কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি অসমৰ সাম্প্ৰতিক পৰিস্থিতি, গৰাখহনীয়া আৰু গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন স্থানত হোৱা ভূমিস্ফলনৰ বিষয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয়।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে বাৰ্তালাপৰ সময়ত ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন নৈৰ জলপৃষ্ঠ বৃদ্ধি আৰু ইয়াৰ ফলত হোৱা বানপানী, ধাৰাবাহিকভাৱে বৰষুণৰ ফলত হোৱা ভূমিস্খলন, এই দুৰ্যোগসমূহত ক্ষতিগ্ৰস্ত লোকসকলৰ উদ্ধাৰ আৰু সাহায্য অভিযান সম্পৰ্কতো বুজ লয়।
বাৰ্তালাপৰ সময়ত মুখ্য মন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বান পৰিস্থিতি মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। ভিডিঅ’ কনফাৰেন্সযোগে বৈঠক অনুষ্ঠিত কৰি উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বান পৰিস্থিতি সম্পৰ্কে বুজ লোৱাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰি তোলাৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলিও সোণোৱালে অৱগত কৰে।
সোণোৱালে লগতে জনায় যে সাহায্য শিৱিৰসমূহত প্ৰয়োজনীয় খাদ্য যোগান, গুণগত খাদ্য প্ৰদান, কোভিড-১৯ প্ৰট’কল মানি চলা, চিকিৎসা ব্যৱস্থা পৰ্যাপ্ত কৰি ৰখাৰ বাবেও জিলা প্ৰশাসন সমূহক নিৰ্দেশ দিয়া হৈছে।
আনহাতে, উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে এন ডি আৰ এফ আৰু এছ ডি আৰ এফক নিয়োগ কৰাৰ লগতে প্ৰতিখন জিলাতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ পৰ্যাপ্ত বেটেলিয়ন মজুত কৰি ৰখা হৈছে বুলিও মুখ্য মন্ত্ৰীয়ে গৃহ মন্ত্ৰী শ্বাহক জানিবলৈ দিয়ে।
মুখ্য মন্ত্ৰীৰ প্ৰস্তুতিৰ বৰ্ণনা শুনাৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় আৰু সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে।
এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ অসমৰ জনসাধাৰণৰ লগত আছে বুলিও কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে কয়।
অমিত শ্বাহে বানপানী আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে।