নতুন ৰূপত উচ্চতম ন্যায়ালয়ৰ ডিজিটেল সংস্কৰণ: উচ্চতম ন্যায়ালয়ৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ 2.0 মুকলি

Supreme Court Mobile App

এইবাৰ নতুন ডিজিটেল ৰূপত আত্মপ্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। শীৰ্ষ আদালতৰ মোবাইল এপ্লিকেচনৰ এণ্ড্ৰইড সংস্কৰণ ২.০ আজি মুকলি কৰা হৈছে।

এই এপ্লিকেচনৰ সহায়ত এতিয়াৰ পৰা বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয়ৰ আইন বিষয়া আৰু ন’ডেল বিষয়াসকলে আদালতৰ কাৰ্যবিধি চলি থকা সময়তে চাব পাৰিব।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে এই সন্দৰ্ভত দিয়া ভাষ্য মতে এই মোবাইল এপ্লিকেচন গুগল প্লে ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব পৰা। অৱশ্যে ইয়াৰ আই অ’ এছ সংস্কৰণ এসপ্তাহৰ পিছত উপলব্ধ হ’ব হ’ব বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

“এণ্ড্ৰইড সংস্কৰণ ২.০ উপলব্ধ হোৱাৰ বিপৰীতে iOS এসপ্তাহৰ ভিতৰত উপলব্ধ হ’ব। এই এপ্লিকেচনৰ জৰিয়তে লগ ইন কৰি আদালতৰ কাৰ্যবিধি চাব পাৰিব।”— মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কয়।

আজিৰ শীৰ্ষ আদালতৰ কাৰ্যকলাপ আৰম্ভ হোৱাৰ পূৰ্বেই মুখ্য ন্যায়াধীশ গৰাকীয়ে এই এপ্লিকেচন মুকলিৰ বিষয়ে ঘোষণা কৰিছিল।