• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অপ্ৰতিৰোধ্য ‘মিষ্টাৰ ৩৬০°’: ৰিজৱানক অতিক্ৰমি অনন্য কৃতিত্ব গঢ়িলে সূৰ্যকুমাৰ যাদৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2022 9:49 pm
Suryakumar Yadav
141
VIEWS
Share on FacebookShare on Twitter

বিশ্ব ক্ৰিকেটত নতুন ‘মিষ্টাৰ ৩৬০°’ হিচাপে পৰিচিত তথা ভাৰতীয় দলৰ মিডল অৰ্ডাৰৰ নৱ শক্তি হিচাপে আত্মপ্ৰতিষ্ঠা কৰা সূৰ্যকুমাৰ যাদৱে ইতিমধ্যে বিশ্ব ক্ৰিকেটত নিজকে এগৰাকী মহাতাৰকা হিচাপে প্ৰমাণ কৰিছে। দুৰন্ত ফৰ্মত থকা তাৰকা বেটাৰগৰাকীয়ে ভাৰতীয় দলৰ হৈ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ পৰাই ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই আহিছে।

চলিত টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত পাকিস্তানৰ বিপক্ষে ব্যৰ্থ হোৱা যাদৱে আজি নেডাৰলেণ্ডৰ বিৰুদ্ধে এক বিস্ফোৰক অৰ্ধশতকীয় ইনিংছ খেলি অপৰাজিত হৈ ৰয়। মাত্ৰ ২৫ টা বলৰ ৫১ ৰানৰ এই অপৰাজিত ইনিংছটোৰে যাদৱে আজি এক অনন্য কৃতিত্ব অৰ্জন কৰে।

আজিৰ ইনিংছটোৰ লগে লগে চলিত বৰ্ষত টি-২০ ফৰ্মেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় যাদৱ। এই বৰ্ষত যাদৱে এইপৰ্যন্ত ২৫ টা ইনিংছত ৪১.২৮ গড়ে ৮৬৭ ৰান সংগ্ৰহ কৰিছে। এইক্ষেত্ৰত যাদৱে অতিক্ৰম কৰে পাকিস্তানৰ অপেনিং বেটাৰ মহম্মদ ৰিজৱানক।

বৰ্তমান টি-২০ ৰেংকিঙৰ শীৰ্ষস্থানত থকা পাকিস্তানৰ উইকেটকীপাৰ বেটাৰগৰাকীয়ে এই বৰ্ষত বৰ্তমানলৈকে ২০ টা ইনিংছত ৪৯.৩৫ গড়ে ৮৩৯ ৰান সংগ্ৰহ কৰিছে। অৱশ্যে ষ্ট্ৰাইক ৰেটৰ দিশৰ পৰা ৰিজৱানতকৈ সূৰ্যকুমাৰ যাদৱৰ প্ৰদৰ্শন অধিক উন্নত। ৰিজৱানৰ ১২৩.৭৩ ৰ তুলনাত যাদৱে বৰ্ষটোত ১৮৪.৮৬ ষ্ট্ৰাইক ৰেটেৰে ৰান সংগ্ৰহ কৰিছে।

এই তালিকাৰ তৃতীয় স্থানত আছে জিম্বাবোৱেৰ চিকন্দৰ ৰাজা। আফ্ৰিকান দলটোৰ প্ৰধান ভৰসা হিচাপে পৰিগণিত হোৱা ৰাজাই ২০২২ বৰ্ষত ধাৰাবাহিকভাৱে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই আহিছে। তাৰকাগৰাকীৰ নামত চলিত বৰ্ষত ২০ টা ইনিংছত ৬৬১ ৰানৰ ৰেকৰ্ড আছে।

শ্ৰীলংকান অপেনাৰ পাথুম নিচানকাই ২১ খন মেচত পৰা ৬৩৬ ৰান সংগ্ৰহ কৰি তালিকাৰ চতুৰ্থ স্থানত থকাৰ বিপৰীতে পঞ্চম স্থানত আছে ভাৰতীয় তাৰকা বিৰাট কোহলী। দীৰ্ঘদিন ধৰি ফৰ্মহীনতাত ভুগি থকাৰ পাছত ফৰ্মলৈ উভতি অহা তাৰকাগৰাকীয়ে শেহতীয়াকৈ পুনৰ নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিছে।

কোহলীয়ে চলিত বৰ্ষত ৫৭.১৮ ৰ আকৰ্ষণীয় গড়ে ১৬ টা ইনিংছত ৬২৯ ৰাণ সংগ্ৰহ কৰিছে। বিগত এছিয়া কাপত আন্ত:ৰাষ্ট্ৰীয় টি-২০ কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰা কোহলীয়ে চলিত বিশ্বকাপতো ক্ৰমাগত দুটা অৰ্ধশতক অৰ্জন কৰিছে। শেহতীয়া এই প্ৰদৰ্শনৰ সুবাদত তাৰকাগৰাকী পুনৰ টি-২০ ৰেংকিঙৰ শীৰ্ষ দহলৈ উভতি আহিছে।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd