নিৰ্বাসিত বাংলাদেশী লেখিকা তাছলিমা নাছৰীনে দিল্লীৰ আফগানিস্তান দূতাবাসত শুকুৰবাৰে অনুষ্ঠিত সংবাদমেলত মহিলা সাংবাদিকক প্ৰৱেশ নিষেধ কৰাৰ বাবে আফগান বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তকিক তীব্ৰ সমালোচনা কৰিছে।
১৯৯৪ চনত বাংলাদেশৰ পৰা পলায়ন কৰা নাছৰীনে এক্সৰ এক প’ষ্টত কয় যে তালিবানে “নাৰীক মানুহ বুলি নাভাবে” আৰু তেওঁলোকক ঘৰৰ ভিতৰত সীমাবদ্ধ কৰি মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰে। তেওঁ পুৰুষ সাংবাদিকসকলকো সমালোচনা কৰি কয় যে তেওঁলোকে প্ৰতিবাদত সংবাদমেল পৰিহাৰ কৰিব লাগিছিল। তাছলিমা নাছৰীনে তালিবানৰ এই আচৰণক “নাৰীবিদ্বেষী” বুলি অভিহিত কৰি সভ্য দেশসমূহক এনে শাসনক স্বীকৃতি নিদিবলৈ আহ্বান জনায়।
উল্লেখ্য যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে মুত্তাকিৰ আলোচনাৰ পিছতে আফগান পক্ষই এই সংবাদমেলৰ আয়োজন কৰিছিল। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰে যে তেওঁলোকৰ এই অনুষ্ঠানত কোনো ভূমিকা নাছিল। মুত্তাকিয়ে ভাৰত-আফগান সম্পৰ্ক, বাণিজ্য, আৰু নিৰাপত্তাৰ বিষয়ে আলোচনাত কেৱল পুৰুষ সাংবাদিকহে উপস্থিত আছিল।
২০২১ চনৰ আগষ্টত তালিবানে ক্ষমতা গ্ৰহণ কৰাৰ পিছৰে পৰা আফগান মহিলাসকলে বিশ্বৰ আটাইতকৈ গুৰুতৰ মহিলা অধিকাৰ সংকটৰ সন্মুখীন হৈছে। সংবাদ মেলত আফগান পক্ষই মহিলাক অংশগ্ৰহণ নিষিদ্ধ কৰাৰ কৰ্যই ক্ষোভিত কৰি তুলিছে ভাৰতীয়ক। তালিবানৰ এই কাৰ্যৰ বিৰোধিতা কৰি কংগ্ৰেছ নেতা পি চিদাম্বৰমে কয়, পুৰুষ সাংবাদিকসকলে মহিলা সহকৰ্মীৰ প্ৰতি সংহতি প্ৰকাশ কৰি সংবাদমেল ত্যাগ কৰিব লাগিছিল।
উল্লেখ্য যে মুত্তাকিৰ ১৬ অক্টোবৰলৈ এই ভ্ৰমণ ২০২১ চনৰ পিছত ভাৰতলৈ প্ৰথম উচ্চপৰ্যায়ৰ তালিবান প্ৰতিনিধি দলৰ ভ্ৰমণ।





