NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত কিশোৰীক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা মণ্ডলৰ আৰক্ষী চকীত আত্মসমৰ্পণ

August 31, 2018 10:41 pm · এন ই নাও নিউজ

বৰ্তমান ৰাজ্যত কোনো ঠাইতে কাৰোৰে হাতত যেন বিপদমুক্ত নহয় কিশোৰী, নাবালিকা, ছাত্ৰী তথা মহিলা। এই কথা প্ৰমাণ কৰিছে আজি ডিব্ৰুগড় জিলাত এগৰাকী কিশোৰীক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগত এজন মণ্ডল গ্ৰেপ্তাৰ হোৱা ঘটনাই।

উল্লেখযোগ্য যে ১৬ আগষ্টৰ সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ উভতাৰ পথত এগৰাকী কিশোৰীক মৰাণ ৰাজহ চক্ৰৰ মণ্ডল তপন শীলে কিশোৰী গৰাকীক ঘৰত নমাই দিব বুলি মটৰচাইকেলত উঠাই লৈ যায়।

কিন্তু শীলে কিশোৰী গৰাকীক ঘৰত থৈ অহাৰ পৰিৱৰ্তে কোনো নিৰ্জন ঠাইত নি যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল। অৱশ্যে কিশোৰী গৰাকী কোনোমতে শীলৰ কৱলৰ পৰা পলায় আহিবলৈ সক্ষম হয়।

আৰু কিশোৰী গৰাকীয়ে পৰিয়ালৰ লোকক ঘটনা সন্দৰ্ভত অৱগত কৰে। ফলত পৰিয়ালৰ লোকে মিলন নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

আনহাতে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰি ঘটনা সন্দৰ্ভত তদন্ত ৰাখিছিল যদিও আজি অৰ্থাৎ শুকুৰবাৰে তপন শীলে নিজে আৰক্ষী চকীত আত্মসমৰ্পণ কৰে।

Related News