• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘তোমাৰ হিংসাত্মক আচৰণ মইও সহ্য নকৰো। তুমি মোক চিনি নোপোৱা, মই কোন সেই সম্পৰ্কে তোমাৰ কোনো ধাৰণাই নাই। মোৰ পদৰ বাবে মোক অযোগ্য বুলি কোৱাৰ অধিকাৰ তোমাক কোনেও দিয়া নাই!'

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2026 1:26 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপৰ সময়তে খেলপথাৰৰ বাহিৰৰ এক অত্যন্ত কুৎসিত বিতৰ্কই ফুটবল জগতত আলোড়নৰ সৃষ্টি কৰিছে। পেৰাগুৱেৰ চিনেটৰ চেলেষ্টে আমাৰিলাই ফ্ৰান্সৰ অধিনায়ক কাইলিয়ান এমবাপেক বৰ্ণবিদ্বেষী আৰু অকথ্য ভাষাৰে আক্ৰমণ কৰে।

চিনেটৰগৰাকীয়ে ফৰাচী তাৰকাগৰাকীক ‘উপনিবেশৰ বলি এগৰাকী কেমেৰুনিয়ান’ বুলিও ঠাট্টা কৰে। ইয়াতেই শেষ নহয়৷ তেওঁ লগত কয়, ‘তেওঁ ফৰাচীসকলক শাস্তি দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছে, আচলতে তেওঁ এজন হতাশ, নীচ, অহংকাৰী আৰু কুৎসিত মানুহ!’

Apply Now

পেৰাগুৱেৰ বিৰুদ্ধে ফ্ৰান্সৰ জয়ৰ পিছত আমাৰিলাই দাবী কৰিছিল যে ফ্ৰান্সে ভাগ্যৰ বলত জয়ী হৈছে আৰু গোটেই মেচখনতে ভয়ত বিতত হৈ আছিল। এনে ঘৃণনীয় মন্তব্যৰ কঠোৰ প্ৰত্যুত্তৰ দিবলৈ এমবাপেও কুণ্ঠাবোধ কৰা নাই। তেওঁ চিনেটৰগৰাকীক ‘ঘৃণনীয় মহিলা’ ​​বুলি অভিহিত কৰি কয় যে তেওঁ সেই পদৰ বাবে সম্পূৰ্ণ অযোগ্য। ইয়াৰ পিছত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে। এমবাপেৰ এই মন্তব্যৰ পিছতে আমাৰিলাই ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট দি আক্ৰমণ তীব্ৰ কৰি তোলে।

নিজৰ পক্ষত যুক্তি দিবলৈ গৈ আমাৰিলাই ফৰাচী-প্ৰেমৰ কথা উল্লেখ কৰে। তেওঁ দাবী কৰে যে ফ্ৰান্সৰ প্ৰতি তেওঁৰ কোনো ক্ষোভ নাই। তেওঁ সৰুৰে পৰা ফৰাচী স্কুলত পঢ়িছিল আৰু ফ্ৰান্সত ছুটী কটাবলৈ ভাল পাইছিল। তেওঁৰ সকলো খং কেৱল এমবাপেক কেন্দ্ৰ কৰি।

ফ্ৰান্সৰ অধিনায়কগৰাকীয়ে খেলপথাৰত চৰম অহংকাৰ দেখুৱাইছিল বুলি অভিযোগ কৰি আমাৰিলাই লিখিছে, “মেচৰ আগৰে পৰাই তোমাৰ অহংকাৰ আৰু অৱজ্ঞাই মোৰ স্নায়ুচাপ বৃদ্ধি কৰিছিল। তুমি কৈছিলা, যদি আমি হাত লেতেৰা কৰিব লাগে তেন্তে আমি লেতেৰা কৰিম। আমি মূৰ্খ নহয়। মই জানো যে তুমি পেৰাগুৱেৰ দলটোক লেতেৰা বুলি কৈছা!”

ইয়াৰ পাছতে আমৰিলাই এমবাপেৰ বিৰুদ্ধে খেলপথাৰত লেটিন আমেৰিকাৰ এটা অতি কুৎসিত গালি-গালাজ ব্যৱহাৰ কৰাৰ আৰু মেচৰ শেষত পেৰাগুৱেৰ গ’লৰক্ষকজনক সন্মান নকৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে এমবাপেক ওলোটাই আক্ৰমণ কৰিবলৈ গৈ খঙৰ ভমকতে তেওঁ বৰ্ণবিদ্বেষী মন্তব্য কৰিছিল, যিটো তেওঁ পিছত ডিলিটো কৰিছে।

তেওঁ বৰ্ণবিদ্বেষী মন্তব্যৰ বাবে অনুশোচনা প্ৰকাশ কৰে যদিও চিনেটৰগৰাকীয়ে এমবাপেৰ ‘ঘৃণনীয় মহিলা’ ​​মন্তব্যৰ বাবে ফৰাচী তাৰকাগৰাকীয়ে তেওঁৰ ওচৰত ক্ষমা বিচাৰিব লাগিব বুলি দাবী কৰে। তেওঁ অতি অহংকাৰী সুৰত লিখিছে, ‘তোমাৰ হিংসাত্মক আচৰণ মইও সহ্য নকৰো। তুমি মোক চিনি নোপোৱা, মই কোন সেই সম্পৰ্কে তোমাৰ কোনো ধাৰণাই নাই। মোৰ পদৰ বাবে মোক অযোগ্য বুলি কোৱাৰ অধিকাৰ তোমাক কোনেও দিয়া নাই!’

পেৰাগুৱেৰ জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি বুলি দাবী কৰি আমাৰিলাই এমবাপেক সকীয়াই দিয়ে। তেওঁৰ সতৰ্কবাণী হৈছে, ‘তুমি মোক চিনি নোপোৱাৰ বাবেই এনে ঘৃণনীয় কথা কৈছা। এইটো স্পষ্টভাৱে লিংগ আৰু ৰাজনীতিপ্ৰসূত  হিংসা। তুমি এজন ফৰাচী নাগৰিক হিচাপে তোমাৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰা, নহ’লে মই তোমাৰ বিৰুদ্ধে লিংগভিত্তিক হিংসাৰ অভিযোগত আইনী ব্যৱস্থা ল’বলৈ বাধ্য হ’ম।’

এই বোকা ছটিওৱা পৰিস্থিতিৰ মাজতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে নিজেই এমবাপেৰ কাষত ঢাল হিচাপে থিয় দিছে। তেওঁ চিনেটৰগৰাকীৰ এই মন্তব্যক তীব্ৰ গৰিহণা দি ছ’চিয়েল মিডিয়াত লিখিছে, ‘কাইলিয়ান এমবাপেৰ আন এটা গ’ল। অৱশ্যে এইবাৰ এইটো বৰ্ণবাদৰ বিৰুদ্ধে। মোৰ সম্পূৰ্ণ সমৰ্থন আছে। যেতিয়া শব্দই আমাক কলুষিত কৰে, তেতিয়া মূল্যবোধে উত্তৰ দিয়ে: মৰ্যাদা, সন্মান আৰু ভ্ৰাতৃত্ববোধেৰে!’

ফ্ৰান্সৰ ফুটবল ফেডাৰেচনেও এই ঘটনাক তীব্ৰ সমালোচনা কৰিছে। ইতিমধ্যে তেওঁলোকে এই মন্তব্যক ‘অপৰাধমূলক আৰু নিন্দনীয়’ বুলি অভিহিত কৰি আইনী ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰচিকিউটৰৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে পেৰাগুৱে চৰকাৰে আমাৰিলাৰ মন্তব্যৰ দায়িত্ব অস্বীকাৰ কৰি এক বিবৃতি প্ৰকাশ কৰি কয় যে এই বক্তব্য সম্পূৰ্ণৰূপে চিনেটৰজনৰ ব্যক্তিগত মতামত আৰু ই কোনো কাৰণতে পেৰাগুৱে চৰকাৰ বা দেশখনৰ জনসাধাৰণৰ মূল্যবোধক প্ৰতিনিধিত্ব নকৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd