চণ্ডীগড় মেয়ৰ নিৰ্বাচনত হৰ্ছ ট্ৰেডিং! নিৰ্বাচনী বিষয়াগৰাকীক কাঠগড়াত তুলিলে উচ্চতম ন্যায়ালয়ে

চণ্ডীগড় মেয়ৰ নিৰ্বাচনৰ ‘ৰিগিং’ক গৰিহণা দিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে অভিযুক্ত নিৰ্বাচনী বিষয়া অনিল মাছিক ধমক দি অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠখনেও নিৰ্বাচনৰ পূৰ্বে আৰু পিছত হৰ্ছ ট্ৰেডিং কৰাটোও চিন্তাৰ বিষয় বুলি কয়।

জানিব পৰা মতে, অভিযোগৰ পিছতে আদালতে নিৰ্বাচনী বিষয়াগৰাকীৰ পৰা জবাবদিহি বিচাৰিছিল। স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী ৰিটাৰ্নিং অফিচাৰক দেশৰ মুখ্য ন্যায়াধীশে জেৰা কৰিছে আৰু তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছে।

উল্লেখ্য যে সোমবাৰে আপৰ তিনিজন কাউন্সিলাৰ বিজেপিত যোগদান কৰে। ইয়াৰ জৰিয়তে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত হয়। কিন্তু উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক্ষমতা কাৰ হাতলৈ যাব সেয়া স্পষ্ট হোৱা নাই।

লগতে পঢ়কঃ কৃষকে মানি নল’লে কেন্দ্ৰৰ এম এছ পিৰ প্ৰস্তাৱ; বুধবাৰৰ পৰা পুনৰ “দিল্লী চলো”

উচ্চতম ন্যায়ালয়ে কয় যে এতিয়াৰ বাবে পুনৰ নিৰ্বাচনৰ কোনো সম্ভাৱনা নাই। বৰঞ্চ মঙলবাৰে মেয়ৰ নিৰ্বাচনৰ সকলো বেলট পেপাৰ পুংখানুপংখভাৱে পৰীক্ষা কৰি চোৱা হ’ব। নতুন নিৰ্বাচনী বিষয়াৰ তত্বাৱধানত ভোট গণনা কৰা হ’ব।

ইয়াৰ পূৰ্বে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰিছিল, ‘মেয়ৰ নিৰ্বাচনত প্ৰিজাইডিং অফিচাৰে বেলট পেপাৰত হেতালি খেলাটো স্পষ্ট। ই এক শাস্তিযোগ্য অপৰাধ।’ লগতে কোৱা হৈছিল, ‘গণতন্ত্ৰৰ নামত প্ৰহসন। গণতন্ত্ৰক হত্যা কৰাৰ দৰে।’

যোৱা ৩০ জানুৱাৰীত চণ্ডীগড়ত অনুষ্ঠিত হৈছিল মেয়ৰ নিৰ্বাচন। কংগ্ৰেছ আৰু আপে হাত মিলাই বিজেপিক বাধা দিবলৈ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। ফলাফল অনুসৰি প্ৰথমে আগবাঢ়ি গ’ল আপ- কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুলদীপে। মুঠ ৩৬টা বৈধ ভোটৰ ভিতৰত মিত্ৰজোঁটে ২০টা লাভ কৰে।

লগতে পঢ়কঃ ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, কানহাইয়া কুমাৰকে ধৰি ১০ জন কংগ্ৰেছ নেতাক চমন জাৰি অসম আৰক্ষীৰ CID বিভাগৰ

আনহাতে বিজেপিৰ মেয়ৰ পদৰ প্ৰাৰ্থী মনোজ সোণকাৰে ১৬টা ভোট লাভ কৰে। কিন্তু পিছত সভাপতি অনিল মাছিয়ে কুলদীপৰ ৮টা ভোট অবৈধ বুলি ঘোষণা কৰে। আপ-কংগ্ৰেছ মিত্ৰজোঁটে অভিযোগ কৰে যে অনিলে নিজেই কিছুমান বেলট কলমেৰে ‘দাগ’ দিছিল। পিছত তেওঁ সেইবোৰ বাতিল কৰিছে।

চণ্ডীগড়ৰ বিজেপিৰ সাংসদ কিৰণ খেৰে মেয়ৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত ভোটদান কৰে। বিৰোধী প্ৰাৰ্থীগৰাকীৰ ৮টা ভোট বাতিল হোৱাৰ লগে লগে তেওঁৰ ভোটৰ সংখ্যা ১২টালৈ হ্ৰাস পায়।