দিন নাই,ৰাতি নাই,যেতিয়াই-তেতিয়াই কিয় ঘৰত গৈ হাজিৰ হয়? ইডিক জবাবদিহি উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়।

বিজেপিৰ শাসনত ইডিৰ দপদপনি দেখিছে দেশে। সকলো ৰাজ্যতে ইয়াৰ অভিযানৰ গতি তীব্ৰ বেগেৰে দৌৰিছে। আৰু দিন-ৰাতি নাই ইডি  গৈ ঘৰত উপস্থিত সকলোৱে দেখিছে। খাবলৈ, শুবলৈ আৰু বহিবলৈ নিদি সংশ্লিষ্ট অভিযুক্তক বিভিন্ন অস্বস্তি বা সমস্যাত পেলায়। তদন্তমূলক কাৰ্যকলাপৰ উপৰিও ইডিয়ে নিজৰ অভিযান চলোৱাৰ ধৰণেও তদন্তৰ আওতালৈ অহাসকলক ক্ষুব্ধ কৰি তোলে। কিন্তু সাধাৰণতে হয়তো একো নকয়।

অৱশ্যে এইবাৰ এজনে অভিযোগ উত্থাপন কৰিছে। চৌষষ্ঠি বছৰীয়া ব্যৱসায়ী। নাম ৰাম ইশৰাণী। তেওঁ অভিযোগ কৰে যে তেওঁক বেংক জালিয়াতিৰ গোচৰত ফচোৱা হৈছে। সেই বিষয়টোৰ তদন্ত হ’ব নে নহয় সেয়া পিছৰ কথা।

লগতে পঢ়কঃ আপুনিতো ৪০০ কোটি টকা লাভ কৰিছে, তেন্তে ইমান খং কিয়! গোৱেংকাক কটাক্ষ ছেহৱাগৰ

সদ্যহতে ব্যৱসায়ীজনে অভিযোগ কৰা বিষয়টো হ’ল অদ্ভুত সময়ত (অড আৱাৰছ) তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। এইবাৰ উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত পৰ্যাপ্ত কাৰণ দেখুৱাবলৈ ইডিক নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৃষিকেশ ৰায় আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে।

ৰাম ইশৰাণীয়ে কয় যে যোৱা বছৰৰ ৭ আৰু ৮ আগষ্টত তেওঁক ইডিৰ কাৰ্যালয়ত অপেক্ষাৰত কৰি বহুৱাই ৰখা হৈছিল। ইডিয়ে তেওঁক নিশা ১০:৩০ বজাৰ পৰা পুৱা ৩ বজালৈ অপেক্ষা কৰিবলৈ বাধ্য কৰাইছিল। প্ৰায় ২০ ঘণ্টা! আৰু কেইঘণ্টামানৰ পিছত প্ৰায় ৫:৩০ বজাত তেওঁক ইডিয়ে গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়কঃ মানুহৰ শৰীৰত গাহৰিৰ কিডনি প্ৰতিস্থাপন! দুমাহৰ ভিতৰত মৃত্যুক সাৱটিলে গ্ৰহণকাৰী বৃদ্ধই

ব্যৱসায়ীজনক  লগতে ততাতৈয়াকৈ কোনো দণ্ডাধীশৰ আগত অনা হোৱা নাছিল বুলিও তেওঁ অৱগত কৰে। এই বিষয়টোতে এইবাৰ উচ্চতম ন্যায়ালয়ে ইডিক জবাবদিহি কৰিছে।