NORTHEAST NOW (Assamese)

টাই আহোমক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত শিৱসাগৰত তীব্ৰ প্ৰতিবাদ

February 10, 2021 2:51 pm · পাৰ্শ্বজ্যোতি গগৈ

সমাগত বিধান সভা নিৰ্বাচন। বিজেপি নেতৃত্বধীন বৰ্তমানৰ চৰকাৰে পাঁচ বছৰৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ প্ৰতিবাদত ৰাজ্যত চৌদিশে এতিয়া প্ৰতিবাদৰ ঢৌ উঠিছে।

টাই আহোমক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত শিৱসাগৰত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদে।

শিৱসাগৰৰ ষ্ট্যেচন আলিস্থিত টাই সংস্কৃতিক বিকাশ কেন্দ্ৰৰ পৰা এক বৃহৎ সমদল বাহিৰ কৰে সংগঠনটোৱে।

সমদলকাৰী সকলে ষ্ট্যেচন চাৰিআলি হৈ, এটি ৰোড, জিএনবি ৰ’ড, দল’মুখ চাৰি আলি হৈ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে।

সংগঠনটোৱে টাই আহোমক জনজাতিকৰণ আৰু স্বায়ত্বশাসনৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্তৰ জড়িয়তে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে।

সংগঠনটোৰ নেতৃত্বই কয় যে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ব বুলি প্ৰতিখন চৰকাৰে প্ৰতিশ্ৰুতি দি  আহিছে যদিও আজিলৈকে কোনো এখন চৰকাৰেই সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই।

Related News