কাইলৈ তামিলনাডুৰ চিকিৎসালয়ত জন্মগ্ৰহণ কৰিবলগীয়া প্ৰতিটো নৱজাতকেই পাব এটিকৈ সোণৰ আঙুঠি।
কাইলৈ অৰ্থাৎ ১৭ ছেপ্টেম্বৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। দেশজুৰি প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন বিশেষ কৰাৰ প্ৰস্তুতিত ব্যস্ত ভাৰতীয় জনতা পাৰ্টী। আনহাতে, ভাৰতীয় জনতা পাৰ্টিৰ তামিলনাডু ইউনিটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত নৱজাত শিশুক সোণৰ আঙঠি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তামিলনাডু বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত জন্ম হোৱা শিশুসকলক সোণৰ আঙুঠি দিয়াৰ কথা ঘোষণা কৰিছে।
আন আন আঁচনিসমূহৰ ভিতৰত আছে ৭২০ কেজি মাছ বিতৰণ। মীন আৰু তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী এল মুৰুগানে কয় যে আমি চেন্নাইৰ চৰকাৰী আৰ এছআৰএম হাস্পতালখন বাছি লৈছো য’ত প্ৰধানমন্ত্ৰীৰ জন্মদিনত জন্ম হোৱা সকলো কেঁচুৱাক সোণৰ আঙুঠি দিয়া হ’ব। আঙুঠি বিতৰণ কাৰ্যসূচীৰ লগত জড়িত খৰচৰ সন্দৰ্ভত মুৰুগানক সোধা হৈছিল। ইয়াৰ উত্তৰত তেওঁ কয় যে প্ৰতিটো আঙুঠি প্ৰায় ২ গ্ৰাম সোণৰ হ’ব, যাৰ মূল্য প্ৰায় ৫০০০ টকা হ’ব পাৰে। তেওঁ কয় যে এয়া বিনামূলীয়াকৈ দিয়া ৰেৱাৰী নহয়। বৰং ইয়াৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰীৰ জন্মদিনত জন্ম লোৱাসকলক আদৰি ল’ব বিচাৰো।
কোৱা হৈছে যে ১৭ ছেপ্টেম্বৰত এই চিকিৎসালয়ত ১৫ৰ পৰা ২০টা শিশুৰ জন্ম হ’ব পাৰে, যিয়ে উপহাৰ হিচাপে আঙুঠিটো লাভ কৰিব। বিজেপি নেতাসকলে কয় যে তেওঁলোকে শিশুসকলক আঙুঠি দি আদৰি ল’ব বিচাৰে, এয়া কোনো লোভ দিয়াৰ কাৰ্যসূচী নহয়।
ইয়াৰ লগে লগে দক্ষিণৰ ৰাজ্যসমূহত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত মাছ বিতৰণ কৰিবলৈও ওলাইছে, আনহাতে প্ৰধানমন্ত্ৰী এজন নিৰামিষভোজী। নেতাসকলে কয় যে মাছসমূহ বিতৰণ কৰা হৈছে যাতে মাছ খোৱাৰ ক্ষেত্ৰত উৎসাহ যোগাব পৰা যায়। জন্মদিনত ৭২০ কিলো মাছ বিতৰণ কৰা হ’ব। কাৰণ পিএম মোদীৰ বয়স ৭২ বছৰ হ’বলৈ ওলাইছে৷