“….ধৰ্ষণ আৰু হত্যাৰ ভাবুকি লাভ কৰিছোঁ” এইবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে অভিযোগ স্বাতী মালিৱালৰ

এইবাৰ স্বাতী মালিৱালৰ নিৰ্যাতনৰ অভিযোগত নাম সাঙুৰ খাইছে ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ।

উল্লেখ্য যে কিছুদিন পূৰ্বে আম আদমী পাৰ্টিৰ মূৰব্বী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগতে সচিবে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল স্বাতী মালাৱালে।

আম আদমী পাৰ্টিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰাৰ পিছতে বিভিন্ন মহলৰ সমালোচনা আৰু আক্ৰমণৰ বলি হৈছে স্বাতী মালিৱাল।

ইয়াৰ সমান্তৰালকৈ স্বাতীয়ে এই হাৰাশাস্তিৰ বাবে ইউটিউবাৰ ধ্ৰুৱ ৰাথীক দোষাৰোপ কৰিছে। ধ্ৰুৱ ৰাথীৰ পক্ষপাতদুষ্ট ভিডিঅ’ৰ পিছতহে তেওঁ ভাবুকি লাভ কৰা বুলি অভিযোগ কৰে।

দেওবাৰে এক্সযোগে স্বাতীয়ে কয় যে আপৰ নেতা-কৰ্মীয়ে মোৰ চৰিত্ৰৰ বিৰুদ্ধে অপ্ৰচাৰ চলাইছে। এই পৰিস্থিতিত মই ধৰ্ষণ আৰু হত্যাৰ ভাবুকি পাইছো। ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ পক্ষপাতিত্বমূলক ভিডিঅ’ৰ পিছত এই হাৰাশাস্তি বৃদ্ধি পাইছে।

ইয়াৰ লগতে আপৰ শীৰ্ষ নেতৃত্বই স্বাতীৰ অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা বুলিও দাবী কৰে স্বাতীয়ে।

স্বাতীয়ে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ‘গুপ্ত নায়ক’ হৈ পৰিছে ধ্ৰুৱ ৰাথী। মুক্ত সাংবাদিক বুলি দাবী কৰা কোনোবাই আপৰ মুখপাত্ৰৰ দৰে মোৰ ওপৰত অভিযোগ উত্থাপন কৰাটো লজ্জাজনক। ধ্ৰুৱ ৰাথীয়ে মোৰ বিৰুদ্ধে ভিডিঅ’ প্ৰস্তুত কৰাৰ বাবেই মোলৈ চৰম হাৰাশাস্তি আৰু ভাবুকিমূলক ফোন আহি আছে।”

উল্লেখ কৰাৰ প্ৰয়োজন নাই যে যোৱা ১৩ মে’ত অৰবিন্দ কেজৰিৱালক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিবলৈ গৈছিল স্বাতীয়ে। অভিযোগ অনুসৰি তাত তেওঁক আক্ৰমণ কৰিছিল কেজৰিৱালৰ ব্যক্তিগত সচিব বৈভৱ কুমাৰে! ইতিমধ্যে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৈভৱ কুমাৰক। অৰবিন্দ কেজৰিৱাল, আনকি কেজৰিৱালৰ পিতৃ-মাতৃকো এই ঘটনাত জেৰা কৰা হৈছে।

ইফালে আপে দাবী কৰিছে যে ঘৰ শত্ৰু স্বাতীয়ে বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে। সেয়ে আপৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলাইছে।