• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ষ্টেট বেংকৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ; এদিনৰ ভিতৰতে জমা দিব লাগিব নিৰ্বাচনী বণ্ডৰ তথ্য!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2024 12:42 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী বণ্ড সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংকৰ আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। সোমবাৰে দেশৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে কয় যে এদিনৰ ভিতৰত অৰ্থাৎ মঙলবাৰে নিৰ্বাচনী বণ্ডৰ সৈতে জড়িত সকলো তথ্য এছ বি আইয়ে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগক গতাই দিব লাগিব।

ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক নিৰ্দেশ দিছে যে অহা শুকুৰবাৰে (১৫ মাৰ্চ) সন্ধিয়া ৫ বজাৰ ভিতৰত বণ্ডৰ তথ্য চৰকাৰী ৱেবছাইটত প্ৰকাশ কৰিব লাগে।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ১২ এপ্ৰিল, ২০১৯ৰ পৰা এতিয়ালৈকে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় তথ্য ৬ মাৰ্চৰ ভিতৰত এছ বি আইয়ে গতাই দিব লগা আছিল। কিন্তু এছ বি আইয়ে উচ্চতম ন্যায়ালয়ক এই তথ্য প্ৰকাশৰ বাবে অতিৰিক্ত সময়ৰ বাবে অনুৰোধ জনায়।

Apply Now

লগতে পঢ়কঃ বিজেপিৰ শেষ কথা? ‘বিজেপিক দুই তৃতীয়াংশ আসনত জিকালেই সংবিধানৰ পৰা আঁতৰিব ধৰ্মনিৰপেক্ষতা’

১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড ব্যৱস্থাক ‘অসাংবিধানিক’ আৰু ‘ক্ষতিকাৰক’ বুলি অভিহিত কৰিছিল। আদালতে এছ বি আইক এই বণ্ডসমূহ শীঘ্ৰে জাৰি কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।

ইতিমধ্যে জনা গৈছিল যে নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰকাশ সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে দুখন আবেদনৰ শুনানি গ্ৰহণ কৰিব। বণ্ডৰ সৈতে জড়িত তথ্য প্ৰকাশৰ বাবে অতিৰিক্ত সময় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল এছ বি আইয়ে। সোমবাৰে এছ বি আইৰ আবেদনৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া সংবিধান বিচাৰপীঠে।

লগতে পঢ়কঃ পতিয়ে মোডীৰ নামত শ্লোগান দিলে ৰাতি ভাত নিদিব; মহিলাসকলক ‘পৰামৰ্শ’ কেজৰিৱালৰ

ইয়াৰ উপৰিও এছ বি আইৰ বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগ উত্থাপন কৰি আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ত আন এখন আবেদন দাখিল কৰা হয়। উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে তাৰো শুনানি গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশৰ উপৰিও সংবিধান বিচাৰপীঠত আছিল ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ বি আৰ গাভে, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰ।

বিৰোধী শিবিৰে আশা কৰিছিল যে বিগত ছবছৰত বিজেপিয়ে যিকোনো কৰ্পৰেট সংস্থাৰ পৰা কিমান টকা লাভ কৰিছিল সেই কথা প্ৰকাশ কৰিব। ২০১৭-১৮ৰ পৰা ২০২২-২৩ চনৰ ভিতৰত ছয় বছৰত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী বণ্ডত প্ৰায় ১২ হাজাৰ কোটি টকা লাভ কৰিছিল। ইয়াৰ পৰা কেৱল বিজেপিয়ে লাভ কৰিলে ৬৫৬৪ কোটি টকা। কংগ্ৰেছে পালে ১১৩৫ কোটি টকা। তৃণমূল কংগ্ৰেছে লাভ কৰিলে ১০৯৬ কোটি টকা।

লগতে পঢ়কঃ খেলা হ’ব! তৃণমূলৰ প্ৰাৰ্থী তালিকাত ডাঙৰ চমক ক্ৰিকেটাৰ ইউছুফ পাঠান, প্ৰতিদ্বন্দ্বী ডাঙৰ নেতা

উল্লেখ্য যে নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত নিৰ্বাচনী বণ্ডত পৰিচয় আৰু ধনৰ পৰিমাণ গোপনে ৰাখি ৰাজনৈতিক দলক দান দিয়াৰ সুবিধা দিয়া হৈছিল। সেই ব্যৱস্থাৰ দায়িত্বত আছিল এছ বি আই। আগতে এনেকুৱা আছিল যে, কোনো ব্যক্তি বা কৰ্পৰেট সংস্থাই যদি ৰাজনৈতিক দললৈ দান দিব বিচাৰে তেন্তে ষ্টেট বেংকৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ বণ্ড কিনি নিজ নিজ দলক দিব। ৰাজনৈতিক দলে সেই টকা ভাঙিব। মোডী চৰকাৰে কয় যে এই ব্যৱস্থা মূলতঃ ক’লা ধনৰ লেনদেন বন্ধ কৰিবলৈ লোৱা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd