অগ্ৰহণীয় CAA: হুংকাৰ দক্ষিণৰ দুই চুপাৰষ্টাৰ বিজয়, কমল হাছানৰ

CAA Thalapathy Vijay Kamal Haasan

সোমবাৰে দেশজুৰি নাগৰিকত্ব (সংশোধনী) আইন কাৰ্যকৰী কৰে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ পিছতে দেশৰ কিছু কিছু প্ৰান্তত প্ৰতিবাদৰ সূচনা হৈছে। বিশেষকৈ অসমত কেন্দ্ৰৰ এই সিদ্ধান্তৰ ক্ষোভ অধিক বৃদ্ধি পাইছে।

কেন্দ্ৰৰ CAA বলৱৎ কৰা সিদ্ধান্তৰ বিৰুদ্ধে হুংকাৰ দিছে দক্ষিণৰ চিনেমা জগতৰ দুই চুপাৰষ্টাৰ থালাপথী বিজয় আৰু কমল হাছানে। দুয়োগৰাকী চুপাৰষ্টাৰ অভিনেতাই নাগৰিকত্ব (সংশোধনী) আইনৰ  বিৰুদ্ধে  স্থিতি গ্ৰহণ কৰি বিজেপিক কঠোৰ সমালোচনা কৰিছে।

বিজয়ে নাগৰিকত্ব (সংশোধনী) আইনখনক ‘অগ্ৰহণীয়’ বুলি অভিহিত কৰি তামিলনাডু চৰকাৰক ৰাজ্যখনত আইনখনৰ কাৰ্যকৰীকৰণৰ অনুমতি নিদিবলৈ আহ্বান জনায়। বিভাজনকাৰী ৰাজনীতিৰ বাবেই CAA কাৰ্যকৰী কৰা হৈছে বুলি তেওঁ লগতে দাবী কৰে।

যোৱা মাহত ‘তামিঝা ভেট্ৰি কাঝাগাম’ নামেৰে এক নতুন ৰাজনৈতিক দল ঘোষণা কৰি ৰাজনীতিত প্ৰৱেশ কৰা বিজয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে দেশৰ নাগৰিকে সামাজিক সম্প্ৰীতিৰে বাস কৰা পৰিৱেশত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ দৰে আইন গ্ৰহণযোগ্য নহয়।

বিজয়ৰ লগতে আন এগৰাকী মহাতাৰকা কমল হাছানেও নাগৰিকত্ব (সংশোধনী) আইন সন্দৰ্ভত বিজেপিক তীক্ষ্ণ সমালোচনা কৰে। নিৰ্বাচনৰ পূৰ্বে চৰকাৰে জনতাক বিভাজিত কৰি ভাৰতৰ সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰে অভিনেতাগৰাকীয়ে।

আগন্তুক লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ উদ্দেশ্যে বিজেপি চৰকাৰে খৰখেদাকৈ নিৰ্বাচনৰ প্ৰাকক্ষণত নাগৰিকত্ব সংশোধনী আইনখন বলৱৎ কৰিছে বুলি কমল হাছানে দাবী কৰে। উচ্চতম ন্যায়ালয়ে আইনখনৰ সাংবিধানিক বৈধতা সন্দৰ্ভত বিচাৰ কৰি থকা সময়ত অধিসূচনা জাৰি কৰা কাৰ্যৰ ওপৰতো তেওঁ প্ৰশ্ন তোলে।

কমল হাছানে কয় যে তেওঁৰ দল মক্কল নিধি মাইয়ামে (এমএনএম) আইনী আৰু ৰাজনৈতিকভাৱে এই আইনখনৰ অটল বিৰোধিতা কৰিছে। মক্কল নিধি মাইয়ামেই উচ্চতম ন্যায়ালয়ত আইনখনক প্ৰত্যাহ্বান জনোৱা প্ৰথমটো দল বুলি তেওঁ লগতে দোহাৰে।

ধৰ্ম, ভাষা, জাতিৰ ভিত্তিত দেশৰ নাগৰিকক বিভাজন কৰিবলৈ চেষ্টা কৰাসকলে আগন্তুক নিৰ্বাচনত সত্যতাৰ সন্মুখীন হ’ব বুলি হুংকাৰ দিয়ে কমল হাছানে।