• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বনাঞ্চলৰ মাটি বেদখলক লৈ জাগুনত উত্তপ্ত পৰিস্থিতি

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , March 14, 2019 10:37 pm

2 min read

বনাঞ্চলৰ মাটি বেদখলক লৈ জাগুনত উত্তপ্ত পৰিস্থিতি
420
VIEWS
Share on FacebookShare on Twitter

ডিগবৈ বন সংমণ্ডল অধীনৰ জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত টিংকুপানী সংৰক্ষিত বনাঞ্চলত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বনাঞ্চলখনৰ প্ৰায় এক হেক্টৰ মাটিত আদিবাসী জনগোষ্ঠীৰ লোকসকলে দখল কৰাৰ বাবে চেষ্টা চলোৱাক কেন্দ্ৰ কৰিয়েই উক্ত পৰিস্থিতিৰ সৃষ্টি হয়।

আজি পুনৰ পুৱাই প্ৰায় শতাধিক লোকে জাগুন আঞ্চলিক বন বিভাগৰ জাগুন টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় এক হেক্টৰ মাটিত মূল্যবান গছ-গছনি কাটি তহিলং কৰে।

উল্লেখযোগ্য যে যোৱা কেইমাহমানৰ পূৰ্বে জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত জাগুন ১০ মাইলৰ এখন সংৰক্ষিত বনাঞ্চলত প্ৰায় শতাধিক লোকে বনাঞ্চলৰ মাটি দখল কৰিবলৈ চেষ্টা চলাইছিল যদিও প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়া উপস্হিত হৈ আদিবাসীসকলক আন ঠাইত বসবাস কৰিবলৈ সুবিধা প্ৰদান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত তেওঁলোকে বনাঞ্চল বেদখল কৰাৰ পৰা বিৰত থাকে।

কিন্তু আজি পৰ্যন্ত প্ৰশাসনে সেই প্ৰতিশ্ৰুতি ৰূপায়ন নকৰাত গৃহহাৰা হৈ পৰা আদিবাসীসকলে আজি পুনৰ একে পদক্ষেপ ল’বলৈ বাধ্য হয়। অৱশ্যে ইয়াৰ খবৰ পাই লেখাপানী আৰক্ষী, জাগুন আৰক্ষী আৰু জাগুন আঞ্চলিক বন বিভাগৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ বেদখলৰ চেষ্টা চলোৱা আদিবাসী লোকসকলক বাধা আৰোপ কৰে।

উল্লেখযোগ্য যে প্ৰায় ৩০-৩৫ বছৰ ধৰি গৃহহাৰা হৈ থকা আদিবাসীসকলে কেইবাবাৰো সংশ্লিষ্ট বিভাগ তথা অসম চৰকাৰক বাস কৰিবলৈ এডোখৰ ঠাই বিচাৰি স্মাৰকপত্ৰ দি আহিছে যদিও বৰ্তমানলৈকে অসম চৰকাৰে কোনো পদক্ষেপ হাতত লোৱা নাই।

চাহ বাগিচাৰ মালিকে তেওঁলোকক বাগিচাৰ পৰা আঁতৰাই পঠোৱাত গৃহহাৰা হৈ উপায়ন্তৰ হৈ আজি এই পদক্ষেপ ল’বলৈ বাধ্য হয় বুলি প্ৰশাসনৰ লোকক অৱগত কৰি অনতিপলমে  অসম চৰকাৰক গৃহহাৰা হৈ থকা প্ৰতিটো আদিবাসী পৰিয়ালক এডোখৰকৈ ঠাই  প্ৰদান কৰাৰ দাবী জনায়। অন্যথা পুনৰ বনাঞ্চল বেদখল কাৰ্য্যত লিপ্ত হ’ব বুলি হুংকাৰ দিয়ে।

Recent News

a black t

ব্লেক টি হ’ব চীনৰ ই-কমাৰ্চ প্লেটফৰ্মত বিপণন হবলগীয়া ম্যানমাৰৰ প্ৰথম চাহ

Rhino

চতিয়াত গঁড়ৰ মুক্ত বিচৰণ; গঁড়টোৰ গতিবিধিত তীক্ষ্ণ দৃষ্টি ৰাখিছে বন বিভাগৰ লোকে

-uri

গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীৰে সংযুক্ত গাৰো স্বায়ত্ব পৰিষদ সংগ্রাম সমিতিৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

SC defers hearing on Centre's plea against f

কৃষকৰ ট্ৰেক্টৰ ৰেলী: স্থগিতাদেশ জাৰি নকৰি উচ্চতম ন্যায়ালয়ে দায়িত্ব এৰিলে দিল্লী আৰক্ষীৰ ওপৰত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd