• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ অস্ত্ৰৰ অবাধ ব্যৱহাৰ বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ; কৰ্ম পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 19, 2024 11:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি অবৈধ আগ্নেয়াস্ত্ৰৰ প্ৰসাৰ বন্ধ কৰাৰ বাবে এইবাৰ হস্তক্ষেপ কৰিলে উচ্চতম ন্যায়ালয়ে। শেহতীয়াকৈ উত্তৰ প্ৰদেশত এক হত্যাকাণ্ডৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানিৰ সময়ত ন্যায়াধীশ বি ভি নাগৰত্ন আৰু ন্যায়াধীশ পংকজ মিথালৰ খণ্ড বিচাৰপীঠে সমগ্ৰ দেশতে অপৰাধত যিদৰে অবৈধ অস্ত্ৰ ব্যৱহাৰ কৰা হৈছে সেই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে।

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টো সামগ্ৰিক ৰূপত চাব বিচাৰিছে। বিভিন্ন ৰাজ্যত অবৈধ আগ্নেয়াস্ত্ৰৰ কাৰখানা আৰু ইয়াৰ অপব্যৱহাৰ যাতে বন্ধ কৰিব পৰা যায় তাৰ বাবে উচ্চতম ন্যায়ালয়ে প্ৰতিখন ৰাজ্যৰ মুখ্য সচিবৰ নেতৃত্বত এখন সমিতি গঠন কৰি এক কৰ্ম পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে।

আগন্তুক ১০ সপ্তাহৰ ভিতৰত ৰাজ্যভিত্তিক সমিতিসমূহে নিজৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। মূল গোচৰৰ সূত্ৰপাত যোগী ৰাজ্যৰ পৰাই হৈছে যদিও, উচ্চতম ন্যায়ালয়ে অবৈধ আগ্নেয়াস্ত্ৰ বন্ধ কৰাৰ বাবে নিজাববীয়াকৈ এই গোচৰটো (ছু মটো কেচ) ৰুজু কৰিছে।

Apply Now

লগতে পঢ়কঃ নতুন দিগন্ত মুকলি! ইলন মাস্কৰ স্পেচএক্সৰ পৰা ইছৰোৱে উৎক্ষেপণ কৰিলে GSAT-20 উপগ্ৰহ

উচ্চতম ন্যায়ালয়ে অৱশ্যে এই বিষয়টো কেৱল উদ্ধাৰ আৰু গ্ৰেপ্তাৰৰ মাজত সীমাবদ্ধ ৰাখিব নিবিচাৰে। উচ্চতম ন্যায়ালয়ে বিচাৰে যে সমগ্ৰ ৰাজ্যসমূহে অবৈধ আগ্নেয়াস্ত্ৰৰ এই কাৰবাৰ বন্ধ কৰক।

ন্যায়াধীশ নাগাৰত্ন আৰু ন্যায়াধীশ মিথালৰ বিচাৰপীঠে নিজৰ আদেশত কয় যে, “স্থানীয়ভাৱে অবৈধ আগ্নেয়াস্ত্ৰ নিৰ্মাণ কৰা হৈছে, লগতে অস্ত্ৰ আৰু গোলাবাৰুদৰ চোৰাং ব্যৱসায় চলি আছে। আৰু এই অস্ত্ৰসমূহ দেশ আৰু সমাজৰ বিৰুদ্ধে অপৰাধত ব্যৱহাৰ কৰা হৈছে, যিটো আটাইতকৈ চিন্তাৰ বিষয়। আমি অনুভৱ কৰোঁ যে অস্ত্ৰ আইনখনৰ বিভিন্ন ধাৰা ৰূপায়ণৰ ক্ষেত্ৰত এক শিথিল মনোভাৱে কাম কৰি আছে।”

আদালতে ৰায়দানত দেশৰ বিভিন্ন প্ৰান্তত অবৈধ আগ্নেয়াস্ত্ৰৰ কাৰখানা আৰু ৱৰ্কশ্বপৰ নিয়ন্ত্ৰণহীন বৃদ্ধিৰ কথাও উল্লেখ কৰে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক এই অস্ত্ৰৰ প্ৰসাৰ বন্ধ কৰাৰ বাবে একেলগে কাম কৰিবলৈ কয়।

লগতে পঢ়কঃ লগ্ন ৰক্ষা! দৰাৰ অনুৰোধত ৰে’ল মন্ত্ৰীৰ সঁহাৰি; পলমকৈ এৰিলে শৰাইঘাট, দৰাযাত্ৰী পালে গুৱাহাটীৰ ৰভাতলী

বিচাৰপীঠে কয় যে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পাঁচজনীয়া সমিতি গঠন কৰিব লাগে। এই সমিতিৰ অধ্যক্ষ হ’ব ৰাজ্যৰ মুখ্য সচিব। ইয়াৰ উপৰিও ৰাজ্যিক গৃহ সচিব, ৰাজ্যিক আৰক্ষীৰ ডি জি, আইন বিভাগৰ সচিব আৰু মুখ্য সচিবে মনোনীত কৰা বেলিষ্টিক বিভাগৰ এজন বিশেষজ্ঞক কমিটীত ৰাখিব লাগে।

এই কমিটীৰ কাম কি হ’ব? উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে সংশ্লিষ্ট ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে অস্ত্ৰৰ ব্যৱসায় বন্ধ কৰাৰ বাবে এক কৰ্ম পৰিকল্পনা প্ৰস্তুত কৰাৰ লগতে নিজ নিজ অঞ্চলৰ অবৈধ অস্ত্ৰ কাৰখানাসমূহৰ অডিট কৰা, কিমান পৰিমানে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ নিৰ্মাণ আৰু বিক্ৰী কৰা হৈছে তাৰ খতিয়ান লোৱা আৰু এই ব্যৱসায় বন্ধ কৰাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব— তাৰ ৰূপৰেখা প্ৰস্তুত কৰিব লাগিব।

লগতে পঢ়কঃ আমেৰিকাত গ্ৰেপ্তাৰ গেংষ্টাৰ লৰেঞ্চৰ ভাতৃ আনমোল বিষ্ণোই; আছে অপৰাধৰ দীঘলীয়া তালিকা

এই অবৈধ অস্ত্ৰৰে সমাজ বা ৰাষ্ট্ৰৰ বিৰুদ্ধে কেনেধৰণৰ অপৰাধ সংঘটিত হৈছে সেই সন্দৰ্ভতো অধ্যয়নৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। ইয়াৰ বাহিৰেও যদি কিবা ব্যৱস্থাৰ প্ৰয়োজন হয়, তেন্তে এই সমিতিসমূহে ইয়াৰ ওপৰতো চকু ৰাখিব। এই গোচৰত উচ্চতম ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তা এছ নাগামুথুক আদালত বন্ধু হিচাপে নিযুক্তি দিছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm
‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd