DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

সূৰ্যকুমাৰ যাদৱৰ শিৰত আন এক কিৰীটি: ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ টি-২০ ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত ভাৰতৰ ‘মিষ্টাৰ ৩৬০’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2023 9:09 pm
Suryakumar Yadav
107
VIEWS
Share on FacebookShare on Twitter

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেকৰ পিছতে টি-২০ ক্ৰিকেটত ধাৰাবাহিকভাৱে দপদপনি তুলি অহা ক্ৰিকেট বিশ্বৰ নতুন ‘মিষ্টাৰ ৩৬০’ হিচাপে পৰিচিত হৈ পৰা তাৰকা ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱক আজি ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ টি-২০ ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰিছে আই চি চি- এ।

বিগত বৰ্ষটোত দাঙি ধৰা অনবদ্য প্ৰদৰ্শনৰ সুবাদত বেটিং তাৰকাগৰাকীলৈ আগবঢ়োৱা হৈছে এই সন্মান। ভাৰতীয় ক্ৰিকেটৰ নিৰ্ভৰযোগ্য তাৰকাগৰাকীয়ে যোৱা বৰ্ষত এটা কেলেণ্ডাৰ বৰ্ষত ১০০০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰা ইতিহাসৰ মাত্ৰ দ্বিতীয়গৰাকী বেটাৰ হিচাপে পৰিগণিত হৈছিল।

বিস্ফোৰক বেটিঙেৰে বিপক্ষৰ বাবে ক্ৰীজত বিপজ্জনক হৈ পৰা যাদৱে যাদৱে ২০২২ চনত টি-২০ ক্ৰিকেটত সংগ্ৰহ কৰিছিল সৰ্বাধিক ৰান। ১৮৭.৪৩ৰ অতুলনীয় ষ্ট্ৰাইক ৰেটেৰে তাৰকাগৰাকীয়ে সংগ্ৰহ কৰিছিল ১১৬৪ ৰান।

 

Presenting the ICC Men’s T20I Cricketer of the Year 2022 👀#ICCAwards

— ICC (@ICC) January 25, 2023

তদুপৰি যাদৱে ২০২২ বৰ্ষত মুঠ ৬৮ টা ছয় কোবাইছিল। টি-২০ ফৰ্মেটৰ ইতিহাসত এটা কেলেণ্ডাৰ বৰ্ষত এইদৰে সৰ্বাধিক ছয় কোবোৱা বেটাৰ হিচাপে পৰিগণিত হৈছিল সূৰ্যকুমাৰ যাদৱ। বৰ্ষটোত আগবঢ়োৱা চমকপ্ৰদ প্ৰদৰ্শনৰ ফলশ্ৰুতিত যাদৱে টি-২০ বেটাৰ ৰেংকিঙত শীৰ্ষ স্থানত আৰোহণ কৰিছিল।

ইফালে মহিলা ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ টাহলিয়া মেকগ্ৰাথক ২০২২ বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ মহিলা টি-২০ ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰে আই চি চি- এ। ২০২১ চনৰ অক্টোবৰ মাহত আন্ত:ৰাষ্ট্ৰীয় অভিষেক ঘটোৱা মেকগ্ৰাথ বৰ্তমান আইচিচি মহিলা টি-২০ ৰেংকিঙত শীৰ্ষস্থানৰ বেটাৰ।

Recent News

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd