টাটা গ্ৰুপে মুকলি কৰিলে দেশীয় কোভিড-১৯ টেষ্টিং কিট, ৯০ মিনিটত দিব ফলাফল

সোমবাৰে টাটা গ্ৰুপৰ স্বাস্থ্য গোট টাটা মেডিকেল এণ্ড ডায়েগোনেষ্টিকে ইয়াৰ কোভিড-১৯ কিট মুকলি কৰে।

কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা এই টেষ্টিং কিটটোৰ দ্বাৰা ৯০ মিনিটৰ ভিতৰত ক’ৰ’নাৰ ফলাফল লাভ কৰিব পৰা যাব।

টাটা গ্ৰুপৰ মুখ্য কাৰ্য্যবাহী গিৰিশ কৃষ্ণমুৰ্তিয়ে জনোৱা মতে দেশৰ পৰীক্ষাগাৰ আৰু চিকিৎসালয় সমূহত ডিচেম্বৰৰ পৰা এই টেষ্টিং কিট উপলব্ধ হ’ব।

টাটাই প্ৰস্তুত কৰি উলিওৱা কোভিড টেষ্টিং কিটটো তেওঁলোকৰ চেন্নাইত থকা কাৰখানত প্ৰস্তুত কৰি উলিওৱা হৈছে।

চেন্নাইত থকা কাৰখানাটোৱে প্ৰতিমাহত দহ লাভ টেষ্টিং কিট নিৰ্মাণ কৰিব পৰাৰ সাম্যৰ্থ আছে।

উল্লেখযোগ্য যে, ভাৰতত ক্ৰমান্বয়ে সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা কমি আহিছে যদিও বিশ্বৰ উন্নত দেশ সমূহত পুনৰ ক’ৰ’নাৰ সংক্ৰমণ আৰম্ভ হোৱালৈ লক্ষ্য ৰাখি ভাৰততো শীতৰ সময়ত দ্বিতীয় সংক্ৰমণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।