NORTHEAST NOW (Assamese)

কিস্তিত বোনাছ নলয় চাহ শ্ৰমিকে; পূজাৰ বোনাছৰ অনিশ্চয়তা এতিয়াও আঁতৰা নাই

September 30, 2019 5:16 pm · এন ই নাও নিউজ

লোকচানৰ দোহাই দি সৰ্বনিম্ন ৮.৩৩ শতাংশ বোনাছ দিবলৈ ওলোৱা অসমৰ বাগিচা কৰ্তৃপক্ষবোৰ অৱশেষত সৰ্বাধিক ২০ শতাংশ বোনাছ দিয়াৰ বাবে সন্মত হ’ল যদিও এই বোনাছ দুই-তিনিটা কিস্তিতহে দিয়া হ’ব বুলি জানিব পাৰি প্ৰতিবাদৰ কাৰ্য্যসূচী লৈছে চাহ শ্ৰমিকসকলে।

তিনিচুকীয়া জিলাৰ মেকলয়ড ৰাছেল মালিকানাধীন মাৰ্ঘেটৰিটা চাহ বাগিচাই তিনিটা কিস্তিত, মাৰ্ঘেৰিটাৰে পাৱৈ চাহ বাগিচাই দুটা কিস্তিত (১৫% আৰু ৫%) আৰু ডুমডুমাৰ বুদলাবেটা চাহ বাগিচা, আমগুৰি চাহ বাগিচা, ষ্টুৱাৰ্ট হ’ল চাহ বাগিচা, আছাম কোম্পানি, গডৰিক আদিকে ধৰি উজনি অসমৰ কেইবাখনো বাগিচাৰ কৰ্তৃপক্ষই কিস্তি হিচাপে বোনাছ দিয়া হ’ব বুলি ইতিমধ্যে জনাই দিছিল।

প্ৰায়বোৰ বাগিচাৰ শ্ৰমিকসকলে কিস্তিত বোনাছ দিয়াৰ সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰিছে।

কিস্তিত বোনাছ দিয়াৰ সিদ্ধান্তক তেওঁলোকে মালিকপক্ষৰ এক ধৰণৰ কৌশল বুলি দাবী কৰাৰ লগতে ইয়াৰ ফলত পূজাত বোনাছৰ পৰা পাব পৰা উপকাৰৰ পৰা চাহ শ্ৰমিকসকল বঞ্চিত হ’ব বুলি জানিবলৈ দিয়ে।

দেওবাৰে মাৰ্ঘেৰিটা চাহ বাগিচাত প্ৰায় তিনি হাজাৰ চাহ শ্ৰমিকে বাগিচাখনৰ কিস্তিত বোনাছ দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

উজনি অসমৰ আন আন বাগিচাতো একেই প্ৰতিবাদী কাৰ্য্যসূচী লয় চাহ শ্ৰমিকসকলে।

অসম চাহ জনজাতি ছাত্ৰ সন্থা, চমুকৈ আটছাই (ATTSA) বাগিচা কৰ্তৃপক্ষবোৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰি সম্পূৰ্ণ বোনাছ দিবলৈ আহ্বান জনাই ইয়াৰ অন্যথাই আন্দোলনৰ ভাবুকি দিয়ে।

অহা ৪ অক্টোবৰৰ পৰা দুৰ্গা পূজা আৰম্ভ হ’ব যদিও কম মজুৰিৰে গোটেই বছৰটো চাহ বাগিচাত কঠোৰ পৰিশ্ৰম কৰা শ্ৰমিকসকলৰ বোনাছৰ এই অনিশ্চয়তা এতিয়াও আঁতৰা নাই।

২০ শতাংশকৈ বোনাছ পালে নিয়মীয়া শ্ৰমিক এজনে ১০হাজাৰ টকাৰ পৰা ২০ হাজাৰ টকাৰ বোনাছ লাভ কৰে।

Related News