NORTHEAST NOW (Assamese)

টাটা মটৰ্ছে মুকলি কৰিলে ভাৰতৰ সৰ্ববৃহৎ টিপাৰ ট্ৰাক ছিগনা.৪৮২৫ টি কে

August 13, 2020 4:20 pm · এন ই নাও নিউজ

ভাৰতৰ অগ্ৰণী বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে আজি ভাৰতবৰ্ষত সৰ্বপ্ৰথম ৪৭.৫ টন ওজনৰ মাল্টি এক্সেল টিপাৰ ট্ৰাক ছিগনা ৪৮২৫.টি কে ৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে।

মূলত কয়লা আৰু অন্যান্য নিৰ্মাণ খণ্ডৰ সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি নিৰ্মাণ কৰা চিগনা ৪৮২৬. টি কেৰ ২৯ কিউবিক মিটাৰ বক্সে অন্যান্য বাহনৰ তুলনাত অধিক ওজন কঢ়িয়াবলৈ সক্ষম হ’ব।

সদ্য মুক্তি প্ৰাপ্ত বাণিজ্যিক বাহনখন গ্ৰাহকৰ উচ্চ উৎপাদনশীলতা আৰু দ্ৰুত টাৰ্ণ ৰাউণ্ডৰ চাহিদা পূৰণৰ উদ্দেশ্য আগত ৰাখি ডিজাইন কৰা হৈছে।

বাহনখন নিৰ্মাণৰ ক্ষেত্ৰত টাটা মটৰ্ছে পাৱাৰ্ছৰ ৬ টা ফিলশ্বপীৰ লগতে উচ্চ আয়, স্বত্বাধিকাৰীৰ নিম্ন ব্যয়, উন্নত প্ৰদৰ্শন, চালকৰ সুৰক্ষা আৰু উচ্চ সুবিধাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

কামিন্স ISBe ৬.৭ লিটাৰ Bs6 ইঞ্জিনযুক্ত,২৫০hp ৰেটিং আৰু ১০০০-১৭০০ rpm সৈতে ৭৫০ Nm ৰেটিঙৰ বাহনখনে দ্ৰুত টাৰ্ণ অভাৰ নিশ্চিত কৰিছে।

শক্তিশালী বাহনখনত হেভিডিউটি জি ১১৫০-৯ স্পীডৰ গিয়েৰ বস্কৰ লগত ৪৩০ এম এম ডিয়া অৰগেনিক ক্লাচ সংলগ্ন কৰা হৈছে।

Related News