বিষপান, তেজ বমি; নিৰ্বাচনৰ পূৰ্বে গুৰুতৰভাৱে অসুস্থ হৈ হাস্পাতালত টিকট বঞ্চিত সাংসদ!

সাংসদ এ গনেশমূৰ্তি। ফটোঃ সংগ্ৰহীত।

দেওবাৰে পুৱাৰ পৰাই তেজ বমি আৰম্ভ হৈছিল। ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ পিছত পৰিয়ালৰ লোকে গম পায় যে সাংসদগৰাকীয়ে বিষ পান কৰি আত্মহননৰ চেষ্টা চলাইছিল। যোৱা লোকসভা নিৰ্বাচনত জয়ী হৈছিল। কিন্তু এইবাৰ দলটোৱে আৰু তেওঁৰ ওপৰত ভৰসা ৰখা নাই। দলৰ এনে আচৰণতে নিজকে শেষ কৰাৰ সিদ্ধান্ত লৈছিল অভিমানী সাংসদগৰাকীয়ে?

বিহ সেৱন কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে তামিলনাডুৰ পৰা লোকসভাৰ সাংসদ এ গণেশমূৰ্তি। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ এমডিএমকেৰ টিকটত জয়লাভ কৰিছিল।

পৰিয়ালৰ সূত্ৰ অনুসৰি সাংসদগৰাকীয়ে কীটনাশক সেৱন কৰিছে। মাজনিশাৰ পৰাই তেওঁ অসুস্থ অনুভৱ কৰিছিল। ৰাতিপুৱাৰ পৰা তেজ বমি আৰম্ভ হয়। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। সম্প্ৰতি সাংসদগৰাকী ভেন্টিলেটৰত থকা বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ IPL 2024: খেল দেখুৱালে ৰোহিতে, অভিষেকতে ব্যৰ্থ অধিনায়ক হাৰ্দিক; মুম্বাইক হৰুৱালে গীলৰ গুজৰাটে

চিকিৎসকে জানিবলৈ দিছে যে তেওঁৰ অৱস্থা অতি সংকটজনক। কিন্তু সাংসদগৰাকীৰ শাৰীৰিক অৱস্থা সন্দৰ্ভত ৰাজহুৱাভাৱে একো ক’বলৈ সন্মত হোৱা নাই চিকিৎসালয় কৰ্তৃপক্ষ।

তামিলনাডুৰ ইৰোড সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল ৭৬ বছৰীয়া সাংসদগৰাকী। ২০১৯ চনৰ নিৰ্বাচনত সেই আসনৰ পৰাই জয়ী হৈছিল। অৱশ্যে এইবাৰ তেওঁ নিৰ্বাচনী টিকট নাপালে।

তেওঁৰ পৰিয়ালৰ লোকে কয় যে গণেশমূৰ্তি টিকট নোপোৱাত বৰ বিচলিত হৈছিল। তেওঁ হতাশ হৈ পৰিছিল। কিন্তু আত্মহননৰ চেষ্টা কৰাৰ কথা কোনেও সপোনতো ভবা নাছিল।

আৰক্ষীৰ মতে, সাংসদ গণেশমূৰ্তিক কইম্বাটুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কি কাৰণত তেওঁ বিষ সেৱন কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। দলটোৰ সৈতে কিবা মতানৈক্য হৈছিল নেকি সেই কথা জানিবলৈ চেষ্টা অব্যাহত আছে।

লগতে পঢ়কঃ ৩১ মাৰ্চত অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবীত বিশাল সমাৱেশ আয়োজন কৰিছে বিৰোধী ঐক্য ইণ্ডিয়াই

এম ডি এম কে নেতা দুৰাই ভাইকোৱে সাংসদজনে বিষ সেৱন কৰা খবৰ পাই তেওঁক চিকিৎসালয়ত দেখা কৰে। তামিলনাডুৰ মন্ত্ৰী এছ মুথুস্বামীকে ধৰি কেইবাজনো দলৰ নেতাও চিকিৎসালয়লৈ খবৰ ল’বলৈ গৈছে। অৱশ্যে এই ঘটনা সন্দৰ্ভত এমডিএমকেই একো কোৱা নাই।