বিজুলী বিল দেখি আচৰিত অভিনেত্ৰী তাপসী পান্নু; দাখিল কৰিলে অভিযোগ
এমাহত বিদ্যু বিভাগৰ তৰফৰ পৰা ৮৩৫ শতাংশ অধিক হাৰৰ বিজুলী বিল লাভ কৰাৰ পাছতে বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী তাপসী পান্নুৱে বিভাগটোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।
এই বিষয়ে তাপসী পান্নুৱে টুইট কৰি লিখে যে বিগত মে’ মাহৰ তুলনাত জুন মাহত তেওঁৰ বিজুলী বিল ৮৩৫ শতাংশ অধিক আহিছে।
জুন মাহত তাপসীৰ ঘৰলৈ ৩৬,০০০ টকাৰ বিজুলী বিল অহা বুলি টুইটাৰত অভিনেত্ৰী গৰাকীয়ে উল্লেখ কৰে।
উল্লেখযোগ্য যে, বিগত এপ্ৰিল আৰু মে’ মাহত তাপসীয়ে ক্ৰমে ৪,৩৯০ টকা আৰু৩,৮৫০ টকাৰ বিজুলী বিল পৰিষোধ কৰিছিল।
”বিগত তিনিমাহ ল’কডাউন আৰু আচৰিত হৈছো মই এনে কি সামগ্ৰী ব্যৱহাৰ কৰিলো যে মোৰ বিজুলী বিল এনেধৰণে বৃদ্ধি পালে,” তাপসী পান্নুৱে টুইটাৰত এনেদৰে লিখে।
উল্লেখযোগ্য যে, অভিনেত্ৰী তাপসী পান্নুৰ উপৰিও অসমৰো বিভিন্ন লোকে মাজে-সময়ে বিজুলী বিভাগৰ তৰফৰ পৰা আচৰিত ধৰণৰ বিজুলী বিল লাভ কৰে।
অৱশ্যে সময়মতে এই সম্পৰ্কে অভিযোগ দাখিল কৰিলে বিভাগে নতুন বিল জাৰি কৰে।