• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসমৰ খিলঞ্জীয়া মুছলমানৰ জনসংখ্যা নিৰূপণৰ বাবে চৰকাৰে চলাব জৰীপ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 11, 2020 1:22 pm

2 min read

Population-survey

প্ৰতিনিধিত্বমূলক চিত্ৰ

2.1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ খিলঞ্জীয়া মুছলমানৰ জনসংখ্যা নিৰূপণৰ বাবে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে এক জৰীপ চলোৱাৰ সম্ভাৱনাই দেখা দিছে।

এক সূত্ৰৰ পৰা জানিব পৰা মতে, অসমৰ সংখ্যালঘু কল্যাণ মন্ত্ৰী ৰঞ্জিত দত্তই অলপতে গৰিয়া, মৰিয়া, দেশী আৰু চাহ জনজাতিৰ জলাহ সম্প্ৰদায়ৰ সৈতে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল।

নিজকে খিলঞ্জীয়া বুলি দাবী কৰা অহা এই চাৰিটা সম্প্ৰদায়ৰ মাজতে জৰীপ চলোৱা হ’ব বুলি জানিব পৰা গৈছে।

সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে এই সন্দৰ্ভত কয়, ‘অসমত মুছলমান জনসংখ্যা প্ৰায় ১.৩ কোটি আৰু তাৰ ভিতৰত ৯০ লাখ বাংলাদেশী মূলৰ। বাকী ৪০ লাখ বিভিন্ন জনজাতিৰ আৰু তেওঁলোকক চিনাক্ত কৰাৰ প্ৰয়োজনীয়তা আছে’।

জনগোষ্ঠীয় সমন্বয় পৰিষদ অসমৰ আহ্বায়ক আৱালে কয় যে খিলঞ্জীয়া সকলক চিনাক্ত কৰিব নোৱাৰাৰ বাবেই তেওঁলোকে চৰকাৰৰ কল্যাণকামী আঁচনি সমূহৰ লাভ গ্ৰহণ কৰিব পৰা নাই।

উল্লেখ্য যে অসম চুক্তিৰ ৬ নং দফা অনুসৰি খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত তথা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিৰ তৎপৰতাৰ সময়তে চৰকাৰে খিলঞ্জীয়া মুছলমানৰ সমীক্ষা চলোৱাৰ কথা চিন্তা-চৰ্চা কৰিছে।

আৱালে লগতে কয়, ‘এন আৰ চিত বহু বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে। সেইখনক আমি ভিত্তি কৰিব নোৱাৰো। যদি আজি আমি একো ব্যৱস্থা নলও তেন্তে অসমৰ সকলো জনজাতি এদিন নাইকিয়া হৈ পৰিব’।

উল্লেখ্য যে আৱালে ২০১৫ চনতে তেতিয়াৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি অসমত এনেধৰণৰ এটা সমীক্ষা চলোৱাৰ বাবে অনুৰোধ জনাইছিল।

অসমত প্ৰকৃত খিলঞ্জীয়া মুছলমানৰ সংখ্যা নিৰূপণৰ বাবে চলাবলগীয়া জৰীপৰ বাবে ৰেজিষ্টাৰ জেনেৰেল অব ইণ্ডিয়াৰ পৰা অনুমোদনৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ জনাব বুলিও মমিনুল আৱালে কয়।

এই সন্দৰ্ভত কয়, ‘আৰ জি আইৰ অনুমোদন অবিহনে এই সমীক্ষা আইনসংগত নহ’ব’।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd