• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ ব্যৱসায়ীক অপহৰণ কৰি নি ধন লুট : তিনি যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ, অন্য দুই অভিযুক্ত পলাতক

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 7, 2020 2:49 pm
index.jpga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ এজন ব্যৱসায়ী যুৱকক কৌশলেৰে বাক্সা জিলাৰ তামুলপুৰলৈ মাতি আনি অপহৰণ কৰি নি ধন দাবীৰে ধন লুট কৰি আৰু তিনিগৰাকী যুৱক ৰঙাঘৰৰ আলহী হব লগা হোৱা ঘটনাই সমগ্ৰ তামুলপুৰ মহকুমাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাই জানিবলৈ দিয়া অনুসৰি নলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত জাপাৰকুছি গাঁৱৰ অমিত শৰ্মা নামৰ যুৱক এজনে ৩ নৱেম্বৰত গুৱাহাটীৰ ব্যৱসায়ী দিগন্ত বুজৰবৰুৱাক তামুলপুৰ বজাৰত চিচি কেমেৰা লগাব লাগে বুলি তামুলপুৰলৈ মাতি আনে।

Apply Now

তামুলপুৰ আহি পোৱাৰ পিছত অমিতে আন কেইজনমান যুৱক ক্ৰমে নয়ন ডেকা, ভগৱান দাস, ৰাজনী বড়ো আৰু মণ্টু দাসৰ  লগত লগ লাগি কৌশলেৰে দিগন্তক তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাঁহকাটা-বালাবাৰীৰ ওচৰত পাগলাদিয়া নদীৰ পাৰত জনশূন্য মথাউৰি এটালৈ লৈ যায় আৰু দহ লাখ টকা দাবী কৰি মৃত্যুৰ ভাবুকি দিয়ে।

পিছত যুৱক কেইজনে নেট বেংকিংৰ জৰিয়তে দিগন্তৰ বেংক একাউন্টত থকা বিশ হাজাৰ টকা অমিত শৰ্মাৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি নিয়ে আৰু কেইখনমান উকা দলিলত দিগন্তৰ চহী কৰাই লৈ পিছত দিগন্তক মুকলি কৰি দিয়ে।

যোৱা ৫ নৱেম্বৰত দিগন্ত বুজৰবৰুৱাই ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। দিগন্তৰ এজাহাৰৰ ভিত্তিত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ৫ নৱেম্বৰৰ নিশা নলবাৰীৰ জাপাৰকুছিত উপস্থিত হৈ অমিত শৰ্মাৰ ঘৰত তালাচী চলায় যদিও অমিতক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল।

নিশাই আৰক্ষীয়ে নলবাৰী চহৰৰ পৰা ভগবান দাসক বিচাৰি অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়। পিছত আৰক্ষীয়ে তদন্তৰ জৰিয়তে তামুলপুৰৰ বৰখোপা গাঁৱৰ পৰা নয়ন ডেকা আৰু মাদাৰবাৰী গাঁৱৰ পৰা ৰজনী বড়োক আটক কৰে।

আৰক্ষীয়ে ঘটনাত ব্যৱহৃত এ এছ -১৪- এইচ- ৯২৯৯ নম্বৰৰ এখন গ্ৰেণ্ড আই ১০ গাড়ী আৰু এ এছ -০১-এ কিউ- ৩৫২০ মটৰ চাইকেল জব্দ কৰে।

শুকুৰবাৰে আৰক্ষীয়ে নয়ন ডেকা, ভগবান দাস আৰু ৰাজনী বড়োক বাক্সা জিলা সদৰ মুছলপুৰৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই পুনৰ তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ আনে।

পলাতক অৱস্থাত থকা অমিত শৰ্মা আৰু মণ্টু দাসক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ঘটনা সন্দৰ্ভত যুৱক কেইজনৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থামাত গোচৰ নং ৫৬৬/২০ ত আৰু ভাৰতীয় দণ্ডবিধি আইনৰ অধীনৰ ৪২০/৩৬৫/৩৮৭/ ৩৯৫/৪৬৮ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd