশৰ সীমা অতিক্ৰম কৰে।

Apply Now

সপ্তম অভাৰত সুনীল নাৰিনে প্ৰথমটো ব্ৰেকথ্ৰু কঢ়িয়াই আনি অভিষেকক ঘূৰাই পঠিয়ায়। তাৰ পাছত ১৩ নং অভাৰত নাৰিনে পুনৰ ষ্ট্ৰাইক কৰে, এইবাৰ হেডক ঘূৰাই পঠিয়ায়। কিন্তু ইয়াৰ পিছত যি ঘটিল এক কথাত ক’বলৈ গ’লে সেয়া আছিল বিধ্বংসী।

হেনৰিক ক্লাছেন আৰু ঈশান কিষানে এক বিস্ফোৰক পাৰ্টনাৰশ্বিপ গঢ়ি তোলে। ১৯ অভাৰত কিষান (২০ বলত ২৯) আউট হৈছিল যদিও আনটো মূৰত থিয় হৈ ক্লাছেনে মাত্ৰ ৩৯টা বলত আই পি এলৰ ইতিহাসত যৌথ তৃতীয়টো দ্ৰুততম শতক অৰ্জন কৰে।

ক্লাছেনৰ বেটিং ‘ক্লাছ‘ দেখি মুগ্ধ হৈ পৰে ক্ৰিকেট অনুৰাগী। তেওঁৰ ইনিংছটো আছিল ৭টা চাৰি আৰু ৯টা ছয়েৰে সজোৱা ১০৫ ৰানৰ এক দুৰ্দান্ত ইনিংছ। তেওঁ মাত্ৰ ৩৭ টা বলতে শতক অৰ্জন কৰে। শেষৰ অভাৰত অনিকেত ভাৰ্মাই (১২*) এটা চাৰি আৰু এটা ছয় মাৰি দলটোৰ স্কোৰ ২৭৮ ৰানলৈ যায়। এই  বিশাল ৰানৰ পাহাৰটো দৰাচলতে কলকাতাৰ সাধ্যৰ বাহিৰত আছিল।

২৭৯ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি কেকেআৰ আৰম্ভণিতে চাপত পৰিছিল। অ’পেনাৰৰ উইকেট আৰম্ভণিতে হেৰুৱাৰ পিছত দলটোৱে নিয়মীয়া ব্যৱধানত মিডল অভাৰত উইকেট হেৰুৱাই থাকিল। কেপ্তেইন অজিংক্য ৰাহানে বিফল হয়, আনহাতে, মিডল অৰ্ডাৰৰ কোনোৱে তিষ্ঠিৱ নোৱাৰিলে।

মনীষ পাণ্ডেই (২৩ বলত ৩৭) কিছু যুঁজ দিবলৈ চেষ্টা কৰিছিল যদিও সেয়া যথেষ্ট নহ’ল। হায়দৰাবাদৰ বলিং বিভাগৰ ফৰ্ম আছিল অতি উত্তম। হৰ্ষ ডুবে, জয়দেৱ উনাদকাট আৰু ঈশান্ত মালিংগাই তিনিটাকৈ উইকেট দখল কৰি ১৮.৪ অভাৰত মাত্ৰ ১৬৮ ৰানতে কলকাতাক অল আউট কৰে।

যোৱা ছিজনত ৰানাৰ্ছ আপৰ স্থান দখল কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদে বহু আশাৰে ২০২৫ চনৰ প্ৰতিযোগিতাত প্ৰৱেশ কৰে। কিন্তু গোটেই ছিজনটোত বেটিং আৰু বলিং দুয়োটা বিভাগতে ধাৰাবাহিকতাৰ অভাৱ লক্ষ্যণীয় আছিল। কিন্তু শেষৰ তিনিখন মেচত একেৰাহে জয়ী হৈ তেওঁলোকে প্ৰমাণ কৰিলে যে এই দলটোত প্ৰতিভাৰ অভাৱ নাই, মাত্ৰ ধাৰাবাহিকতা আৰু সঠিক ছন্দৰ প্ৰয়োজন।

আনহাতে, কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে এইটো অধিক হতাশাজনক ছিজন আছিল। বর্তমান চেম্পিয়ন হিচাপে খেলপথাৰত প্রৱেশ কৰা দলটোৱে ক’তো নিজৰ সম্ভাৱনাৰে খেলিব পৰা নাছিল৷ খেলখনৰ শেষত অধিনায়ক ৰাহানেৰ মুখত নিৰাশা স্পষ্ট হৈ পৰিছিল।

এই মেচখনত হেনৰিক ক্লাছেন নিঃসন্দেহে চৰ্চাত আছে। ৩৯টা বলত ১০৫ ৰানৰ তেওঁৰ উজ্জ্বল ইনিংছে দলটোক এক স্মৰণীয় জয়ত সহায় কৰে। লগতে পেট কামিন্সৰ সবল নেতৃত্ব আৰু যুৱ বলাৰসকলৰ প্ৰদৰ্শন। বিশেষকৈ হৰ্ষ ডুবে আৰু মালিংগাৰ বলিঙে হায়দৰাবাদৰ ভৱিষ্যতৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd