NORTHEAST NOW (Assamese)

একেটা গোচৰ ৪৩ বাৰ স্থগিত! উচ্চতম ন্যায়ালয়ৰ ধমক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

August 27, 2025 11:43 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 27, 2025 11:44 am

এলাহাবাদ উচ্চ ন্যায়ালয়ত ৪৩ বৰকৈ স্থগিত একেটা গোচোৰ। অৱশেষত তিনি বছৰৰও অধিক সময় ধৰি কাৰাগাৰত ৰখা ৰামনাথ মিশ্ৰই অৱশেষত জামিন লাভ কৰিলে উচ্চতম ন্যায়ালয়ৰ পৰা। উল্লেখযোগ্যভাৱে তেওঁৰ জামিন আবেদন এলাহাবাদ উচ্চ ন্যায়ালয়ে এবাৰ বা দুবাৰ নহয়, ৪৩ বাৰলৈ স্থগিত ৰাখিছিল।

২৫ আগষ্টত মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ এন ভি অঞ্জৰিয়াৰ নেতৃত্বাধীন সংমণ্ডল বিচাৰপীঠে এই গোচৰটো শুনানি গ্ৰহণ কৰে। আদালতে পৰ্যবেক্ষণ কৰি কয়, “ব্যক্তিগত স্বাধীনতাৰ সৈতে জড়িত বিষয়বোৰ সাংবিধানিক আদালতে অগ্ৰাধিকাৰৰ ভিত্তিত বিবেচনা কৰিব লাগে। কিন্তু ইয়াত দেখা গৈছে যে আবেদনকাৰীৰ জামিন গোচৰ বাৰে বাৰে স্থগিত ৰখা হৈছে, যি সম্পূৰ্ণভাৱে গ্ৰহণযোগ্য নহয়।”

চিবিআইৰ এক গোচৰত চাৰে তিনি বছৰৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল ৰামনাথ মিশ্ৰ। তেওঁৰ জামিন আবেদন যোৱা কেইবছৰ ধৰি আদালতত থাকিলেও কার্যকৰী সিদ্ধান্ত নোহোৱাত আবেদনকাৰী শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

উচ্চতম ন্যায়ালয়ে কঠোৰ ধমক দি কয়, এলাহাবাদ উচ্চ ন্যায়ালয়ে এনে গুৰুত্বপূৰ্ণ বিষয় একো সিদ্ধান্ত নোলোৱা কৈ কেৱল স্থগিত কৰি অহাটো গ্ৰহণযোগ্য নহয়। আদালতে উক্ত গোচৰত আন এজন অভিযুক্তক যোৱা মে’ মাহতেই জামিন প্ৰদান কৰা হৈছিল বুলি উল্লেখ কৰি কয় যে আবেদনকাৰীৰ ক্ষেত্ৰত এনেদৰে ২৭ বাৰ বা তাতকৈও অধিক সময়ত পিছুৱাই দিয়াটো “আচৰিত”।

অৱশেষত মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠে ৰামনাথ মিশ্ৰক জামিন মঞ্জুৰ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ব্যৱহাৰৰ তীব্ৰ সমালোচনা কৰে।

Related News