• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাৰ্ছ আত্মহত্যা : চিকিৎসকসহ তিনি গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ; স্বামী আৰু শাহুৱেকো হ’ব গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 27, 2020 12:37 pm
Pic-6-5
38.7k
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ এগৰাকী নাৰ্ছৰ আত্মহত্যা কাণ্ডৰ বাবে আৰক্ষীয়ে এজন শল্য চিকিৎসকসহ তিনি গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে যোৱা ২১ অক্টোবৰত ২৮ বছৰীয়া মেঘনা আচাৰ্য নামৰ নৱশাৰী অসামৰিক চিকিৎসালয়ত কৰ্মৰত এগৰাকী নাৰ্ছে ভেজালপুৰৰ নিজ মাতৃ গৃহত আত্মহত্যা কৰে।

মৃত মেঘনাই আত্মহত্যা কৰাৰ পূৰ্বে পাঁচ পৃষ্ঠাৰ এক চুইচাইড নোটছ লিখি থৈ গৈছে। উক্ত টোকাত চিকিৎসালয়খনৰ দুগৰাকী ধাত্ৰী তাৰা গামিট আৰু বিনীতা আৰু চিকিৎসক ডাঃ অবিনাশ ডুবেই তেওঁক কৰ্তব্যৰ সময়ত শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি আহিছিল বুলি উল্লেখ আছে।

আনকি টোকাটোত তেওঁৰ স্বামী অংকিত খাম্ভাটা আৰু শাহুৱেক জয়শ্ৰী খাম্ভাটাইও মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলাই মাতৃ গৃহৰ পৰা ৫ লাখ টকাৰ দাবী কৰি আহিছিল বুলি লিপিৱদ্ধ কৰি গৈছে। যোৱা ছমাহ ধৰি মেঘনাই স্বামী গৃহ এৰি মাতৃ গৃহতে আছিল।

কৰ্তব্যস্থলী আৰু স্বামী গৃহত ভোগা অত্যাচাৰৰ বাবেই মেঘনা আচাৰ্যই এই চৰম পন্থা লোৱা বুলিও উল্লেখ কৰিছে টোকাটোত। টোকাটোত তেওঁৰ আত্মহত্যাৰ বাবে এই পাঁচজন ব্যক্তিয়েই দায়ী বুলিও লিখি গৈছে মেঘনাই।

মেঘনাই আত্মহত্যা কৰাৰ পিছত যোৱা ২৫ অক্টোবৰত মাতৃ মীনা আচাৰ্যই নৱশাৰী আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰ লাভ কৰি উক্ত টোকাৰ ভিত্তিত আৰক্ষীয়ে পাঁচ গৰাকী অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৪(খ), ৩০৬, ৩৫৪(ক), ৪৯৮(ক), ১১৪ আদি কেবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে এজন চিকিৎসকসহ দুই অভিযুক্ত ধাত্ৰীক ক’ৰ’ণা টেষ্ট কৰোৱাই ৰিজাল্ট নিগেটিভ অহাৰ পিছত গ্ৰেপ্তাৰ কৰিছে।

আনহাতে অতি শীঘ্ৰেই আন দুই অভিযুক্ত ক্ৰমে মেঘনাৰ স্বামী আৰু শাহুৱেককো গ্ৰেপ্তাৰ কৰা হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

“আত্মহত্যা কৰা মেঘনাৰ চুইচাইড টোকাৰ ভিত্তিত পাঁচজন অভিযুক্তৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছো। আমি অন্য অভিযুক্তসকলো অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিম।” নৱশাৰী চক্ৰ আৰক্ষী বিষয়া পি জি চৌধুৰীয়ে কয়।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd