• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাংবিধানিক পদবীত থকা ব্যক্তিয়ে ধৰ্ম-জাতিৰ ভিত্তিত কোনো সম্প্ৰদায়ক লক্ষ্য কৰি লোৱাটো সংবিধান বিৰোধী: উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2026 10:01 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনো ব্যক্তিয়ে ভাষণ, মিম, কাৰ্টুন বা দৃশ্যশিল্পৰ জৰিয়তে কোনো নিৰ্দিষ্ট সম্প্ৰদায়ক অপমান বা তুচ্ছতাচ্ছিল্য কৰাটো সাংবিধানিকভাৱে অগ্ৰহণযোগ্য বুলি এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়াইছে উচ্চতম ন্যায়ালয়ে । সৰ্বোচ্চ ন্যায়ালয়খনে স্পষ্ট কৰি দিছে যে মন্ত্ৰীৰ দৰে উচ্চ সাংবিধানিক পদবীত অধিষ্ঠিত ব্যক্তিসকলে ধৰ্ম, জাতি, ভাষা বা অঞ্চলৰ ভিত্তিত কোনো সম্প্ৰদায়ক কেতিয়াও লক্ষ্য কৰি ল’ব নালাগে, কিয়নো এনে কাৰ্যই সংবিধানৰ চূড়ান্ত উলংঘন কৰে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিদ্বেষমূলক ভাষণৰ অভিযোগ তুলি ৰুজু কৰা আৱেদন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি পক্ষসমূহক উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়াৰ প্ৰেক্ষাপটত সৰ্বোচ্চ ন্যায়ালয়ৰ এই মন্তব্য অতি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

‘ঘোচখোৰ পাণ্ডত’ নামৰ এখন নেটফ্লিক্স চলচ্চিত্ৰৰ নামাকৰণক লৈ ৰুজু হোৱা এক গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ বি ভি নাগাৰত্না আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ খণ্ডবিচাৰপীঠে এই নিৰ্দেশনা প্ৰদান কৰে। চলচ্চিত্ৰ নিৰ্মাতাসকলে ছবিখনৰ নাম সলনি কৰিবলৈ সন্মত হোৱাৰ পিছত ন্যায়ালয়ে গোচৰটো বন্ধ কৰি দিয়ে যদিও ন্যায়াধীশ উজ্জ্বল ভূঞাই এক পৃথক ৰায়দানত ভ্ৰাতৃত্ববোধ আৰু মত প্ৰকাশৰ স্বাধীনতাৰ সাংবিধানিক নীতিসমূহ পুনৰ দোঁহাৰে। তেওঁ উল্লেখ কৰে যে ছবিখনৰ নাম প্ৰত্যাহাৰ কৰাৰ পিছত কোনো ধৰণৰ আইনী বিচাৰৰ প্ৰয়োজন নাছিল যদিও ভৱিষ্যতে যাতে কোনো ভুল বুজাবুজিৰ সৃষ্টি নহয়, তাৰ বাবে এই সাংবিধানিক নীতিসমূহ স্পষ্ট কৰাটো অত্যন্ত প্ৰয়োজনীয় আছিল।

Apply Now

সাংবিধানিক মূল্যবোধৰ কথা উল্লেখ কৰি ন্যায়ালয়ে কয় যে ভ্ৰাতৃত্ববোধ হৈছে সংবিধানৰ অন্যতম মূল লক্ষ্য আৰু ই প্ৰস্তাৱনাৰ মাৰ্গদৰ্শক দৰ্শনৰ এক অবিচ্ছেদ্য অংগ। সংবিধানৰ ৫১ক(ঙ) অনুচ্ছেদৰ প্ৰসংগ টানি ন্যায়ালয়ে কয় যে ধৰ্মীয়, ভাষিক আৰু আঞ্চলিক বৈচিত্ৰ্যৰ উৰ্ধলৈ গৈ সমন্বয় আৰু ভ্ৰাতৃত্ববোধ গঢ়ি তোলাটো প্ৰতিগৰাকী নাগৰিকৰ মৌলিক কৰ্তব্য। ড° বি আৰ আম্বেদকাৰে ভ্ৰাতৃত্ববোধৰ ধাৰণাক স্বাধীনতা আৰু সমতাৰ সমকক্ষ হিচাপে স্থান দিয়াৰ কথা সোঁৱৰাই ন্যায়াধীশ ভূঞাই লিখিছে যে সংগী নাগৰিকৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাই হৈছে প্ৰকৃত ভ্ৰাতৃত্ববোধ। জাতি, ধৰ্ম বা ভাষা নিৰ্বিশেষে সহনাগৰিকক সন্মান কৰাটো এক সাংবিধানিক ধৰ্ম যিটো সকলোৱে পালন কৰা উচিত। শেহতীয়াকৈ নাগৰিকত্ব আইনৰ ৬ক ধাৰাৰ গোচৰৰ ৰায়দানৰ কথাও ইয়াত উল্লেখ কৰা হয়, য’ত সমাজৰ সকলো ব্যক্তিৰ মাজত ভ্ৰাতৃত্ববোধ জগাই তোলাৰ উদ্দেশ্যৰ কথা কোৱা হৈছিল।

এই প্ৰেক্ষাপটতে ন্যায়ালয়ে দৃঢ়তাৰে কয় যে চৰকাৰী বা বেচৰকাৰী যিকোনো পক্ষই মাধ্যম নিৰ্বিশেষে কোনো সম্প্ৰদায়ক অপমান কৰাটো গ্ৰহণযোগ্য নহয়। সাংবিধানিক শপত গ্ৰহণ কৰা উচ্চ পদস্থ ব্যক্তিসকলৰ ক্ষেত্ৰত এই নীতি অধিক প্ৰযোজ্য বুলি ন্যায়ালয়ে সঁকীয়াই দিয়ে। কোনো ব্যক্তিয়ে ধৰ্ম, ভাষা, জাতি বা অঞ্চলৰ ভিত্তিত কোনো নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি লোৱাটো সংবিধান বিৰোধী কাৰ্য। পূৰ্বতে চলচ্চিত্ৰখনৰ নামটোৱে সমাজৰ এটা নিৰ্দিষ্ট শ্ৰেণীক অপমানিত কৰা বুলি বিচাৰপীঠে যি উদ্বেগ প্ৰকাশ কৰিছিল, সেয়া সম্পূৰ্ণ যুক্তিসংগত আছিল বুলিও ন্যায়ালয়ে স্পষ্ট কৰে।

একে সময়তে ন্যায়ালয়ে চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদৰ অধীনত থকা বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰৰ কথাও সুঁৱৰাই দিয়ে। ন্যায়াধীশ ভূঞাই উল্লেখ কৰে যে গণতান্ত্ৰিক ব্যৱস্থাত চলচ্চিত্ৰ আৰু ব্যংগচিত্ৰকে ধৰি কলাত্মক প্ৰকাশৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু কেৱল কোনো নিৰ্দিষ্ট গোটে আপত্তি দৰ্শালেই ইয়াক দমন কৰিব নোৱাৰি। এছ ৰংগৰাজন, শ্ৰেয়া সিংঘাল, ইমৰাণ প্ৰতাপগঢ়ী আৰু ভাইকম ১৮ (পদ্মাৱত গোচৰ) আদি পূৰ্বৰ গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দানৰ উদ্ধৃতি দি ন্যায়ালয়ে পুনৰ দোঁহাৰে যে প্ৰতিবাদ বা ৰাজহুৱা শৃংখলা বিঘ্নিত হোৱাৰ ভাবুকিয়ে মত প্ৰকাশৰ স্বাধীনতাক পণবন্দী কৰিব নোৱাৰে। এখন চলচ্চিত্ৰক অতি স্পৰ্শকাতৰ ব্যক্তিৰ দৃষ্টিভংগীৰে নহয়, বৰঞ্চ এজন সাধাৰণ আৰু যুক্তিবাদী দৰ্শকৰ দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা উচিত।

কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণ ব‘ৰ্ডে এবাৰ ছবিত অনুমোদন জনোৱাৰ পিছত আদালতসমূহে ইয়াৰ প্ৰদৰ্শনত হস্তক্ষেপ কৰাৰ পৰা সাধাৰণতে বিৰত থকা উচিত বুলিও ন্যায়ালয়ে মন্তব্য কৰে। ইমৰাণ প্ৰতাপগঢ়ী গোচৰৰ পৰ্যবেক্ষণ উল্লেখ কৰি ন্যায়ালয়ে কয় যে ৭৫ বছৰীয়া এখন গণৰাজ্য এটা কবিতা বা কমেডী শ্ব’ৰ পৰা ভাবুকি অনুভৱ কৰিবলগীয়া অৱস্থাত থাকিব নালাগে। আদালতসমূহে কেতিয়াও বাক আৰু মত প্ৰকাশৰ স্বাধীনতা খৰ্ব কৰা বুলি প্ৰতীয়মান হ’ব নালাগে বুলিও ৰায়দানটোত উল্লেখ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

June 19, 2026 3:07 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

June 19, 2026 3:07 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd