ভাৰত নে India? দেশৰ নামটোক লৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কাইলৈ

supreme-court_of_India-570x320-750x375

উচ্চতম ন্যায়ালয়।

আমাৰ সংবিধানত দেশখনৰ নাম ইণ্ডিয়া সলনি কৰি ভাৰত ৰখাৰ দাবীৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবদেনৰ শুনানি আজি অনুষ্ঠিত নহ’ল।

কাইলৈ আবেদনখনৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ’ব। আজি মুখ্য ন্যায়াধীশৰ আদালত নবহাৰ বাবে শুনানি গ্ৰহণ কৰা নহ’ল।

দিল্লীৰ এগৰাকী ব্যক্তিয়ে এই আবেদনখন দাখিল কৰিছিল।

আবেদনকাৰীৰ মতে ইণ্ডিয়া শব্দটোৱে ইংৰাজৰ গোলামীক দাঙি ধৰে যিটো ভাৰতৰ পৰাধীনতাৰ প্ৰতীক।

সেয়েহে এই ইণ্ডিয়া শব্দৰ পৰিৱৰ্তে ভাৰত বা হিন্দুস্তান শব্দৰ ব্যৱহাৰ হোৱা উচিত।

আবেদনখনত উল্লেখ কৰা হৈছে যে সংবিধানৰ প্ৰথম অনুচ্ছেদত লিখা আছে যে ইণ্ডিয়া অৰ্থাৎ ভাৰত। কিন্তু আপত্তিটো হ’ল যে যেতিয়া দেশ এখনেই, তেনেক্ষেত্ৰত ইয়াৰ নাম দুটা কিয় আৰু এটা নামেই কিয় ব্যৱহাৰ কৰিব নোৱাৰি।

আবেদলখনত কোৱা হৈছে যে ভাৰত বা হিন্দুস্তান শব্দটোৱে আমাৰ ৰাষ্‌ট্ৰীয়তাৰ প্ৰতি গৌৰৱৰ ভাব সৃষ্টি কৰে।

সেয়েহে, উচ্চতম ন্যায়ালয়ে চৰকাৰক সংবিধানৰ অনুচ্ছেদ ১ৰ সংশোধনৰ বাবে পদক্ষেপ গ্ৰহণ কৰি ইণ্ডিয়া শব্দটো অঁতৰাই দেশখনৰ নাম ভাৰত বা হিন্দুস্তান কৰিবলৈ অনুৰোধ জনাইছে।

এই আবেদনৰ শুনানি আজি মুখ্য ন্যায়াধীশৰ আদালতত আছিল যদিও মুখ্য ন্যায়াধীশৰ বিচাৰপীঠ আজি নবহাৰ বাবে কাইলৈ ইয়াৰ শুনানি গ্ৰহণ কৰা হ’ব।