• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাইজ ওলাই আহক, “জয় আই অসম” ধ্বনিৰে কেব আদৰণি এ বি ভি পিৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 7, 2019 8:59 pm

2 min read

852
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেয়কবিৰোধী প্ৰতিবাদে অসমত ব্যাপক ৰূপ লোৱাৰ মাজতে শাসক পক্ষৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শনিবাৰে জনাইছে ওলোটা আহ্বান।

গুৱাহাটীত সমদল বাহিৰ কৰি সোঁপন্থী ছাত্ৰ সংগঠনটোৱে অসমৰ ৰাইজক বিধেয়কখনৰ সমৰ্থনত ওলাই আহিবলৈ আহ্বান জনাইছে।

“সকলো ৰাইজ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত ওলাই আহিব লাগে। আজি আমি ছাত্ৰ সমাজক আহ্বান জনাইছো বিধেয়কৰ সমৰ্থনত ওলাই আহিবলৈ যাতে বিধেয়কখন আহে,” সমৰ্থনটোৰ নেতৃত্ব দিয়া এ বি ভি পি গুৱাহাটীৰ এজন নেতাই কয়।

তেওঁৰমতে, বৰ্তমান অসমত চলি থকা “বাতাৱৰণ”টোৱে ৰাইজক বিধেয়কখন সন্দৰ্ভত কাৰ্য্যতঃ এক অশুদ্ধ বাৰ্তা দিছে। আৰু তেওঁলোকে ৰাইজক তেওঁলোকৰ বক্তব্য জনাব খোজে।

“আমি ৰাইজক এইটো অনুভৱ (বাৰ্তা?) দিয়াব বিচাৰো যে এইখন বিল কেৱল অসমৰ কাৰণে নহয়, সমগ্ৰ দেশৰ কাৰণে,” ছাত্ৰনেতাজনে কয়।

(অসমৰ প্ৰতিবাদী সংগঠনসমূহে অৱশ্যে বিধেয়কখন কেৱল অসমত প্ৰযোজ্য হ’ব বুলি আপত্তি কৰা নাই।

অসমত বিদেশীৰ “সমস্যা” ভাৰত ৰাষ্ট্ৰস্বীকৃত। ছবছৰীয়া বিদেশী বিতাড়ন আন্দোলনৰ পিছত স্বাক্ষৰিত অসম চুক্তিয়ে বিদেশী চিনাক্তকৰণৰ ভিত্তি তাৰিখৰূপে ১৯৭১ চনৰ ২৪ মাৰ্চক স্বীকাৰ কৰিছে।)

সংগঠনটোৰ বেনাৰত তেওঁলোক বিধেয়কখনৰ “নৈতিক সমৰ্থন”ত ওলাই অহা বুলি লিখা দেখা গৈছিল আৰু “জয় আই অসম” ধ্বনিৰে ৰাইজৰ সমৰ্থন আহ্বান কৰিছিল।

এ বি ভি পি, সংঘ পৰিয়ালে ভাৰতক পৃথিৱীৰ সকলো হিন্দুৰ স্ব-ভূমি বুলি নীতিগতভাৱে মানে আৰু হিন্দু তেওঁলোকৰ বাবে “বিদেশী” নহয়।

নাগৰিকত্ব বিধেয়ক ২০১৬ই ভাৰতৰ চুবুৰীয়া পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ অমুছলমান ধৰ্মীয় সংখ্যালঘু (হিন্দু, বৌদ্ধ, জেন, পাৰ্ছি, শিখ আৰু খ্ৰীষ্টান)ৰ ভাৰতীয়কৰণৰ চৰ্ত শিথিল কৰিব খুজিছিল।

কিন্তু, অসমৰ প্ৰতিবাদীৰ প্ৰধান আশংকা বিধেয়কে ভাৰতত থকা অবৈধ “হিন্দু বাংলাদেশী”ক নাগৰিকত্ব প্ৰদান কৰিব। বাংলাদেশৰ সংখ্যালঘুসকলকো প্ৰব্ৰজনৰ বাবে প্ৰৰোচিত কৰিব আৰু বিদেশী “সমস্যা”ত আক্ৰান্ত অসমৰ খিলঞ্জীয়া সংকটত পৰিব।

সংগঠনটোৱে অসমৰ ৰাইজক বিধেয়কৰ সমৰ্থনত ওলাই আহিবলৈ আহ্বান জনালেও দেখা গৈছে তেওঁলোকৰ সদস্যসকল বিষয়টো সন্দৰ্ভত ৱাকিবহাল নহয়।

সমদলকাৰী শিক্ষাৰ্থীসকলৰ সৈতে কথা-বতৰাত দেখা গৈছে তেওঁলোকৰ বিধেয়কখন সন্দৰ্ভত বিভ্ৰান্তিকৰ ধাৰণা আছে।

সবিশেষ জানিবলৈ ভিডিঅ’টো চাওক–

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd