DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গ্ৰামোন্নয়ন আৰু জনসংযোগৰ নিযুক্তি কেলেংকাৰি: ৰাজ্যপালক চি বি আই তদন্তৰ দাবী কংগ্ৰেছৰ

অনির্বান পাঠক by অনির্বান পাঠক
March 14, 2019 9:23 pm
14-03-19 Guwahati- Congress delegate team meets governor

গ্ৰামোন্নয়ন আৰু জনসংযোগৰ নিযুক্তি কেলেংকাৰিৰ চিবিআই তদন্ত বিচাৰি বৃহস্পতিবাৰে কংগ্ৰেছৰ এটি প্ৰতিনিধি দলে ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰে। ফটো : য়ু বি

507
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত পঞ্চায়ত ও গ্ৰামোন্নয়ন আৰু তথ্য আৰু জনসংযোগ বিভাগৰ নিযুক্তিত ব্যাপক অনিয়ম হোৱাৰ অভিযোগৰ পাছতো কেৱল আমোলা পৰ্যায়তে তদন্ত ঘোষণা কৰি দায় সাৰিব বিচাৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰখনে।

ৰাজ্যৰ হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতীয়ে অৱতীৰ্ণ হোৱা এই বিভাগকেইটাৰ অনিয়মক লৈ প্ৰাৰ্থীৰ লগতে বিভিন্ন দল-সংগঠনে ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি আহিছে। কিন্তু এই ক্ষেত্ৰত তিলমানো গুৰুত্ব দিয়া নাই সৰ্বানন্দ সোণোৱাল চৰকাৰে।

বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা প্ৰতিনিধি দলে ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি এই নিযুক্তি কেলেংকাৰিৰ বিষয়ে অৱগত কৰোৱায়। লগতে ৰাজ্যপালক ইয়াৰ চি বি আই তদন্তৰ দাবী জনাই এখন স্মাৰক পত্ৰও প্ৰদান কৰে।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসন) শৈলেন বৰাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে ৰাজ্যপালক সাক্ষাৎ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত শেহতীয়া নিযুক্তিত মন্ত্ৰী নৱ দলেৰ আত্মীয় আৰু বিজেপি নেতা কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকেহে চাকৰি পাইছে বুলি অভিযোগ কৰে।

একেদৰে জনসংযোগৰ নিযুক্তিও সম্পূৰ্ণ নীতিবহিৰ্ভূতভাৱে হোৱা বুলিও প্ৰতিনিধি দলটোৱে ৰাজ্যপালক জনায়।

উল্লেখ্য যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ৯৪৫ টা আৰু জনসংযোগৰ ৬৪ টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল। পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তিত হোৱা অনিয়ম সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পাছতেই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অতিৰিক্ত মুখ্য সচিৱ জিষ্ণু বৰুৱাক বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে। কিন্তু এই এজনীয়া তদন্ত কমিটিক লৈ আশ্বস্ত হোৱা নাই চাকৰি প্ৰাৰ্থীৰ লগতে বিভিন্ন দল-সংগঠন।

Recent News

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Independence Day

ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ

AASU Chitta Basumatary

প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd