ব্যক্তিগত কাৰণত য়ুনাইটেড আৰৱ আমেৰিটছত অনুষ্ঠিত হ’বলগীয়া ২০২০ বৰ্ষৰ আই পি এলত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চেন্নাই চুপাৰ কিংছৰ তাৰকা অলৰাউণ্ডাৰ সুৰেশ ৰাইনাই।
সুৰেশ ৰাইনাই ব্যক্তিগত কাৰণৰ বাবে য়ু এ ইৰ পৰা ভাৰতলৈ উভতি আহে আৰু ২০২০ বৰ্ষৰ সম্পুৰ্ণ আই পি এলত নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
চেন্নাই চুপাৰ কিংছৰ তৰফৰ পৰা শনিবাৰে এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে।
”চেন্নাই চুপাৰ কিংছে এই সময়ত সুৰেশ ৰাইনা আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি সম্পুৰ্ণ সহযোগিতা আগবঢ়াব,” চেন্নাই চুপাৰ কিংছৰ চি ই অ’ কে এছ বিশ্বনাথনে এইদৰে কয়।
য়ু এ ইত ১৯ ছেপ্তেম্বৰৰ পৰা ২০২০ বৰ্ষৰ আই পি এল অনুষ্ঠিত হ’ব।
উল্লেখযোগ্য যে, সুৰেশ ৰাইনাই ১৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
চেন্নাই চুপাৰ কিংছৰ সুৰেশ ৰাইনাৰ লগতে কলকাতা নাইট ৰাইডাৰ্ছৰ অপেনিং বেটছমেন ক্ৰিছ লিনেও মাতৃৰ অসুস্থতাৰ বাবে চলিত বৰ্ষৰ আই পি এলত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।