পতঞ্জলিয়ে যোগাসন কেম্পৰ বাবদ দিব লাগিব সেৱা কৰ; উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

পুনৰবাৰ চৰ্চাত বাবা ৰামদেৱৰ পতঞ্জলি৷শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে শুল্ক, আবকাৰী আৰু সেৱা কৰ ন্যায়াধিকৰণৰ (CESTAT)ৰ এলাহাবাদ বিচাৰপীঠে ২০২৩ চনৰ ৫ অক্টোবৰত দিয়া নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে৷উক্ত আদেশত পতঞ্জলি যোগপীঠ ট্ৰাষ্ট -এণ্ট্ৰিৰ উদ্যোগত আয়োজন কৰা স্বাস্থ্য আৰু ফিটনেছ সেৱাৰ ওপৰত ট্ৰাষ্টে ‘সেৱা কৰ’ দিব লাগিব বুলি উল্লেখ কৰিছিল।

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি ট্ৰাষ্টৰ আবেদন নিষ্পত্তি কৰাৰ সময়ত ন্যায়াধীশ এ এছ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে কয় যে পতঞ্জলিৰ যোগাসনৰ কেম্পসমূহক ‘স্বাস্থ্য আৰু ফিটনেছ সেৱা’ হিচাপে শ্ৰেণীভুক্ত কৰাটো উচিত।

লগতে পঢ়ক: নিৰ্বাচনী বণ্ডত ১৬ লাখ কোটিৰ দুৰ্নীতি! অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তত্বাৱধানত তদন্তৰ দাবীত উচ্চতম ন্যায়ালয়ত গোচৰ বিশিষ্ট আইনজীৱীৰ

২০১২ চনৰ অক্টোবৰ মাহত শুল্ক আৰু কেন্দ্ৰীয় আবকাৰী আয়ুক্তৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই পতঞ্জলি ট্ৰাষ্টে CESTATৰ কাষ চাপিছিল। উক্ত আদেশত ট্ৰাষ্টৰ পৰা ৪.৯৪ কোটি টকা আৰু সমান পৰিমাণৰ ধন টেক্স হিচাপে বিচৰা হৈছিল।

CESTAT ৰ সন্মুখত যুক্তি দি ট্ৰাষ্টে কৈছিল যে ইয়াৰ কাৰ্য্যকলাপ ‘স্বাস্থ্য আৰু ফিটনেছ সেৱা’ৰ সংজ্ঞাৰ অধীনত কৰৰ যোগ্য নহয় কাৰণ ই শাৰীৰিক ফিটনেছৰ সেৱা নহয়, যোগৰ জৰিয়তে চিকিৎসা প্ৰদান কৰে।এই যোগ শিবিৰসমূহত অংশগ্ৰহণকাৰীসকলৰ পৰা যিখিনি ধন লাভ কৰিছিল সেয়া স্বেচ্ছামূলক অনুদান আৰু প্ৰদান কৰা কোনো সেৱাৰ বাবে লোৱা মাচুল নহয় বুলিও ট্ৰাষ্টে কয়।

লগতে পঢ়ক:  IPL 2024: ট্ৰেভিছৰ ধুমুহাৰে হায়দৰাবাদৰ ৰানৰ পাহাৰ; দুৰ্দান্ত আৰম্ভণি কৰিও আত্মসমৰ্পন দিল্লীৰ

ট্ৰাষ্টৰ আবেদন নাকচ কৰি CESTAT-এ ১৯৯৪ চনৰ বিত্ত আইনত সন্নিৱিষ্ট ‘স্বাস্থ্য আৰু ফিটনেছ সেৱা’ৰ সংজ্ঞাৰ ওপৰত নিৰ্ভৰ কৰিছিল, য’ত কোৱা হৈছে যে শাৰীৰিক ফিটনেছৰ বাবে সেৱা যেনে ষ্টীম বাথ, তুৰ্কী বাথ, ছ’লাৰিয়াম, স্পা, স্লিমিং চেলুন, জিম, যোগাসন, মালিচ আদি অন্তৰ্ভুক্ত৷

ট্ৰাষ্টে যিখিনি লাভ কৰিছিল সেয়া অনুদান বুলি কৰা দাবীৰ সন্দৰ্ভত CESTAT-এ কয়, ‘এয়া একেবাৰে স্পষ্ট যে এই ধনৰাশি স্বাস্থ্য আৰু ফিটনেছ সেৱাৰ অধীনত কৰযোগ্য সেৱাৰ বাবে লোৱা মাচুলৰ বাহিৰে আন একো নাছিল৷’

লগতে পঢ়ক: শাৰীৰিক অসুস্থতাৰ বাবে প্ৰচাৰৰ পৰাও বিৰত আছিল; নিৰ্বাচনৰ পিছদিনাই মৃত্যু বিজেপি প্ৰাৰ্থীৰ!