বিলকিছ বানোৰ ধৰ্ষণত ১১অভিযুক্তক মুক্তি দিয়াৰ অধিকাৰ নাই গুজৰাটৰ; ৰায় উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ত বিলকিছ বানোৰ ডাঙৰ জয়। উচ্চতম ন্যায়ালয়ে ১১ জন ধৰ্ষণকাৰীক মুকলি কৰি দিয়াত বাধা আৰোপ কৰিছে। গুজৰাট চৰকাৰে অভিযুক্তক মুকলি কৰি দিয়াৰ সিদ্ধান্তক ভুল আখ্যা দি ১১জন অভিযুক্তকে আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

বিলকিছ বানো দলবদ্ধ ধৰ্ষণ গোচৰৰ অভিযুক্তক আজীৱন কাৰাদণ্ডৰ শাস্তি সম্পূৰ্ণ হোৱাৰ পূৰ্বে মুকলি কৰি দিয়াক লৈ প্ৰশ্ন উত্থাপন কৰে উচ্চতম ন্যায়ালয়ে। সোমবাৰে উচ্চতম ন্যায়ালয়ত বিলকিছ বানো গোচৰৰ শুনানি চলি আছিল।

২০২২ চনত গুজৰাট চৰকাৰে বিলকিছ বানো দলবদ্ধ ধৰ্ষণৰ গোচৰত ১১জন অভিযুক্তক মুকলি কৰি দিছিল। সেই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল বিলকিছ বানোৱে।

লগতে পঢ়কঃ Ranji Trophy 2024: ৰঞ্জীতো ছয়ৰ ধুমুহা, মাত্ৰ ২৬টা বলত অৰ্ধশতকেৰে অসমক ধৰি ৰাখিলে ৰিয়ান পৰাগে

উল্লেখ্য যে ২০০২ চনত গুজৰাটত সংঘটিত হোৱা সংঘৰ্ষৰ সময়ত দলবদ্ধ ধৰ্ষণ কৰা হৈছিল বিলকিছ বানোক। সেই সময়ত বিলকিছ ৫ মাহৰ গৰ্ভৱতী আছিল। তেওঁৰ চকুৰ সন্মুখতে ৩ বছৰীয়া কন্যাসহ পৰিয়ালটোৰ ৭ জন সদস্যক ঘপিয়াই কৰি হত্যা কৰা হয়। বিলকিছে আদালতৰ কাষ চাপে।

২০০৮ চনত মুম্বাইৰ চিবিআইৰ বিশেষ আদালতে অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। পিছত বম্বে উচ্চ ন্যায়ালয়েও সেই ৰায়ক সমৰ্থন কৰে। ১৫ বছৰ কাৰাবাসৰ অন্তত ১১জন অভিযুক্তৰ ভিতৰত এজনে মুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰৰ আদালতলৈ গোচৰটো ঠেলি দিয়ে।

লগতে পঢ়কঃ আইনৰ শাসন! হিজাব পৰিধান নকৰাৰ বাবে ৭৪ বাৰ বেত্ৰাঘাত মহিলাক

গুজৰাট চৰকাৰক অভিযুক্তৰ শাস্তি হ্ৰাস কৰাৰ বিষয়টো চোৱাচিতা কৰিবলৈ নিৰ্দেশ দিয়া হয়। এই বিষয়টো বিবেচনা কৰিবলৈ গুজৰাট চৰকাৰে এখন কমিটী গঠন কৰে। সেই সমিতিখনেই ১৯৯২ চনৰ ক্ষমা নীতিৰ অধীনত ১১ জন লোকক মুকলি কৰি দিয়াৰ পৰামৰ্শ দিছিল।

কমিটীৰ তথ্য অনুসৰি ১১ জনেই সংস্কাৰী ব্ৰাহ্মণ। ১১ বছৰ কাৰাবাস খাটি জেলত ভাল আচৰণ কৰিছিল। ২০২২ চনৰ স্বাধীনতা দিৱসত গুজৰাট চৰকাৰে মুকলি কৰি দিছিল অভিযুক্তক। তেওঁলোকক বীৰোচিত আদৰণি জনোৱা হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ সমালোচনাৰ সৃষ্টি হয়। বিলকিছ বানোৱে গুজৰাট চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

লগতে পঢ়কঃ অৱহেলাৰ প্ৰত্যুত্তৰ! ডাবল চেঞ্চুৰীৰে ডন ব্ৰেডমেনৰ অতুলনীয় অভিলেখৰ পিনে ধাৱমান পূজাৰা

১১ দিনৰ শুনানিৰ অন্তত ন্যায়াধীশ বি ভি নাগাৰত্না আৰু ন্যায়াধীশ উজ্জ্বল ভূৱানৰ বিচাৰপীঠে যোৱা অক্টোবৰ মাহত এই গোচৰৰ ৰায় সংৰক্ষিত কৰি ৰাখিছিল। সোমবাৰে বিলকিছ বানোৰ ৰায় উচ্চতম ন্যায়ালয়ে বৈধ বুলি ঘোষণা কৰে।