অভিযুক্তৰ বিৰুদ্ধে স্থিতি স্পষ্ট কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

SC on Lakhimpur in

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ চৰকাৰক লখিমপুৰ হিংসাৰ গোচৰত অভিযুক্তসকলৰ সন্দৰ্ভত আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হৈছে নেকি সেই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিয়ে।

“কাৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছে, অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই, সেই অভিযুক্ত কোন, সেই বিষয়ে আমি জানিব লাগিব।” বৃহস্পতি বাৰে শুনানীৰ সময়ত উচ্চতম ন্যায়ালয়ে কয়।

উত্তৰ প্ৰদেশ চৰকাৰে লখিমপুৰ হিংসাৰ গোচৰটো স্বতঃপ্ৰণোদিতভাৱে গ্ৰহণ কৰা নাছিল নাছিল বুলিও উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ উল্লেখ কৰে। কিয়নো শিৱ কুমাৰ ত্ৰিপাঠী আৰু চি এছ পাণ্ডা নামৰ দুজন অধিবক্তাৰ দ্বাৰা আবেদন পঞ্জীয়ন কৰা হৈছিল।

আনহাতে উত্তৰ প্ৰদেশ চৰকাৰে যোৱা দেওবাৰে লখিমপুৰ খেৰী ঘটনাৰ তদন্তৰ বাবে এক সদস্যৰ আয়োগ গঠন কৰিছে বুলি মন্তব্য কৰে উত্তৰ প্ৰদেশ এজন চৰকাৰী উচ্চপ্ৰদস্থ বিষয়াই।

ইফালে বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনাত নিহত সকলৰ পৰিয়ালক সাক্ষাৎ কৰে।

বুধবাৰে দুপৰীয়া প্ৰিয়ংকা গান্ধীয়ে আটকাধীন অৱস্থাৰ পৰা মুকলি হোৱাৰ পিছত লখিমপুৰ খেৰীলৈ ৰাওনা হয়।

ৰাহুল গান্ধীক প্ৰথমতে আৰক্ষীৰ বাহনত যাত্ৰা কৰিবলৈ প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশ দিছিল যদিও গান্ধীয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। অৱশ্যে পিছত তেওঁক লক্ষ্ণৌ বিমানবন্দৰৰ পৰা নিজৰ বাহনত যাবলৈ অনুমতি দিয়া হয়।

উল্লেখ্য যে দেওবাৰে সংঘটিত হিংসাত্মক ঘটনাত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ জড়িত আছিল বুলি প্ৰতিবাদকাৰী কৃষকসকলে অভিযোগ কৰিছে।

এই অভিযোগৰ ভিত্তিত কৃষক নেতাসকলে উত্তৰ প্ৰদেশ চৰকাৰক কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক গ্ৰেপ্তাৰ কৰিবলৈ এসপ্তাহৰ সময় বান্ধি দিছে।