প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়াই; ৰোহিত বাহিনীক কি ক’লে মোদীয়ে?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টী-২০ বিশ্বকাপৰ চেম্পিয়ন ভাৰতীয় দলক সাক্ষাৎ কৰে। বৃহস্পতিবাৰে প্ৰায় এঘণ্টা ধৰি মোদীৰ বাসগৃহত কটায় ভাৰতীয় দলটোৱে। প্ৰধানমন্ত্ৰীয়ে তাত গোটেই দলটোৰ সৈতে কথা পতা দেখা যায়। সেই কথোপকথনৰ ভিডিঅ’ও পোহৰলৈ আহিছে।

ঘূৰ্ণীবতাহৰ তাণ্ডৱৰ সৈতে মোকাবিলা কৰি বৃহস্পতিবাৰে পুৱাই দেশলৈ উভতি আহে আইচিচি টি-২০ বিশ্বকাপ ২০২৪ৰ বিশ্ব চেম্পিয়ন দলটো। বিমানবন্দৰৰ পৰা দিল্লীৰ এখন হোটেললৈ জিৰণি ল’বলৈ যায়।

মোডীক সাক্ষাৎ কৰিবলৈ পুৱা ১০:৩০ বজাত গোটেই ভাৰতীয় দলটো তাৰ পৰা ৰাওনা হয়। পোন্ধৰ মিনিটৰ ভিতৰতে তেওঁলোক ৭ লোক কল্যাণ মাৰ্গত থকা প্ৰধানমন্ত্ৰীৰ বাসভৱনত উপস্থিত হয়। ভাৰতীয় দলটোৱে তাত মোদীৰ সৈতে ব্ৰেকফাষ্ট কৰাৰ কথা আছিল।

ৰাতিপুৱা প্ৰায় এঘাৰ বজাত বিশ্ব চেম্পিয়ন দলক লগ কৰিবলৈ আহে মোদী। প্ৰধানমন্ত্ৰীৰ বাসভৱনত কিছু সময় কটায় ৰোহিত শৰ্মাৰ দলটোৱে। মেন ইন ব্লু দলে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ গৈছিল বিশেষ জাৰ্চি পিন্ধি য’ত চেম্পিয়ন বুলি লিখা আছিল। ভাৰতীয় দলৰ সদস্যসকলে ট্ৰফী হাতত লৈ মোডীৰ সৈতে ফটোও  তোলে। দিনৰ প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ পৰা ওলাই দিল্লী বিমানবন্দৰলৈ ৰাওনা হয় বিৰাট কোহলীৰ দলটো। তাৰ পৰাই সমগ্ৰ দলটো মুম্বাইলৈ উৰা মাৰিব।

কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীঘলীয়া কথা-বতৰাত চেম্পিয়নসকলক কি ক’লে? সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, বিশ্বকাপৰ বিভিন্ন মেচ সন্দৰ্ভত সবিশেষ জানিব বিচাৰে মোদীয়ে। তেওঁ কিছুমান বিশেষ শ্বট, কিছুমান দৃষ্টি আকৰ্ষণকাৰী কেচৰ ওপৰতো মন্তব্য কৰে।

আনকি প্ৰধানমন্ত্ৰীয়ে কোনজন ক্ৰিকেটাৰে কোনটো ভাল শ্বট খেলে সেয়াও জানে। কেৰিবিয়ানৰ মাটিত বিশ্বকাপ খেলি থকাৰ সময়ত বাউন্সাৰৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বিষয়েও তেওঁ প্ৰশ্ন কৰে। প্ৰধানমন্ত্ৰীৰ মতে, এই বিশ্বকাপ বিজয়ে ভাৰতীয় দলটোক আগন্তুক দিনত অধিক সফলতাৰ পথত আগুৱাই নিব।