• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ৰ চাহ বাগিচাসূমহত বিপুল হাৰত ভোটদান : কাৰ সপক্ষে পৰিছে ভোট?

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
March 27, 2021 9:17 pm
IMG-20210327-WA0128
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচন ২০২১ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত উজনি অসমৰ ডিব্ৰুগড় জিলাৰ চাহ বাগিচাসমূহত বিপুল হাৰত ভোটদান কৰা পৰিলক্ষিত হয়।

চাহ বাগিচাৰ শ্ৰমিকসকলে পুৱা ৬ বজাৰ পৰাই ডিব্ৰুগড় জিলাৰ বিধানসভা সমষ্টিসমূহৰ চাহ বাগিচা অধ্যুষিত ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটদান কৰিবলৈ উপস্থিত হোৱা দেখা গ’ল।

Apply Now

বাগিচাসমূহত ব্যাপক হাৰত হোৱা ভোটদানে ৰাজনৈতিক দলসমূহৰ জিলাখনৰ প্ৰাক নিৰ্বাচনী সমীক্ষাত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ২০১৬ বিধানসভাৰ নিৰ্বাচনত চাহ বাগিচাৰ ভোট কংগ্ৰেছৰ পৰা খহনীয়া হৈ বিজেপিত পৰা বাবে চাহ বাগিচা অধ্যুষিত সমষ্টিসমূহত বিজেপিয়ে ভাল ফলাফল দেখুওৱাবলৈ সক্ষম হৈছিল।

চাহ শ্ৰমিকৰ দৈনিক মজুৰি সামান্য বৃদ্ধি কৰাৰ ফলত এইবাৰো চাহ বাগিচাৰ ভোট বিজেপিৰ পক্ষতে থাকিব বুলি ধাৰণা কৰা হৈছিল যদিও এই অংকত আউল লগাৰ সম্ভাৱনা নথকা নহয়।

বিশেষকৈ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে উজনি অসমত দলে বলে এমাহৰো অধিক কাল বাহৰ পাতি চাহ বাগিচাসমূহত প্ৰচাৰ চলাই অহা পৰিলক্ষিত হৈছে।

কংগ্ৰেছৰ পাঁচ গেৰাণ্টিৰ সৈতে ভূপেশ বাঘেলৰ দলটোৱে বাগিচাসমূহত কংগ্ৰেছৰ সপক্ষে চলোৱা নিৰ্বাচনী প্ৰচাৰ কিমান ফলপ্ৰসূ হয় সেয়া নিৰ্বাচনৰ ফলাফল উলোৱাৰ পিছত স্পষ্ট হ’ব যদিও এই প্ৰচাৰে বাগিচাসমূহত বিশেষ প্ৰভাৱ পেলোৱা বুলি ধাৰণা কৰা হৈছে। ফলত বাগিচাসমূহৰ ভোট বিভাজন হোৱাৰ সম্ভাৱনা আছে।

ইফালে আজি ভোটদান কৰি যথেষ্ট উৎফুল্লিত হোৱা দেখা গৈছে চাহ বাগিচাৰ ভোটাৰসকলক।

“৬ বজাৰ পৰা চাউলখোৱা ভোটদান কেন্দ্ৰত ভোটদানৰ বাবে শাৰী পতাৰ পিছত মই ভোটদান কৰো। যাৰেই চৰকাৰে গঠন নহওক কিয় তেওঁলোকে আমাক সুৰক্ষা দিব বুলি আশা কৰো।” পঞ্চিমা বাৰিক নামৰ ভোটাৰ গৰাকীয়ে সাংবাদিকৰ আগত কয়।

জীৱনৰ প্ৰথমবাৰ ভোটদান কৰা ৰেণুকা ওৰাঙে কয় “প্ৰথমবাৰ ভোটদান কৰি মই সুখী। মই আমাৰ চাহ বাগিচাৰ মানুহৰ উন্নয়ন হোৱাটো বিচাৰো।”

ইফালে ডিব্ৰুগড় জিলাৰ সাতটা বিধানসভা সমষ্টিতে শান্তি পূৰ্ণভাৱে ভোটদান সম্পন্ন হয়।

জিলা নিৰ্বাচন বিষয়াৰ তথ্য অনুসৰি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ১১৫ নং মৰাণ বিধানসভা সমষ্টিত ৭৫%, ১১৬ নং ডিব্ৰুগড় সমষ্টিত ৭৪.৬৭%, ১১৭ নং লোহোৱাল সমষ্টিত ৭৭%, ১১৮ নং দুলিয়াজান সমষ্টিত ৭৭%, ১১৯ নং টিংখাং সমষ্টিত ৭৪% আৰু ১২১ নং চাবুৱা সমষ্টিত ৭৬.৫% ভোটদান হয়।

আনহাতে মাজুলীৰ পৰা ডিব্ৰুগড়লৈ আহি মখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ ১৬১ নং সাহিত্যৰথী বেজবৰুৱা ভৱন ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰি বিজেপিৰ বিজয় এশ শতাংশ নিশ্চিত বুলি দাবী কৰে।

জিলাখনৰ ৭ টা বিধানসভা সমষ্টিত মুঠ ১০,৭০,১৮৮ গৰাকী ভোটাৰ আছে আৰু ইয়াৰে ৫,৩১,৫১৩ গৰাকী পুৰুষ, ৫,৩৮,৬৭২ গৰাকী মহিলা আৰু ৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

২২৮ টা অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰসহ ১,৫১৪ টা ভোটগ্ৰহণ কেন্দ্ৰত ১,৮১৭ গৰাকী প্ৰিজাইডিং বিষয়াৰ লগতে ৭,২৬৮ গৰাকী পুলিং বিষয়াই জিলাখনৰ আজি ভোটদান প্ৰক্ৰিয়াত নিয়োজিত হৈছিল।

Tags: Assam Election
অভীক চক্ৰৱৰ্তী

অভীক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm
‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm
‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd