DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

ক্ষুধাতুৰ লোকক মৃত্যুৰ পৰা বচাবলৈ আঁচনি বিকশিত কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2021 5:08 pm
Supreme Court on Tripura Violence
134
VIEWS
Share on FacebookShare on Twitter

দেশৰ ভোকৰ সন্মুখীন হৈ মৃত্যু হোৱা ক্ষুধাতুৰ লোকসকলক বচাবলৈ এখন আঁচনি বিকশিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰক ৰাজ্য চৰকাৰ সমূহৰ সৈতে আলোচনাত মিলিত হৈ আঁচনিখন প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়ে।

উচ্চতম ন্যায়ালয়ে ভোক আৰু পুষ্টিহীনতাৰ মোকাবিলা কৰিবলৈ সমগ্ৰ দেশজুৰি সামূহিক পাকঘৰ স্থাপনৰ বাবে কৰা আবেদনৰ শুনানিৰ পিছত এই নিৰ্দেশনা জাৰি কৰিছে।

মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত এখন বিচাৰপীঠে এটৰ্নি জেনেৰেল কে কে বেণুগোপালক কয়, “যদি আপোনালোকে ভোকাতুৰৰ যত্ন ল’ব বিচাৰে কোনো সংবিধান, আইন বা আদালতে না ক’ব নোৱাৰে।”

আদালতে লগতে কয়, “ইতিমধ্যে আমি যথেষ্ট পলম কৰিছো। সেয়েহে আৰু স্থগিত ৰখাটোৱে সহায় নকৰিব। আমি আপোনাক দুসপ্তাহৰ অন্তিম সময় দিম। অনুগ্ৰহ কৰি এখন আঁচনি বিকশিত কৰিবলৈ ৰাজ্য চৰকাৰৰ সৈতে বৈঠকখন অনুষ্ঠিত কৰক।”

মুখ্য ন্যায়াধীশ ৰমনাই কয়, “দেশৰ বহু লোক ভোকত মৰি আছে আৰু পুষ্টিহীনতা এটা পৃথক বিষয়। ইয়াক অন্য বিষয়ৰ সৈতে সানমিহলি নকৰিব।”

তেওঁ লগতে কয় যে আন্তৰ্জাতিক পুষ্টিহীনতা সূচকক লৈ চিন্তিত নহয়, কিন্তু ইয়াৰ একমাত্ৰ লক্ষ্য হৈছে দেশৰ ভোকৰ সমস্যাবোৰ নিয়ন্ত্ৰণ কৰা। বিচাৰপীঠে কয় যে যিকোনো কল্যাণমূলক ৰাজ্যৰ বাবে প্ৰথম দায়িত্ব হৈছে মানুহক ভোকত মৰিবলৈ নিদিয়া।

ন্যায়াধীশ এ এছ বোপান্না আৰু হিমা কোহলীক লৈ গঠিত বিচাৰপীঠে কেন্দ্ৰক সমালোচনা কৰি কয় যে কেন্দ্ৰৰ শপতনামা আৰু দাখিলৰ পৰা দেখা গৈছে যে ই এতিয়াও বিষয়টোৰ ওপৰত পৰামৰ্শ সংগ্ৰহৰ প্ৰক্ৰিয়াতে আছে।

“এনে অনুভৱ হৈছে যেন চৰকাৰে আঁচনিখন ৰূপায়ণ কৰিবলৈ ইচ্ছুক নহয়।” বিচাৰপীঠে উল্লেখ কৰে।

শীৰ্ষ ন্যায়ালয়ে এক সুষম আঁচনি প্ৰস্তুত কৰিবলৈ কেন্দ্ৰক ৩ সপ্তাহৰ সময় দিব বুলি উল্লেখ কৰিছে আৰু এই সময়ছোৱাতে ৰাজ্য চৰকাৰ সমূহৰ সৈতে আলোচনাত মিলিত হৈ আঁচনি প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়ে।

Recent News

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা,শীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ অগ্ৰগতি

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা,শীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ অগ্ৰগতি

এলোৰ্ডা কাপত ৰূপৰ পদক অৰ্জন অসমৰ তাৰকা বক্সাৰ যমুনা বড়োৰ

এলোৰ্ডা কাপত ৰূপৰ পদক অৰ্জন অসমৰ তাৰকা বক্সাৰ যমুনা বড়োৰ

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd