DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সকাহ! সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিক অগ্ৰিম জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2023 4:58 pm
654
VIEWS
Share on FacebookShare on Twitter

অংকিতা দত্তৰ হাৰাশাস্তিৰ গোচৰত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিক উচ্চতম ন্যায়ালয়ে অগ্ৰিম জামিন প্ৰদান কৰিছে।

এজাহাৰ (এফ আই আৰ) দাখিল কৰাত এমাহ পলম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰে যে শ্ৰীনিবাস বি ভি অন্তৱৰ্তীকালীন সুৰক্ষাৰ বাবে যোগ্য।

এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই আৰু সঞ্জয় কেৰলৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। শীৰ্ষ ন্যায়ালয়ৰ বিচাৰপীঠে অগ্ৰিম জামিনৰ পৰ্যায়ত সবিশেষ যুক্তিলৈ যোৱাৰ পৰা বিৰত থাকে।

“যদিও যুক্তিসমূহ দীঘলীয়াকৈ আগবঢ়োৱা হৈছে, এই পৰ্যায়ত আমি বিতংভাৱে বিবেচনা কৰাৰ উদ্দেশ্য নাই। ইতিমধ্যে নিষ্পত্তি কৰা হৈছে যে আগতীয়া জামিনৰ শুনানিৰ সময়ত প্ৰমাণৰ বিশদ পৰীক্ষা এৰাই চলিব লাগিব। আমি কেৱল ন্যূনতম তথ্য আৰু তাৰিখৰ কথাহে উল্লেখ কৰিম।’- আদালতে কয়।

ইয়াত ৫০ হাজাৰ টকাৰ বণ্ড প্ৰদান কৰি একে পৰিমাণৰ এজন বা দুজন জামিনৰ সৈতে তেওঁক আগতীয়াকৈ জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়া হৈছে।

শীৰ্ষ আদালতে লগতে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিক তদন্তত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে অসম চৰকাৰকো জাননী জাৰি কৰে।

তেওঁৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ বাতিল কৰিবলৈ অস্বীকাৰ কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল শ্ৰীনিবাসে।

আৱেদনখনত কোৱা হৈছিল যে ছত্তীশগড়ত সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰা অপৰাধৰ তদন্ত বা এফআইআৰ ৰুজু কৰাৰ কোনো অধিকাৰ অসম আৰক্ষীৰ নাই।

এফ আই আৰত অসম কংগ্ৰেছৰ প্ৰাক্তন নেত্ৰী অংকিতা দত্তই অভিযোগ কৰে যে যোৱা ২৫ মাৰ্চত ৰায়পুৰৰ মেফেয়াৰ হোটেলত অনুষ্ঠিত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনৰ সময়ত হোটেলখনৰ প্ৰৱেশদ্বাৰত শ্ৰীনিবাসে তেওঁক হাৰাশাস্তি কৰিছিল, তেওঁৰ বাহুত ধৰাৰ লগতে অশ্লীল শব্দ ব্যৱহাৰ কৰি ভাবুকিও দিছিল।

Recent News

Lok Sabha election

চমু চাপিছে নিৰ্বাচন: ইভিএম-পেপাৰট্ৰেইল মেচিনৰ পৰীক্ষণ আৰম্ভ নিৰ্বাচন আয়োগৰ

ফাঁচী বজাৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ তালাচী অভিযান

ফাঁচী বজাৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ তালাচী অভিযান

জুবিনৰ জীৱনভিত্তিক প্ৰথমখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে ৰেডিঅ’ গপ্-শ্বপ্ ৯৪.৩ এফ এমে

জুবিনৰ জীৱনভিত্তিক প্ৰথমখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে ৰেডিঅ’ গপ্-শ্বপ্ ৯৪.৩ এফ এমে

মণিপুৰত পুনৰ কেতিয়া আৰম্ভ হ’ব ইণ্টাৰনেট সেৱা? জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

মণিপুৰত পুনৰ কেতিয়া আৰম্ভ হ’ব ইণ্টাৰনেট সেৱা? জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd