বিক্ৰী হ’ল এয়াৰ ইণ্ডিয়া, টাটাই লাভ কৰিলে এয়াৰ ইণ্ডিয়াৰ নিবিদা

Air India

দেশৰ সকলো ৰাজহুৱা সম্পদ পুঁজিপতিৰ হাতত এটা এটাকৈ তুলি দিয়াৰ পাছত মোদী চৰকাৰে এইবাৰ বিক্ৰী কৰিলে ৰাষ্ট্ৰীয় বিমান সেৱা এয়াৰ ইণ্ডিয়া।

শুকুৰবাৰে মুম্বাইস্থিত টাটা গ্ৰুপে লাভ কৰিছে এয়াৰ ইণ্ডিয়াৰ নিবিদা। টাটা গ্ৰুপে ১৮,০০০ কোটি টকাৰ বিজয়ী নিবিদা ৰাখিছিল।

এয়াৰ ইণ্ডিয়াৰ লগত টাটা গ্ৰুপৰ ওপৰত প্ৰায় ১৫,৩০০ কোটি টকাৰ ঋণলব্ধ হ’ব বুলি জনাইছে বিনিয়োগ আৰু ৰাজহুৱা সম্পদ ব্যৱস্থাপনা বিভাগৰ সচিব তুহিন কান্তা পাণ্ডেয়ে। বাকী ২,৭০০ কোটি টকা চৰকাৰক নগদ ধনপৰিশোধ কৰিব টাটা গ্ৰুপে।

এই বছৰৰ ডিচেম্বৰৰ ভিতৰত ইয়াৰ সম্পূৰ্ণ প্ৰক্ৰিয়া সমাপ্ত হ’ব বুলি আশা কৰা হৈছে।

বিক্ৰীৰ পৰিসৰত এয়াৰ ইণ্ডিয়াত চৰকাৰৰ ১০০ শতাংশ অংশ আৰু কম ব্যয়ৰ এয়াৰলাইন এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ লিমিটেডত এয়াৰলাইনৰ ১০০ শতাংশ আৰু এয়াৰ ইণ্ডিয়া এণ্ড ছিংগাপুৰ এয়াৰপৰ্ট টাৰ্মিনেল চাৰ্ভিছেচ(SATS) এয়াৰপৰ্ট চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডত ৫০ শতাংশ অংশীদাৰীত্ব অন্তৰ্ভুক্ত আছে।

যোৱা মাহত ৰখা এয়াৰ ইণ্ডিয়াৰ বিত্তীয় নিবিদাত টাটা গ্ৰুপে স্পাইচজেটৰ প্ৰচাৰক অজয় সিঙক অতিক্ৰম কৰিছিল। অজয় সিং কনচৰ্টিয়ামে ১৫,১০০ কোটি টকা নিবিদা দাখিল কৰিছিল।

এই মাহৰ আৰম্ভণিতে দুয়োজন নিবিদাকাৰীৰ প্ৰতিনিধিসকলক দুবাৰকৈ বৈঠকৰ বাবে আহ্বান জনোৱা হৈছিল। এই বৈঠকত এয়াৰ ইণ্ডিয়াৰ বিভিন্ন দায়বদ্ধতাৰ বিষয়ে দীৰ্ঘম্যাদী দৃষ্টিভংগী লোৱাত সহায় কৰিবলৈ আৰু সেই অনুসৰি পুঁজিৰ পৰিকল্পনা কৰাত সহায় কৰিবলৈ শ্বেয়াৰ-ক্ৰয় চুক্তিৰ বিষয়ে আলোচনা কৰা হৈছিল।

এই সিদ্ধান্তটো এয়াৰ ইণ্ডিয়া স্পেচিফিক অলটাৰ্নেটিভ মেকানিজম(AISAM)ৰ দ্বাৰা অনুমোদন জনোৱা হৈছে। ই হৈছে গৃহ মন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত মন্ত্ৰীৰ এটা গোট যাক এয়াৰলাইনৰ বিবিনিয়োগৰ বিষয়ে সিদ্ধান্ত ল’বলৈ গঠন কৰা হৈছিল।

গৃহমন্ত্ৰীৰ উপৰিও, AISAM ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া সদস্য হিচাপে আছে।

২০০১ আৰু ২০১৮ চনত দুটা অসফল চেষ্টাৰ পিছত ৰাষ্ট্ৰীয় বিমান সেৱটো বিক্ৰী কৰাৰ এইটো ভাৰত চৰকাৰৰ তৃতীয় প্ৰয়াস আছিল।

দ্বিতীয় প্ৰচেষ্টাত লোকচানত থকা এয়াৰলাইনৰ বাবে এটাও নিবিদা দিয়া হোৱা নাছিল। সেয়ে কেন্দ্ৰই বিক্ৰীৰ বাবে প্ৰয়োজনীয় মাপকাঠিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সৈতে যোৱা বছৰৰ আৰম্ভণিতে এয়াৰ ইণ্ডিয়াক পুনৰ বিক্ৰীৰ চৰ্চালৈ আনিছিল।

উল্লেখ্য যে ১৯৩২ চনত টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়া প্ৰতিষ্ঠা কৰিছিল। ১৯৫৩ চনত ইয়াক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। ইয়াৰ পিছত টাটাই বিগত কেইবাটাও সময়ত এয়াৰলাইন অধিগ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।