NORTHEAST NOW (Assamese)

বনাঞ্চলৰ মাটি বেদখলক লৈ জাগুনত উত্তপ্ত পৰিস্থিতি

March 14, 2019 10:37 pm · মানস প্ৰতিম গগৈ

ডিগবৈ বন সংমণ্ডল অধীনৰ জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত টিংকুপানী সংৰক্ষিত বনাঞ্চলত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বনাঞ্চলখনৰ প্ৰায় এক হেক্টৰ মাটিত আদিবাসী জনগোষ্ঠীৰ লোকসকলে দখল কৰাৰ বাবে চেষ্টা চলোৱাক কেন্দ্ৰ কৰিয়েই উক্ত পৰিস্থিতিৰ সৃষ্টি হয়।

আজি পুনৰ পুৱাই প্ৰায় শতাধিক লোকে জাগুন আঞ্চলিক বন বিভাগৰ জাগুন টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় এক হেক্টৰ মাটিত মূল্যবান গছ-গছনি কাটি তহিলং কৰে।

উল্লেখযোগ্য যে যোৱা কেইমাহমানৰ পূৰ্বে জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত জাগুন ১০ মাইলৰ এখন সংৰক্ষিত বনাঞ্চলত প্ৰায় শতাধিক লোকে বনাঞ্চলৰ মাটি দখল কৰিবলৈ চেষ্টা চলাইছিল যদিও প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়া উপস্হিত হৈ আদিবাসীসকলক আন ঠাইত বসবাস কৰিবলৈ সুবিধা প্ৰদান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত তেওঁলোকে বনাঞ্চল বেদখল কৰাৰ পৰা বিৰত থাকে।

কিন্তু আজি পৰ্যন্ত প্ৰশাসনে সেই প্ৰতিশ্ৰুতি ৰূপায়ন নকৰাত গৃহহাৰা হৈ পৰা আদিবাসীসকলে আজি পুনৰ একে পদক্ষেপ ল’বলৈ বাধ্য হয়। অৱশ্যে ইয়াৰ খবৰ পাই লেখাপানী আৰক্ষী, জাগুন আৰক্ষী আৰু জাগুন আঞ্চলিক বন বিভাগৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ বেদখলৰ চেষ্টা চলোৱা আদিবাসী লোকসকলক বাধা আৰোপ কৰে।

উল্লেখযোগ্য যে প্ৰায় ৩০-৩৫ বছৰ ধৰি গৃহহাৰা হৈ থকা আদিবাসীসকলে কেইবাবাৰো সংশ্লিষ্ট বিভাগ তথা অসম চৰকাৰক বাস কৰিবলৈ এডোখৰ ঠাই বিচাৰি স্মাৰকপত্ৰ দি আহিছে যদিও বৰ্তমানলৈকে অসম চৰকাৰে কোনো পদক্ষেপ হাতত লোৱা নাই।

চাহ বাগিচাৰ মালিকে তেওঁলোকক বাগিচাৰ পৰা আঁতৰাই পঠোৱাত গৃহহাৰা হৈ উপায়ন্তৰ হৈ আজি এই পদক্ষেপ ল’বলৈ বাধ্য হয় বুলি প্ৰশাসনৰ লোকক অৱগত কৰি অনতিপলমে  অসম চৰকাৰক গৃহহাৰা হৈ থকা প্ৰতিটো আদিবাসী পৰিয়ালক এডোখৰকৈ ঠাই  প্ৰদান কৰাৰ দাবী জনায়। অন্যথা পুনৰ বনাঞ্চল বেদখল কাৰ্য্যত লিপ্ত হ’ব বুলি হুংকাৰ দিয়ে।

Related News