DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাপৰ চাহ বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনত বাধা বাগিচা কৰ্তৃপক্ষৰ

আছাৰ ধুবুৰী জিলা সমিতিয়ে ৰাইজৰ সহযোগত নিজাববীয়াকৈ আৰম্ভ কৰিলে আদৰ্শ বিদ্যালয় নিৰ্মাণৰ কাম

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 25, 2021 2:39 pm
166
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ১১৯খন চাহ বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপৰ অংশ অনুসৰি যোৱা ২০২০ চনৰ ২ নৱেম্বৰত চাপৰ চাহ বাগিচাৰ বীৰচা মুণ্ডা ষ্টেডিয়ামৰ সমীপত বিলাসীপাৰা পূব সমষ্টিৰ তদানীন্তন বিধায়ক অশোক কুমাৰ সিংহীয়ে ধুবুৰীৰ উপায়ুক্তৰ উপস্থিতিত বিদ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল।

কিন্তু আধাৰশিলা স্থাপনৰ পিছৰে পৰা চাপৰ চাহ বাগিচা কৰ্তৃপক্ষই ৰহস্যজনক কাৰণত উক্ত স্থানত বিদ্যালয় নিৰ্মাণত বাৰম্বাৰ বাধা দি থকাত লোক নিৰ্মাণ বিভাগ তথা সংশ্লিষ্ট ঠিকাদাৰজনে প্ৰায় কোটি টকীয়া বিদ্যালয়খনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পৰা নাই।

উক্ত স্থানতে বিদ্যালয়খন নিৰ্মাণৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ কেন্দ্ৰীয় উপ সভাপতি ৰেজান হৰই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি তেওঁৰ হস্তক্ষেপ কামনা কৰিছিল।

লগতে আছাৰ ধুবুৰী জিলা সমিতিয়ে এই সন্দৰ্ভত কে’বাবাৰো ধুবুৰীৰ উপায়ুক্তকো সাক্ষাৎ কৰে।কিন্ত বিদ্যালয় নিৰ্মাণৰ কামটো বিভাগীয়ভাবে আজিলৈকে আৰম্ভ নোহোৱাত আছাৰ ধুবুৰী জিলা সমিতিয়ে উল্লিখিত স্থানতে চাপৰ চাহ বাগিচাৰ আদিবাসী ৰাইজৰ সহযোগত নিজাববীয়াকৈ আদৰ্শ বিদ্যালয় নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰে।
আছাৰ কেন্দ্ৰীয় উপ-সভাপতি ৰেজান হৰ’ই আজি পুৱা প্ৰায় ১১বজাত উল্লিখিত স্থানতে বিদ্যালয় নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে।
সাংবাদিকৰে হোৱা বাৰ্তালাপত আছা নেতা ৰেজান হৰই কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ধুবুৰীৰ উপায়ুক্ত অন্বমুথন এম পিৰ আশীৰ্বাদ মূৰত লৈ আছাই ৰাইজৰ সহযোগত আজিৰে পৰা বিদ্যালয় নিৰ্মাণৰ কাম হাতত লৈছে।

হৰই লগতে কয় ”আমি ইয়াত মদৰ দোকান খুলিবলৈ অহা নাই কিম্বা মাওবাদীৰ প্ৰশিক্ষণ কেন্দ্ৰও খুলিবলৈ অহা নাই।আদিবাসী সমাজত শিক্ষাৰ পৰিবেশ গঢ়ি উঠাৰ বাবে বিদ্যালয়হে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছো”।

লগতে তেওঁ আছাৰ এক নিৰৱচ্ছিন্ন আন্দোলৰ পৰিণতিত লাভ কৰা এই চৰকাৰী আদৰ্শ বিদ্যালয়খন স্থাপনত ষৰযন্ত্ৰমূলকভাবে বাধা প্ৰদান কৰা বাগিচাখনৰ মালিক তথা আজ্ঞাবাহী মেনেজাৰজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈও চৰকাৰক দাবী জনায়।

ধুবুৰী জিলা আছাৰ সভাপতি গুলাপ চিক ব্ৰাইকে আঁত ধৰা এই আধাৰশিলা স্থাপন অনুষ্ঠানত ধুবুৰী জিলা আছাৰ সাধাৰণ সম্পাদক ৰাজেশ কুজুৰ , গাওঁ বুঢ়া চিমন বাগে , পঞ্চায়ত সভাপতি জুণুল বাগে , পুষ্পেশ্বৰ হৰো , প্ৰমুখ্যে কেবা গৰাকী বিশিষ্ট ব্যক্তি , আছা ৰ সদশ্য আৰু কণ কণ ছাত্ৰ ছাত্ৰী উপস্থিত থাকি এই কামৰ প্ৰতি শলাগ লয় । আৰু কোনো ধৰণৰ যাতে বাধাৰ সৃষ্টি নহয় তাৰো কামনা কৰে।

Recent News

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd