NORTHEAST NOW (Assamese)

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm · এন ই নাও নিউজ, গুৱাহাটী

নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাব অৱ ইণ্ডিয়াত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশ্বীয়ে কাৰাগাৰলৈ যোৱাৰ প্ৰসংগত কৰা এক মন্তব্যই সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। এছ আই আৰ আৰু জনগাঁথনিগত পৰিৱৰ্তন সম্পৰ্কীয় উচ্চস্তৰীয় সমিতিৰ বিৰুদ্ধে উপস্থিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰয়োজনত কাৰাগাৰলৈ যাবলৈ সন্মতি প্ৰকাশ কৰাৰ সময়তে সমল ব্যক্তি হিচাপে উপস্থিত থকা কুৰেশ্বীয়ে তেওঁ কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত নহয় বুলি স্পষ্ট কৰি দিয়ে। এই মন্তব্যই সাম্প্ৰতিক সময়ৰ এক স্পৰ্শকাতৰ দিশ উন্মোচন কৰা বুলি অনুষ্ঠানটোৰ অধ্যক্ষই প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

প্ৰায় ছয় ঘণ্টাজোৰা এই দীঘলীয়া আলোচনাত নাগৰিকত্ব, এছ আই আৰ আৰু ভাৰতৰ নিৰ্বাচন আয়োগ তথা উচ্চতম ন্যায়ালয়ৰ ভূমিকা সম্পৰ্কে বিশেষজ্ঞসকলে বিস্তৃতভাৱে আলোকপাত কৰে। এই অনুষ্ঠানত প্ৰাক্তন আমোলা, অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ লগতে বৃন্দা গ্ৰোভাৰ, যোগেন্দ্ৰ যাদৱ আৰু অৰুন্ধতী ৰয়ৰ দৰে বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছিল। আলোচনাৰ এক পৰ্যায়ত উপস্থিত দৰ্শকৰ মাজৰ পৰা বহুতে হাত দাঙি চৰকাৰী নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কাৰাবৰণ কৰিবলৈকো সাজু বুলি ঘোষণা কৰাৰ পিছত সমগ্ৰ পৰিৱেশটো এক প্ৰকাৰৰ আন্দোলনমুখী হৈ পৰিছিল।

অনুষ্ঠানৰ একেবাৰে শেষৰ ফালে সমলব্যক্তি হিচাপে উপস্থিত থকা এছ ৱাই কুৰেশ্বীয়ে পৰিস্থিতি সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি  কয় যে তেওঁ কাৰাগাৰলৈ যাবলৈ সাজু নহয়, কাৰণ আন সকলোৱে জামিন লাভ কৰিব যদিও স্পষ্ট কাৰণত কেৱল তেওঁহে জামিনৰ পৰা বঞ্চিত হ’ব। প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ এই মন্তব্যৰ নিহিত অৰ্থ উপস্থিত সকলোৰে মুখমণ্ডলত স্পষ্ট হৈ পৰিছিল আৰু এক নিশ্চুপ পৰিৱেশৰ সৃষ্টি হৈছিল।

কুৰেশ্বীৰ এই মন্তব্যৰ পিছতে আলোচনা চক্ৰখনৰ গুৰিধৰোতা ড° জি এন দেৱীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ উল্লেখ কৰে যে যদিও এই মন্তব্যটো ধেমালিৰ চলেৰে কৰা হৈছিল, তথাপিও এগৰাকী প্ৰাক্তন আই এ এছ বিষয়া আৰু প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্তৰ মুখৰ পৰা এনে প্ৰতিক্ৰিয়া ওলাই অহাটোৱে আমি প্ৰকৃততে কি তাৰ এক কৰুণ চিত্ৰ প্ৰতিফলিত কৰিছে। অনুষ্ঠানটোৰ অন্তত এই পৰিস্থিতিয়ে সচেতন মহলৰ মাজত বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।

Related News