Supreme Court On NOTA: নোটাত বেছি ভোট পৰিলে কি হ’ব? নিৰ্বাচন আয়োগৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

‘ন’ন অৱ দ্য এব’ভ’ বা নোটাত ভোটিঙৰ প্ৰৱণতাটো ইয়াৰ প্ৰৱৰ্তনৰ পিছৰে পৰা দ্ৰুতগতিত বৃদ্ধি পাইছে। কিন্তু, কোনো সমষ্টিত যদি দেখা যায় যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কোনো দলৰ প্ৰাৰ্থীকে ভোটাৰসকলে পছন্দ কৰা নাই। অৰ্থাৎ নোটাতেই বেছি ভোট পৰিছে, তেন্তে কি হ’ব?

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এই গোচৰত সমষ্টিৰ ভোট বাতিল কৰাৰ বাবে আবেদন দাখিল কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ভাৰতীয় নিৰ্বাচন আয়োগক তেওঁলোকৰ মতামত বিচাৰি জাননী জাৰি কৰে।

লগতে পঢ়কঃ IPL 2024: বেয়াৰষ্ট’ৰ সন্মুখত দিশহাৰা কলকাতা; টী-২০ ইতিহাসত সৰ্বাধিক ৰান চেজ কৰি জয়লাভ পঞ্জাবৰ

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে নিৰ্বাচন আয়োগক নোটা সম্পৰ্কীয় নিয়মসমূহ পৰীক্ষা কৰিবলৈ কয়। বিচাৰপীঠে কয়, আমি বিষয়টো চাই আছো। আয়োগক জাননী দিয়া হৈছে। ই নিৰ্বাচনী প্ৰক্ৰিয়াৰ ভিতৰত পৰে।

প্ৰেৰণাদায়ক গ্ৰন্থৰ বিশিষ্ট লেখক শিৱ খেৰাই এই আবেদনখন কৰিছে। আবেদনখনত তেওঁ কয় যে যদি দেখা যায় যে কোনো এটা সমষ্টিত সৰ্বাধিক ভোট নোটাত দিয়া হৈছে, তেন্তে সেই সমষ্টিৰ নিৰ্বাচন বাতিল কৰিব লাগে।

খেৰাৰ অধিবক্তা গোপাল শংকৰানাৰায়ণে শেহতীয়া চুৰাটৰ দৃষ্টান্তৰ উদ্ধৃতি দিয়ে। য’ত এজনতকৈ অধিক প্ৰাৰ্থী নথকাৰ বাবে ভোটগ্ৰহণ হোৱা নাই। তেওঁৰ দাবী, প্ৰতিদ্বন্দ্বী নাথাকিলেও NOTA থাকিব। গতিকে তাত বিনা প্ৰতিদ্বন্দ্বিতাত কেনেকৈ জয়ী হ’ল প্ৰাৰ্থী। জনমত পৰীক্ষা নকৰাকৈয়ে সিদ্ধান্ত লোৱা হৈছে।

লগতে পঢ়কঃ শ্ৰুতি হাছান-শান্তনু হাজৰিকাৰ প্ৰেমৰ সম্পৰ্কৰ অৱসান!ইনষ্টাগ্ৰামত ইজনে-সিজনক কৰিলে আনফ’ল’

আৱেদনখনত লগতে কোৱা হৈছে যে যদি কোনো প্ৰাৰ্থীয়ে নোটাতকৈ কম ভোট পায়, তেন্তে তেওঁক পাঁচ বছৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰিব লাগে। মন কৰিব যে ২০১৩ চনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত NOTA প্ৰৱৰ্তন কৰা হৈছিল। তেতিয়াৰ পৰা যদি কোনো প্ৰাৰ্থীক ভোটাৰে ভাল নাপায় তেন্তে NOTA ভোটিং আৰম্ভ হয়। ইয়াত জনমতৰ সত্যাসত্য নিৰূপণ হয় আৰু একাংশ লোকৰ প্ৰতিবাদো প্ৰতিফলিত হয়। অৱশ্যে NOTA ভোটৰ কোনো নিৰ্দিষ্ট মূল্য নাই। ভোটৰ ফলাফলতো ইয়াৰ কোনো প্ৰভাৱ নপৰে।